ETV Bharat / entertainment

Gaslight trailer: হত্যা আৰু ৰহস্যৰে ভৰপূৰ ছাৰা আলী খানৰ ছাচপেন্স ছবি গেছলাইটৰ ট্ৰেইলাৰ মুকলি

author img

By

Published : Mar 14, 2023, 5:07 PM IST

এটা হত্যাকাণ্ড আৰু শাৰিৰীকভাৱে অক্ষম এগৰাকী ছোৱালীৰ ওপৰত নিৰ্মিত ছাচপেন্স ছবি গেছলাইটৰ ট্ৰেইলাৰ মুকলি ৷ পৱন কিৰপালানীৰ পৰিচালনাত নিৰ্মিত ছবিখনত অভিনয় কৰিছে ছাৰা আলী খান, বিক্ৰান্ত মেছি আৰু চিত্ৰাংগদা সিঙে (Gaslight trailer out) ৷

Gaslight trailer: Sara Ali Khan is all set to push boundaries with a murder mystery
গেছলাইটৰ ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, 14 মাৰ্চ: ছাৰা আলী খান অভিনীত ছবি "গেছলাইট"ৰ ট্ৰেইলাৰ মুকলি (Gaslight trailer out) ৷ পৱন কিৰপালানীৰ পৰিচালনাত নিৰ্মিত ‘গেছলাইট’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছাৰা আলী খান, বিক্ৰান্ত মেছি আৰু চিত্ৰাংগদা সিঙে । ৩১ মাৰ্চৰ পৰা অ’টিটি প্লেটফৰ্ম ডিজনী+ হটষ্টাৰত প্ৰচাৰিত হ’ব ছবিখন (Sara Ali Khan new movie) ।

গেছলাইটৰ ট্ৰেইলাৰত দেখা পোৱা অনুসৰি ছাৰাই শাৰীৰিকভাৱে অক্ষম এগৰাকী ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখনত দৰ্শোৱা অনুসৰি এগৰাকী শাৰীৰিকভাৱে অক্ষম ছোৱালী যিয়ে বহু বছৰ পিচত নিজা বাসগৃহত উভতি আহে ৷ ঘৰ উভতি আহি পিতৃ অৰ্থাৎ ৰজাৰ সন্ধানহীন হোৱাৰ খবৰ লাভ কৰে ৷ তাৰ পিচত পিতৃৰ সন্ধানত নামি পৰে ছাৰা আৰু অৱশেষত এটা হত্যাকাণ্ড সংঘটিত হয় ৷ তাৰ পিচতে হত্যাকাণ্ডৰ মূল অভিযুক্তক বিচাৰি আৰম্ভ হয় কাহানী ৷

অৱশ্যে ছবিখনৰ ট্ৰেইলাৰে কিছু শিহৰিত কৰিব পাৰে আপোনাক ৷ ট্ৰেইলাৰৰ আৰম্ভণিতে চিত্ৰংগদা সিঙে ছাৰাক তেওঁলোকৰ পূৰ্বপুৰুষৰ ঘৰলৈ আদৰণি জনাৱো দেখিবলৈ পোৱা যায় । চিত্ৰংগদাৰ চৰিত্ৰটো কিছু সন্দেহজনক আৰু ৰজাৰ হত্যাকাণ্ডৰ কথা লুকাই ৰাখিবলৈ চেষ্টা কৰে ৷ কিন্তু এই বিষয়ে ছাৰাই অতি শীঘ্ৰেই গম পায় কাৰণ ছাৰাক দেউতাকৰ আত্মাই খেদি ফুৰিছিল, এই আত্মাটোৱে ছাৰাক এনেকুৱা লাগিছে যেন সত্য দেখুৱাবলৈ চেষ্টা কৰিছে ।

ইফালে বিক্ৰান্ত মেছ ৰজাৰ ব্যক্তিগত সহায়কৰ চৰিত্ৰত অভিনয় কৰিছে ৷ বিক্ৰান্ত মেছে ৰজাৰ প্ৰয়োজনীয় সকলো বস্তুৰ যত্ন লয় । আনফালে মায়াজালৰ মাজত আৱদ্ধ হৈ পৰে ছাৰা ৷ ছবিখনৰ সন্দৰ্ভত ছাৰাই পূৰ্বে কয়, "গেছলাইট মোৰ বাবে এক শিক্ষণ ছবি, চৰিত্ৰ আৰু কাহিনী মই আগতে অভিনয় কৰা চৰিত্ৰ আৰু কাহিনীৰ পৰা বহু সুকীয়া । ছবিখনে মোক অভিনয়ৰ দিগন্ত বিস্তাৰ কৰাৰ লগতে বিভিন্ন পৰিচয় দিয়াৰ সুযোগ দিছে ।"

পৰিচালক পৱন কৃপালানীয়ে কয়, "গেছলাইট হৈছে হাই-অক্টেন ছাচপেন্স থ্ৰিলাৰ ছবি ৷ এই ছবিখনত নতুন টুইষ্ট আৰু টাৰ্ণ দেখিবলৈ পাব ছাৰা আলী খান, বিক্ৰান্ত মেছিৰ দৰে অভিনেতাৰ সৈতে ।

লগতে পঢ়ক: Pop Kaun trailer out: কুনাল কেম্মু, সতীশ কৌশিকৰ অভিনীত কমেডী শ্ব’ পপ কৌনৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.