চিটাৰা ডেস্ক, 27 ডিচেম্বৰ : মঙলবাৰে উন্মোচন কৰা হয় পৰিচালক ৰাজকুমাৰ সন্তোষীৰ আগন্তুক ছবি Gandhi Godse Ek Yudh ৰ মোচন পোষ্টাৰ । চিন্ময় ডি মাণ্ডলেকাৰে শ্বেয়াৰ কৰা ভিডিঅ’টোত মহাত্মা গান্ধী আৰু নাথুৰাম গডছেৰ মাজত হোৱা মতাদৰ্শক চিত্ৰিত কৰা হৈছে ।
প্ৰতিভাৱান অভিনেতা দীপক আন্তানীয়ে মহাত্মা গান্ধীৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে চিনেমাখনত নাথুৰাম গডছেৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব চিন্ময় ডি মাণ্ডলেকাৰেক । 1948 চনৰ 30 জানুৱাৰীত মহাত্মা গান্ধীক দিনৰ পোহৰত গুলীয়াই হত্যা কৰাজনেই আছিল নাথুৰাম গডছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
আছঘৰ ৱাজাহাট আৰু ৰাজকুমাৰ সন্তোষীয়ে ৰচনা কৰা Gandhi Godse Ek Yudh ৰে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক ৰাজকুমাৰ সন্তোষী 9 বছৰৰ মূৰত ৰূপালী পৰ্দালৈ ঘূৰি আহিছে । খাকী, ডামিনী, ঘটক, আজব প্ৰেম কি গজব কাহানী আদি ছবি সমিলমিলকৈ লিখাৰ বাবে তেওঁ পৰিচিত ।
মনিলা সন্তোষীৰ দ্বাৰা প্ৰযোজিত আৰু ৰাজকুমাৰ সন্তোষীৰ পৰিচালনাত নিৰ্মিত ছবিখন সন্তোষী প্ৰডাকচন এল এল পিয়ে উপস্থাপন কৰিছে আৰু পিভিআৰ পিকচাৰ্ছ ৰিলিজ দিব ৷ ছবিখনত সংগীত দিছে এ.আৰ. ৰহমানে ৷ ছবিখন 2023 চনৰ 26 জানুৱাৰীত ভাৰতীয় গণৰাজ্য দিৱস উপলক্ষে ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে ।
শ্বাহৰুখ খানৰ আগন্তুক এক্সন থ্ৰিলাৰ ছবি পাঠানৰ মুক্তিৰ সৈতে সংঘৰ্ষত লিপ্ত হ’ব Gandhi Godse Ek Yudh । এছ আৰ কে, জন আব্ৰাহাম আৰু দীপিকা পাডুকন অভিনীত পাঠানে সন্তোষীৰ এই ছবিখনৰ মুক্তিৰ এদিন পূৰ্বে ছবিগৃহত মুক্তি লাভ কৰিব ।
সন্তোষীয়ে 2013 চনত শ্বাহিদ কাপুৰ আৰু ইলিয়ানা ডিক্ৰুজৰ ৰোমান্টিক কমেডী ফাটা পোষ্টাৰ নিক্লা হিৰ’ পৰিচালনা কৰিছিল ৷ দৰ্শকৰ পৰা যথেষ্ট ভাল সঁহাৰি লাভ কৰিছিল ছবিখনে । এতিয়া তেওঁ মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ নামীশ চক্ৰৱৰ্তী আৰু অমৰিণ কুৰেশ্বীৰ প্ৰথম বলীউড ছবি Bad Boy ৰ পৰিচালনা কৰিব ।
লগতে পঢ়ক : Srk latest news:পাঠান বিতৰ্কৰ মাজতে এই তালিকাত একমাত্ৰ ভাৰতীয় হিচাপে নাম আহিল শ্বাহৰুখৰ