ETV Bharat / entertainment

Isha Deol: ঈশা দেওলে মাতৃ হেমা মালিনীৰ বাবে কাম বিচাৰি ক’লে- মোৰ মাতৃৰ বাবে ভাল কিবা এটা...'

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 4:38 PM IST

পুনৰ ছবিজগতলৈ ঘূৰি আহিব বিচাৰে হেমা মালিনী ৷ কিন্তু কিছু ভাল চিত্ৰনাট্য আৰু চৰিত্ৰৰ কথাও বিবেচনা কৰি থকা বুলি প্ৰকাশ কৰিছে ঈশা দেওলে।

Hema Malini wants to comeback in Bollywood , daughter Esha Deol reveales
পুনৰ ছবিজগতলৈ ঘূৰি আহিব বিচাৰে হেমা মালিনী

চিটাৰা ডেস্ক, ১৫ ছেপ্টেম্বৰ: বলীউডৰ ‘ড্ৰিম গাৰ্ল’ হেমা মালিনীক হয়তো নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন ৷ এসময়ত নিজৰ উৎকৃষ্ট অভিনয়েৰে বলীউডত আধিপত্য বিস্তাৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷ হেমা মালিনীৰ অভিনয় শৈলীক পছন্দ কৰিছিল অনুৰাগীয়ে । আনকি আজিও বহুতৰে ড্ৰিম গাৰ্ল তেওঁ ৷ তেওঁ বহু ব্লকবাষ্টাৰ ছবিত অভিনয় কৰাৰ লগতে শোলে, সীতা ঔৰ গীতা, প্ৰতিজ্ঞা আদি ছবিত বহু জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰিছে। শ্বুটিং শেষ হোৱাৰ পাঁচ বছৰৰ পাচত ২০২০ চনত মুক্তি পোৱা ‘শিমলা মিৰ্চি’ ছবিখনত শেষবাৰৰ বাবে দেখা গৈছিল অভিনেত্ৰীগৰাকীক। অৱশ্যে এই ছবিখনৰ বাহিৰে বহু বছৰ ধৰি পৰ্দাৰ পৰা আঁতৰি আছে অভিনেত্ৰীগৰাকী ৷ কিন্তু এতিয়া তেওঁৰ কন্যা ঈশা দেওলে প্ৰকাশ কৰিছে যে হেমা মালিনীয়ে পুনৰ ছবিজগতত কাম কৰিব বিচাৰে ৷ কিন্তু কিছু ভাল চিত্ৰনাট্য আৰু চৰিত্ৰৰ কথা বিবেচনা কৰিছে।

হেমা মালিনীৰ ছবিজগতলৈ ঘূৰি অহাৰ সন্দৰ্ভত ঈশা দেউলে কি ক’লে ?

শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ঈশা দেওলে কয় যে তেওঁ নিজৰ মাতৃ হেমা মালিনীক ছবিজগতলৈ ঘূৰি আহিবলৈ জোৰ দিছে। ঈশাই কয়, “মই এয়া সদায়ে কৈ আহিছোঁ ! আচলতে তেওঁৰো আকৌ চিনেমা কৰিবলৈ মন যায় ।” লগতে ঈশাই কয় যে হেমা মালিনীয়ে নিজেই কামবেক কৰিব বিচাৰে আৰু লগতে কিছুমান ভাল চিত্ৰনাট্যও পঢ়ি আছে। ঈশাই কয়, “তেওঁ কিছুমান ভাল ভূমিকা আৰু চিত্ৰনাট্য চাই আছে। তেওঁ এনেকুৱা এগৰাকী মানুহ যিয়ে কয় যে সঁচাকৈয়ে ভাল কিবা এটা আহিলেহে তেওঁ পুনৰ পৰ্দালৈ ঘূৰি আহিব অৰ্থাৎ কেমেৰাৰ সন্মুখলৈ উভতি আহিব । কাৰোবাৰ হাতত যদি মোৰ মাতৃৰ বাবে ভাল কিবা আছে তেন্তে ফোন কৰিব পাৰে ।’’

ঈশা দেওলৰ ৱৰ্কফ্ৰন্ট

শেহতীয়াকৈ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত নন-ফিচাৰ ফিল্ম শাখাত ঈশা দেওলৰ চুটি ছবি ‘এক দোৱা’ই বিশেষ উল্লেখ লাভ কৰিছে । ২০২১ চনত মুক্তি লাভ কৰিছিল ‘এক দোৱা’ । অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল ৱেব ছিৰিজ ‘হাণ্টাৰ: টুটেগা নহি তোড়েগা’ত, য’ত সুনীল শ্বেট্টীয়েও অভিনয় কৰিছিল । অজয় দেৱগণ আৰু ৰাশী খান্নাৰ সহ অভিনীত ‘ৰুদ্ৰ: দ্য এজ অৱ ডাৰ্কনেছ’ ধাৰাবাহিকতো দেখা গৈছিল ঈশাক ।

লগতে পঢ়ক: Sunny Deol: ৮৭ বছৰীয়া ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱনতি! এই সন্দৰ্ভত কি ক’লে ছানী দেওল আৰু হেমা মালিনীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.