ETV Bharat / entertainment

১২th fail ছবিখনে মোহিলে কংগনা ৰনৌতক, বিক্ৰান্ত মচ্ছীৰ প্ৰশংসাত অভিনেত্ৰীগৰাকীয়ে ক’লে এই ডাঙৰ কথা

author img

By ANI

Published : Jan 5, 2024, 12:01 PM IST

Kangana Ranaut : যোৱা বছৰ মুক্তি পোৱা ‘১২th fail’ ছবিখনৰ অনুৰাগী হৈ পৰিছে কংগনা ৰনৌত । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত বিক্ৰান্ত মচ্ছী আৰু তেওঁৰ ছবিখনৰ প্ৰশংসা কৰিছে ।

"He might fill the void Irfan Khan left behind": Kangana praises Vikrant's performance in '12th Fail'
‘১২th fail’ৰ প্ৰশংসাত পঞ্চমুখ কংগনা

চিটাৰা ডেস্ক, ৫ জানুৱাৰী : ২০২৩ চনত মুক্তি পোৱা বিক্ৰান্ত মচ্ছী অভিনীত ‘১২th fail’এ দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰাৰ লগতে ছবিখনে বক্স অফিচতো এক সুন্দৰ উপাৰ্জন লাভ কৰিছে । বহু চেলিব্ৰিটিয়ে ছবিখনত বিক্ৰান্ত মচ্ছিৰ অভিনয়ক প্ৰশংসা কৰিছে ৷ এতিয়া বলীউডৰ কুইন কংগনা ৰনৌতেও ‘১২th fail’ আৰু বিক্ৰান্তৰ অভিনয়ক প্ৰশংসা কৰিছে । কেৱল এয়াই নহয়, প্ৰয়াত অভিনেতা ইৰফান খানৰ সৈতে বিক্ৰান্তক তুলনা কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

‘১২th fail’ৰ প্ৰশংসাত পঞ্চমুখ কংগনা

‘১২th fail’ৰ প্ৰশংসাত পঞ্চমুখ কংগনা

‘১২th fail’ ত বিক্ৰান্তৰ অভিনয়ক প্ৰশংসা কৰি কংগনাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্টত লিখিছে, "কি আচৰিত ছবি... হিন্দী মাধ্যম হোৱাৰ বাবে মই এখন গ্ৰাম্য গাঁৱৰ পৰা আহিছো আৰু স্কুলীয়া দিনবোৰত কোনো ৰিজাৰ্ভেচন নোহোৱাকৈ প্ৰৱেশ পৰীক্ষাৰ বাবে জেনেৰেল কাষ্টৰ শিক্ষাৰ্থী হোৱাৰ বাবেই, মই ছবিখন চাই কান্দিছো, এখন বিমানত মই কেতিয়াও ইয়াৰ পূৰ্বে কেতিয়া ইমান কন্দা নাছিলো ৷ মোৰ সহযাত্ৰীসকলে মোক চিন্তিত দৃষ্টিৰে চাই আছিল, মই লাজ পাইছিলো ।’’

‘১২th fail’ৰ প্ৰশংসাত পঞ্চমুখ কংগনা

ইৰফান খানৰ শূন্যতা পূৰণ কৰিব পাৰে বিক্ৰান্তে

পৰৱৰ্তী ষ্ট’ৰীত অভিনেত্ৰীগৰাকীয়ে লিখিছে, "বিধু ছাৰে আকৌ এবাৰ মোৰ হৃদয় জয় কৰিছে । বিক্ৰান্ত মচ্ছীয়ে খুব আচৰিত অভিনয় কৰিছে ! আগন্তুক বছৰবোৰত তেওঁ ইৰফান খান চাহাবৰ অভাৱ পূৰণ কৰিব ! প্ৰিয়, আপোনাৰ প্ৰতিভাক প্ৰণাম ।’’

‘১২th fail’ৰ প্ৰশংসাত পঞ্চমুখ কংগনা
‘১২th fail’ৰ প্ৰশংসাত পঞ্চমুখ কংগনা

বক্স অফিচত ‘১২th fail’ৰ উপাৰ্জন

উল্লেখ্য যে, ‘১২th fail’ পৰিচালনা কৰিছে বিধু বিনোদ চোপ্ৰাই । এইখন কম বাজেটৰ ছবি । নূন্যতম ২০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা হৈছিল । এই ছবিখনে বিশ্বব্যাপী বক্স অফিচত ৬৬ কোটি টকা উপাৰ্জন কৰিছে । শেহতীয়াকৈ হটষ্টাৰত আৰু লগতে অ’টিটি প্লেটফৰ্মত মুক্তি পোৱা এই ছবিখনে দৰ্শকৰ পৰাও প্ৰচণ্ড সঁহাৰি লাভ কৰিছে । আই পি এছ বিষয়া মনোজ কুমাৰৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি ‘১২th fail’ ।

লগতে পঢ়ক: মাতৃ হ’বলৈ ওলাইছে দক্ষিণৰ অভিনেত্ৰী অমলা পল, বেবী বাম্প প্ৰদৰ্শন কৰি অনুৰাগীক দিলে এই সুখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.