চিটাৰা ডেস্ক, 23 আগষ্ট : Dil Vil Pyaar Vyar Main Kya Jaanoon Re... গীতটি বাজিলেই মনলৈ আহে লতা মংগেশকাৰৰ কণ্ঠত কিদৰে মন পৰশা অভিনয় কৰি ছাইৰা বানুৱে গীতটিত প্ৰাণ ঢালিছিল ৷ কাৰোৰে সৈতে তুলনা নহয় 60-70 দশকৰ এইগৰাকী অভিনেত্ৰীৰ সৌন্দৰ্য ৷ সেই ছাইৰা বানুৰে আজি 78 সংখ্যক জন্মদিন (Saira Banu birthday) ।
1944 চনৰ 23 আগষ্টত উত্তৰাখণ্ডৰ মছুৰীত জন্মগ্ৰহণ কৰিছিল ছাইৰা বানুয়ে ৷ ছাইৰা বানুৰ দুটা চৰিত্ৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰে ৷ সেই চৰিত্ৰ দুটা হ’ল প্ৰীতি আৰু পুনম ৷ Shagird শীৰ্ষক ছবিখনত অভিনেত্ৰী গৰাকীয়ে এগৰাকী সহজ-সৰল গাঁৱৰ ছোৱালী পুনমৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল ৷ আনহাতে Purab Aur Paschim শীৰ্ষক ছবিখনত এগৰাকী তেজাল যুৱতীৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকক আচৰিত কৰি তুলিছিল ৷
আজি এই নিখুঁত শিল্পী গৰাকীৰ জন্মদিন বিশেষ দিনটোত চাওঁ আহক তেওঁৰ অভিনীত কেইটামান বিশেষ চৰিত্ৰ-
Junglee 1961:
সুবোধ মুখাৰ্জীৰ দ্বাৰা প্ৰযোজনা আৰু পৰিচালিত এই ছবিখনত শংকৰ-জয়কিষণৰ সংগীত আৰু শৈলেন্দ্ৰ আৰু হছৰত জয়পুৰীৰ গীতৰ কথা আছে । ছবিখনত অভিনয় কৰিছে শাম্মী কাপুৰ, ললিতা পাৱাৰ, শশীকলা, অনুপ কুমাৰ আৰু অসিত সেনে । ছাইৰা বানুৱে প্ৰথম ছবিখনেৰেই শ্ৰেষ্ঠ অভিনেত্ৰী শাখাত ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছিল ।
Shagird 1967:
জয় মুখাৰ্জী আৰু ছাইৰা বানুৱে অভিনয় কৰা সমীৰ গাংগুলীৰ পৰিচালনাত নিৰ্মিত হোৱা এইখন এখন কমেডী হিন্দী ছবি । জয় মুখাৰ্জীয়ে নগৰীয়া ল’ৰাৰ চৰিত্ৰত অভিনয় কৰা এই ছবিখনত গাঁৱৰ এগৰাকী সহজ সৰল ছোৱালীৰ চৰিত্ৰত দেখা গৈছিল ছাইৰা বানুক ।
Padosan 1968:
এই ছবিখনত ছাইৰা বানুৰ সৈতে মুখ্য চৰিত্ৰত আছিল সুনীল দত্ত । ধেমেলীয়া কমেডী ছবিখনত সুনীল দত্তৰ চৰিত্ৰটোৰ নাম আছিল ভোলা আৰু ছাইৰা বানুৰ চৰিত্ৰটোৰ নাম আছিল বিন্দু । ইয়াৰ লগতে কিশোৰ কুমাৰেও ছবিখনত বিদ্যাপতি গুৰুজীৰ চৰিত্ৰত অভিনয় কৰিছিল ।
Purab Aur Paschim 1970:
এই ছবিখনত বিনোদ খান্না, অশোক কুমাৰ, ছাইৰা বানু, ওম প্ৰকাশ, প্ৰেমচোপ্ৰাকে আদি কৰি জনা শুনা তাৰকাসকলে অভিনয় কৰিছিল । ছবিখনত ছাইৰা বানুৱে বহিঃৰাজ্যত ডাঙৰ-দীঘল হোৱা এগৰাকী ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল ।
Gopi 1970:
এই ছবিখনত ছাইৰা বানুৰ চৰিত্ৰটোৰ নাম আছিল সীমা আৰু তেওঁৰ লগতে দিলীপ কুমাৰ, প্ৰাণ, জনী ৱাকাৰ, সুদেশ কুমাৰ, নিৰূপা ৰায়, ফৰিদা জালাল, ললিতা পাৱাৰ, দুৰ্গা খোটে, অৰুণা ৰায় আদি জনাজাত তাৰকাসকলে অভিনয় কৰিছিল ।
লগতে পঢ়ক : জনপ্ৰিয় গায়ক প্ৰয়াত কে কে ৰ আজি 54 সংখ্যক ওপজা দিন