চিটাৰা ডেস্ক, 8 মাৰ্চ: আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Womens Day 2023) ৷ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে তেলেগু ছুপাৰষ্টাৰ মহেশ বাবুৱে ছ’চিয়েল মিডিয়াত এটা মৰমলগা পোষ্ট শ্বেয়াৰ কৰিছে । নাৰীৰ শক্তিৰ ওপৰত আলোকপাত কৰি মহেশ বাবুৱে এই পোষ্টটো নিজৰ পত্নী নম্ৰতা শিৰোডকাৰ আৰু পৃথিৱীৰ প্ৰতিগৰাকী নাৰীৰ বাবে উৎসৰ্গা কৰিছে ।
ছুপাৰষ্টাৰগৰাকীয়ে প্ৰায়ে কৈ আহিছে যে তেওঁৰ পত্নী তথা প্ৰাক্তন অভিনেত্ৰী নম্ৰতাই তেওঁৰ শক্তিৰ স্তম্ভ । অভিনেতা গৰাকীয়ে কেইবাটাও সাক্ষাৎকাৰত পত্নীৰ বিষয়ে উল্লেখ কৰি তেওঁৰ সফলতাৰ কৃতিত্বও পত্নী নম্ৰতাক দিছিল । ২০২৩ বৰ্ষৰ নাৰী দিৱসত মহেশ বাবুৱে এক হৃদয়স্পৰ্শী পোষ্টেৰে ছুপাৰষ্টাৰগৰাকীৰ জীৱনত নম্ৰতা উপস্থিত থকাটো উদযাপন কৰা দেখা পোৱা যায় (Mahesh Babu post on International Womens Day 2023)।
ইনষ্টাগ্ৰাম ষ্ট’ৰীত ৪৭ বছৰীয়া অভিনেতাগৰাকীয়ে লিখিছে, "আজি আৰু প্ৰত্যেকটো দিনেই আপোনাৰ শক্তি, স্থিতিস্থাপকতা আৰু দৃঢ়তাক উদযাপন কৰা দিন। মোৰ পত্নী আৰু সকলো মহিলালৈ নাৰী দিৱসৰ শুভেচ্ছা জনালোঁ (Mahesh Babu Womens Day post) ।"
উল্লেখ্য যে যোৱা মাহত নম্ৰতা আৰু মহেশে ১৮ বছৰীয়া বিবাহ বাৰ্ষিকী আনন্দৰে উদযাপন কৰিছিল । মহেশ বাবুৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা পিচতেই নম্ৰতাই নিজৰ কেৰিয়াৰ ত্যাগ কৰিছিল। ঘৰখনৰ সকলো দায়িত্ব আৰু ব্যৱসায়ৰ সকলো দায়িত্ব নম্ৰতাই নিজৰ কান্ধত লয় যাতে মহেশে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব পাৰে । মহেশে তেলেগু নিউজ চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নম্ৰতাৰ ত্যাগৰ কথা স্বীকাৰ কৰে।
কৰ্মক্ষেত্ৰত মহেশ বাবুক পৰৱৰ্তী সময়ত দেখা যাব ত্ৰিবিক্ৰম শ্ৰীনিবাসৰ নেতৃত্বত নিৰ্মিত এখন ছবিত । আথাডু আৰু খালেজাৰ দৰে ছবিত একেলগে কাম কৰা অভিনেতা-পৰিচালক যুটিটো ১২ বছৰৰ পাচত পুনৰ একেলগে কাম কৰিব ৷ আংশিকভাৱে SMB28 নামেৰে নামাকৰণ কৰা আগন্তুক ছবিখনত পূজা হেগড়ে মহেশৰ লগত মুখ্য চৰিত্ৰত অভিনয় কৰিব। ২০১৯ চনৰ ব্লকবাষ্টাৰ ছবি মহাৰাশী ছবিখনৰ পিচত মহেশ আৰু পূজাৰ এইখন হ’ব দ্বিতীয়টো ছবি ।
লগতে পঢ়ক: International Womens Day: নাৰী দিৱসত চাওক নাৰীৰ সাহসিকতাৰ পৰিচয় দিয়া এইকেইখন ছবি