ETV Bharat / entertainment

Guneet Monga : অস্কাৰ হাতত লৈ স্বামীৰ সৈতে লিপ লক কৰিলে গুনীত মংগাই

author img

By

Published : Mar 15, 2023, 11:20 AM IST

হাতত অস্কাৰ ট্ৰফী লৈ স্বামী ছানী কাপুৰৰ সৈতে লিপ লক কৰিলে অস্কাৰ বিজয়ী গুনীত মংগাই ৷ ছবিখনত দম্পতীহালৰ মাজত দেখা গৈছে সুন্দৰ প্ৰেম (Guneet Monga)।

GUNEET MONGA LIPLOCK WITH HUSBAND SUNNY SINGH HOLDING OSCAR TROPHY
স্বামীৰ সৈতে লিপ লক কৰিলে গুনীত মংগাই

চিটাৰা ডেস্ক, 15 মাৰ্চ: অস্কাৰ বিজয়ী চুটি তথ্যচিত্ৰ ‘দ্য এলিফেণ্ট হুইছপাৰ্ছ’ৰ প্ৰযোজক গুনীত মংগাৰ বৰ্তমান সময়ত আনন্দৰ সীমা নাই ৷ এই ঐতিহাসিক বিজয়ৰ বাবে গুনীতে ছ’চিয়েল মিডিয়াত আনন্দ প্ৰকাশ কৰি অস্কাৰ ট্ৰফী তেওঁৰ সকলো অনুৰাগী আৰু দেশবাসীৰ নামত উৎসৰ্গা কৰিছে (Guneet Monga) । এই অসাধাৰণ জয়ৰ বাবে পৰিয়ালবৰ্গকো ধন্যবাদ জ্ঞাপন কৰিছে গুনীতে ।

শেহতীয়াকৈ গুনীতে স্বামী ছানী কাপুৰৰ সৈতে কটোৱা অস্কাৰ ট্ৰফীৰ সৈতে বিশেষ মুহূৰ্তটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে । হাতত অস্কাৰ ট্ৰফী লৈ স্বামী ছানী কাপুৰৰ সৈতে চুমা খোৱা এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে (Guneet Monga Husband Sunny Singh) ৷ এই ফটোখনত সেউজীয়া চাৰ্ট পৰিধান কৰা দেখা পোৱা গৈছে গুনীত মংগাক (Guneet Monga liplock with husband) ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে অভিনেত্ৰী হুমা কুৰেশ্বীয়ে এই ছবিখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেওঁৰ প্ৰথম প্ৰযোজকক এই জয়ৰ বাবে অভিনন্দন জনাইছে (Huma Qureshi instagram post)। ইয়াৰ লগতে হুমাই অস্কাৰ ট্ৰফীৰ সৈতে নিজৰ এখন সুন্দৰ ছবিও নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে । হুমাই অস্কাৰ ট্ৰফীৰ সৈতে এটা ভিডিঅ’ও ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে ৷

ভিডিঅ’টো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, "মোৰ প্ৰথম প্ৰযোজক (Gangs of Wasseypur), বন্ধু, ফ্লেটমেট (তেনেকৈয়ে মোৰ নাম এতিয়াও তেওঁৰ ফোনত চেভ হৈ আছে ) @guneetmonga !! মই বহুত গৌৰৱ অনুভৱ কৰিছো আপোনাৰ ওপৰত, আমাক পথ দেখুৱাই দিয়াৰ বাবে ধন্যবাদ.. আপুনি এগৰাকী প্ৰেৰণাদায়ক নাৰী ! ৩ মাহৰ বৰ্ষপূৰ্তিত ভাৰতৰ বাবে অস্কাৰ লাভ কৰা। মই মাত্ৰ ক'ব পাৰো এয়া মাত্ৰ আৰম্ভণিহে ৷ "

২০২২ চনৰ ১২ ডিচেম্বৰত ছানী কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল গুনীত । ৰাজধানী দিল্লীৰ এটা কাপোৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া হৈছে ছানী কাপুৰ । উল্লেখ্য যে, ‘The Elephant Whispers’ নিৰ্মাণ কৰিছে ৩৬ বছৰীয়া চুটি ছবি পৰিচালক কাৰ্টিকি গনছালভেছে । এই সমগ্ৰ চুটি ছবিখনত গুনীতে ধন বিনিয়োগ কৰিছে । এই মহিলা দুগৰাকীয়ে অস্কাৰ বঁটা লাভ কৰি সমগ্ৰ ভাৰতবৰ্ষৰ বাবে কঢ়িয়াই আনিছে সন্মান । একে সময়তে গুনীতে অস্কাৰ বিজয়ী হোৱা আৰ আৰ আৰ দলকো অভিনন্দন জ্ঞাপন কৰিছে ।

লগতে পঢ়ক: Gaslight trailer: হত্যা আৰু ৰহস্যৰে ভৰপূৰ ছাৰা আলী খানৰ ছাচপেন্স ছবি গেছলাইটৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.