চিটাৰা ডেস্ক, ১১ জানুৱাৰী: শেহতীয়াকৈ স্বামী কৰণ সিং গ্ৰ’ভাৰৰ সৈতে মালদ্বীপত জন্মদিন উদযাপন কৰে বলীউডৰ অভিনেত্ৰী বিপাশা বসুৱে । অভিনেত্ৰীগৰাকীৰ জন্মদিন উদযাপনৰ বহু ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত । কিন্তু এতিয়া ছ’চিয়েল মিডিয়াৰ পৰা এই সুন্দৰ ছবিবোৰ ডিলিট কৰিবলগীয়া হ’ল এই দম্পতীয়ে ৷
দৰাচলতে মালদ্বীপৰ মন্ত্ৰীসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দর্ভত মন্তব্য কৰাৰ পাচৰে পৰা ভাৰতত মালদ্বীপ বয়কটৰ দাবী উত্থাপন হয় ৷
মালদ্বীপৰ ছবি শ্বেয়াৰ কৰি বিপদত বিপাশা-কৰণ
এনে পৰিস্থিতিত বিপাশা বসু আৰু কৰণ সিঙৰ বাবে মালদ্বীপ ভ্ৰমণ এক দুস্বপ্ন হিচাপে পৰিগণিত হ’ল । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁক মালদ্বীপত নিজৰ স্বামী আৰু কন্যাৰ সৈতে সময় কটোৱা দেখা গৈছিল । মালদ্বীপ বয়কট ট্ৰেণ্ড আৰম্ভ হোৱাৰ পাচতে এতিয়া এই দম্পতীক ব্যাপকভাৱে ট্ৰ’ল কৰে ব্যৱহাৰকাৰীয়ে ৷ বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিপাশা-কৰণক তীব্ৰ সমালোচনা কৰে । ইয়াৰ বাবেই বিপাশা আৰু কৰণে তেওঁলোকৰ সকলো পোষ্ট ডিলিট কৰিবলগীয়া হয় ।
ভাৰত বনাম মালদ্বীপ বিতৰ্ক
এই বিতৰ্ক আৰম্ভ হৈছিল প্ৰধানমন্ত্ৰী মোদীৰ লক্ষদ্বীপ ভ্ৰমণৰ পৰা । আচলতে এই ভ্ৰমণৰ সময়ত পি এম মোদীয়ে ছ’চিয়েল মিডিয়াত বহু ছবি শ্বেয়াৰ কৰিছিল, যিবোৰ ভাইৰেল হৈ পৰিছিল । ইয়াৰ পিচতে মালদ্বীপৰ মন্ত্ৰী মৰিয়াম শ্বিউনাই প্ৰধানমন্ত্ৰী মোদীৰ লক্ষদ্বীপ ভ্ৰমণক ঠাট্টা কৰি ভ্ৰমণকাৰীসকলক ভিজিট মালডিভছ ট্ৰেণ্ডৰ জৰিয়তে তেওঁৰ দেশ ভ্ৰমণ কৰিবলৈ আহ্বান জনায় । অৱশ্যে পিচত তেওঁ এই টুইটটো ডিলিট কৰে যদিও ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত আৰম্ভ হয় মালদ্বীপ বয়কট ট্ৰেণ্ড ৷
অভিনেতা ছলমান খানেও এই অভিযানত যোগদান কৰে । টুইট কৰি তেওঁ কয় যে লক্ষদ্বীপ ধুনীয়া আৰু পৰিষ্কাৰ । ছলমানৰ উপৰিও অক্ষয় কুমাৰেও প্ৰধানমন্ত্ৰী মোদীৰ সমৰ্থনত পোষ্ট শ্বেয়াৰ কৰি লক্ষদ্বীপক সমৰ্থন কৰে । তেওঁ টুইট কৰি সকলো ভাৰতীয়কে লক্ষ্যদ্বীপলৈ যাবলৈ আহ্বান জনায় ।
লগতে পঢ়ক: ভাৰত বনাম মালদ্বীপ বিতৰ্কৰ মাজতে FWICE ৰ ডাঙৰ সিদ্ধান্ত