ETV Bharat / entertainment

Ganapath Trailer: পৃথিৱীখন সলনি কৰিবলৈ আহি আছে গণপত, চাওক গণপতৰ আকৰ্ষণীয় ট্ৰেইলাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 4:50 PM IST

আজি মুক্তি লাভ কৰিলে টাইগাৰ শ্ৰফ আৰু কৃতি সেননৰ অভিনীত ছবি ‘গণপত: এ হিৰো ইজ বৰ্ণ’ৰ ট্ৰেইলাৰ ৷ ছবিখনত শক্তিশালী ৰূপত দেখা গৈছে টাইগাৰ শ্ৰফ আৰু কৃতি সেননক ৷ লগতে অমিতাভ বচ্চনৰ ডেছিং এণ্ট্ৰি দেখা গৈছে ৷

Ganapath trailer: Tiger Shroff, Kriti Sanon and Amitabh Bachchan promise futuristic action extravaganza
গণপতৰ ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, 9 অক্টোবৰ: টাইগাৰ শ্ৰফ আৰু কৃতি সেননৰ অনুৰাগীয়ে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল তেওঁলোকৰ আগন্তুক ছবি ‘গণপত: এ হিৰো ইজ বৰ্ণ’ৰ ট্ৰেইলাৰৰ বাবে ৷ এই ‘হিৰোপন্তী’ তাৰকা দুগৰাকীৰ ৰোমাঞ্চ আৰু ছিজলিং কেমিষ্ট্ৰী পুনৰ এবাৰ দেখা যাব এই একচন ভৰ্তি ছবিখনত । কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল ছবিখনৰ পোষ্টাৰ আৰু টিজাৰ ৷ আজি অনুৰাগীৰ অপেক্ষাৰো অন্ত পৰিল ৷ কিয়নো আজি মুকলি হ’ল ছবিখনৰ বহু প্ৰত্যাশিত ট্ৰেইলাৰ ৷

‘গণপত: এ হিৰো ইজ বৰ্ণ’ৰ ট্ৰেইলাৰ কেনেকুৱা ?

একশ্যনেৰে ভৰপূৰ টাইগাৰ শ্ৰফ আৰু কৃতি সেননৰ ‘গণপত’ৰ ট্ৰেইলাৰ । ছবিখনত প্ৰযুক্তিৰ বহু ব্যৱহাৰ কৰা হৈছে । ট্ৰেইলাৰত মেচিন গানৰ পৰা আৰম্ভ কৰি বহুতো নতুন বস্তু চাব পাৰিব । ট্ৰেইলাৰটো চোৱাৰ পিচত আপুনিও ক’ব যে ই হলিউড আৰু চাউথৰ ছবিতকৈ কোনো গুণে কম নহয় । ইয়াৰ গ্ৰাফিক্স আৰু একশ্যনলৈ চালে দেখা যায় যে ইয়াক বৃহৎ পৰিসৰত নিৰ্মাণ কৰা হৈছে আৰু নিৰ্মাতাসকলে পানীৰ দৰে টকা খৰচ কৰিছে ছবিখনত ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে টাইগাৰে একশ্যনেৰে দৰ্শকৰ হৃদয় জয় কৰাৰ লগতে অভিনেত্ৰী কৃতিকো একশ্যন অৱতাৰত দেখা গৈছে । দৰ্শকে প্ৰথমবাৰৰ বাবে হয়তো অভিনেত্ৰীগৰাকীক এই ৰূপত দেখা পাব । ইয়াৰ উপৰিও টাইগাৰ আৰু কৃতিৰ মাজৰ কেমিষ্ট্ৰীও অতি সুন্দৰকৈ দেখুওৱা হৈছে । দুয়োগৰাকীয়ে আকৌ এবাৰ নিজৰ সুন্দৰ কেমিষ্ট্ৰীৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সাজু হৈছে । ইয়াৰ লগতে ট্ৰেইলাৰত অমিতাভ বচ্চনৰ ডেছিং এণ্ট্ৰিয়েও অনুৰাগীৰ হৃদয় জয় কৰিছে ।

‘গণপত’ হ’ব এখন প্যান ইণ্ডিয়া ছবি

বিকাশ বেহেলৰ পৰিচালনাত নিৰ্মিত গণপত ছবিখনত টাইগাৰ শ্ৰফ আৰু কৃতিৰ সৈতে অভিনয় কৰিছে অমিতাভ বচ্চনে । ‘গণপত’ ছবিখনৰ প্ৰযোজক হ’ল বাসু ভগনানী, জেকী ভগনানী, দীপশিখা দেশমুখ আৰু বিকাশ বেহেল । ২০ অক্টোবৰত মুক্তি পাব ছবিখন । হিন্দী, তামিল, তেলুগু, কানাড়া আৰু মালয়ালম ভাষাত মুক্তি পাব ‘গণপত’।

লগতে পঢ়ক: Ganapath Teaser OUT: গণপতৰ টিজাৰ মুকলি, একচন অৱতাৰত দেখা গ’ল টাইগাৰ শ্ৰফ, কৃতি সেননক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.