ETV Bharat / entertainment

HBD Neha Kakkar : মাতৃয়ে জন্ম দিব খোজা নাছিল নেহা কক্কৰক, সংগ্ৰামৰ পৰা সফলতাৰ কাহিনী জানি লওক নেহাৰ - মাতৃ জন্ম দিব নোখাজা নেহা কক্কৰ

আজি এই কণ্ঠশিল্পীগৰাকীৰ কণ্ঠ সকলোতে জনপ্ৰিয়, কিন্তু এই সফলতা লাভ কৰাটো অতি সহজ নাছিল, ইয়াৰ আঁৰত আছে যথেষ্ট সংগ্ৰাম আৰু ত্যাগ ৷ হয় আমি কৈছো নেহা কক্কৰৰ কথা। আজি নেহাৰ জন্মদিন ৷ গতিকে জানো আহক নেহাৰ কিছু নজনা কথাৰ বিষয়ে (Neha Kakkar Unknown Facts) ৷

Happy birthday Neha Kakkar: struggles and lesser known facts about Neha Kakkar
নেহা কক্কৰৰ জন্মদিন
author img

By

Published : Jun 6, 2023, 8:12 PM IST

চিটাৰা ডেস্ক, 6 জুন: সফলতাৰ আঁৰৰ বিফলতা কেৱল সফল হোৱা গৰাকীয়ে হে জানে ৷ সফলতা লাভৰ প্ৰকৃত পথ কোনো কিতাপতে লিখা নাথাকে । কেৱল সাহস আৰু অদম্য চেষ্টাৰ জৰিয়তে হে সফলতাৰ পথ নিৰ্ধাৰণ কৰিব পাৰি ৷ ছবি জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰো তেনে এগৰাকী কণ্ঠশিল্পী, যিগৰাকীয়ে নিজৰ চেষ্টা আৰু সাহসেৰ জীৱনত সংগ্ৰামত জয় লাভ কৰিছে ৷

নেহা এনে এগৰাকী ব্যক্তি যিয়ে দৰিদ্ৰতাত শৈশৱ কাল পাৰ কৰিব লগা হৈছিল ৷ দেৱী মাৰ জাগৰণত ভজন গাই জীৱন যুদ্ধত জয়ী হৈছিল আৰু কেতিয়াও হাৰ মনা নাছিল । এসময়ত যিটো শ্ব’ৰ বিচাৰকে নেহাক প্ৰত্যাখান কৰিছিল সেই একেটা শ্ব’তে আজি বিচাৰক হিচাপে আছে নেহা ৷ আজি নেহা কক্কৰৰ জন্মদিন, গতিকে তেখেতৰ জীৱনৰ কেইটামান পৃষ্ঠাৰ সৈতে আমি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো যিটোৰ বিষয়ে হয়তো আপুনি নাজানে (Neha Kakkar Unknown Facts)।

নেহাৰ জীৱন সংগ্ৰাম

১৯৮৮ চনৰ ৬ জুনত উত্তৰাখণ্ডৰ ঋষিকেশত (সেই সময়ত উত্তৰ প্ৰদেশৰ অংশ আছিল) জন্মগ্ৰহণ কৰা নেহা কক্কৰক আজি কোনো পৰিচয়ৰ প্ৰয়োজন নাই ৷ অৱশ্যে এই সফলতাৰ শিখৰ স্পৰ্শ কৰাৰ পূৰ্বে তেওঁ সংগ্ৰামৰ পাহাৰ অতিক্ৰম কৰিবলগীয়া হৈছিল। আপুনি জানি আচৰিত হ’ব যে নেহাৰ ঘৰৰ আৰ্থিক অৱস্থা ইমানেই বেয়া আছিল যে মাতৃয়ে তেওঁক জন্ম দিব বিচৰা নাছিল, কিন্তু ভাগ্যই নেহাৰ বাবে অন্য কিবা এটা হে লিখি ৰাখিছিল (Neha Kakkar birthday special) ৷

চাৰি বছৰ বয়সৰ পৰাই গীত গাবলৈ আৰম্ভ কৰিছিল নেহাই

চাৰি বছৰৰ বয়স শিশুৰ বাবে খেলা-ধূলা কৰাৰ বয়স ৷ কিন্তু নেহাই নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সেই সময়ৰ পৰাই কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰিছিল । আচলতে নেহাই মাত্ৰ চাৰি বছৰ বয়সৰ পৰাই জাগৰণত ভজন গাবলৈ আৰম্ভ কৰিছিল । সেই সময়ত পৰিয়ালটোৰ অৰ্থনৈতিক অৱস্থা ইমানেই বেয়া আছিল যে সকলো সদস্যই এটা কোঠাত বাস কৰিছিল আৰু পাকঘৰটো টেবুলৰ ওপৰত নিৰ্মাণ কৰা হৈছিল । এই কোঠাটোও ভাড়াত আছিল (Neha Kakkar Unknown Facts) ।

যিটো শ্ব’ত নেহাক নাকচ কৰা হৈছিল, সেই একেটা শ্ব’ৰে আজি বিচাৰক নেহা

জাগৰণত গীত গাই চুবুৰীয়া অঞ্চলত নেহা জনপ্ৰিয় হৈ পৰিছিল যদিও লক্ষ্যস্থান লাভ কৰিব পৰা নাছিল (Neha Kakkar)। পিচলৈ নেহাই ইণ্ডিয়ান আইডল ২ ত অংশগ্ৰহণ কৰিছিল, য’ত এটা সময়ত বিচাৰক অনু মালিকে তেওঁক শ্ব’টোত নাকচ কৰিছিল (Neha Kakkar Indian Idol)। কিন্তু ইয়াৰ ফলতো নেহাৰ মনোবল ভাঙি পৰা নাছিল আৰু পৰৱৰ্তী সময়ত দুগুণ কষ্ট কৰি জনপ্ৰিয় হৈ পৰে নেহা ৷ লক্ষ্যণীয়ভাৱে আজি কণ্ঠশিল্পীগৰাকী অনু মালিকৰ সৈতে একেটা শ্ব’তে বিচাৰক ৰূপে আছে।

লগতে পঢ়ক: HBD Ramen Baruah: ঊনৈশ বছৰ বয়সত ছবিজগতত ভৰি দিয়া ৰমেন বৰুৱা কেনেকৈ হ’ল সফল সংগীত পৰিচালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.