ETV Bharat / entertainment

Ganapath: গণেশ চতুৰ্থীৰ উপলক্ষে মুকলি হ’ল টাইগাৰ শ্ৰফৰ ছবি ‘গণপত’ৰ নতুন পোষ্টাৰ, লগতে ঘোষণা কৰিলে মুক্তিৰ তাৰিখ

টাইগাৰ শ্ৰফ আৰু কৃতি সেননৰ অভিনীত ছবি ‘গণপত’ৰ নতুন পোষ্টাৰ মুকলি । য’ত অভিনেতাজনক অতি ডেছিং লুকত দেখা গৈছে। অহা ২৩ অক্টোবৰত চিনেমাগৃহত মুক্তি পাব ছবিখন।

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 5:13 PM IST

Ganapath Rise Of The Hero Tiger Shroff's poster released in Hindi, Telugu, Tamil, Malayalam and Kannada
গণপথ’ৰ নতুন পোষ্টাৰ

চিটাৰা ডেস্ক, 18 ছেপ্টেম্বৰ: বলীউডৰ ফিটনেছ ফ্ৰিক টাইগাৰ শ্ৰফ এইকেইদিন তেওঁৰ আগন্তুক ছবি ‘গণপত’ৰ বাবে চৰ্চাত আছে ৷ য’ত তেওঁক আকৌ এবাৰ একচন অৱতাৰত দেখা যাব । শেহতীয়াকৈ ছবিখনৰ এখন নতুন পোষ্টাৰ মুকলি কৰা হৈছে। এই পোষ্টাৰখনত টাইগাৰক ডেছিং লুকত দেখা গৈছে। গণেশ চতুৰ্থী উপলক্ষে প্ৰকাশ পাইছে টাইগাৰৰ এই ৰূপ । ইয়াৰ উপৰিও ছবিখনৰ মুক্তিৰ তাৰিখো পোষ্টাৰৰ জৰিয়তে ঘোষণা কৰা হৈছে।

টাইগাৰৰ ছবি ‘গণপত’ৰ পোষ্টাৰ মুকলি

টাইগাৰ শ্ৰফে নিজৰ এক্স একাউণ্টত শ্বেয়াৰ কৰিছে ‘গণপত’ৰ এই নতুন পোষ্টাৰ । য’ত টাইগাৰে হাতত ৰঙা ৰঙৰ বেণ্ড বান্ধি থকা দেখা গৈছে । যিটো জুই জ্বলি থকা যেন দেখা গৈছে । পোষ্টাৰখনত টাইগাৰক অতি তীব্ৰ ৰূপত দেখা গৈছে। এই পোষ্টাৰখন শ্বেয়াৰ কৰি টাইগাৰে লিখিছে - ‘‘তেওঁক কোনোবাই কেনেকৈ বাধা দিব... যেতিয়া বাপ্পাৰ হাত তেওঁৰ হাতত থাকিব... গণপত আহি আছে... নতুন পৃথিৱী আৰম্ভ কৰিবলৈ... এই দশেৰাত ২০ অক্টোবৰত ছবিগৃহত মুক্তি পাব ।’’

কৃতি সেননৰ সৈতে দেখা যাব টাইগাৰক

টাইগাৰ শ্ৰফৰ এই ছবিখন পেন ইণ্ডিয়াৰ এখন ছবি । য’ত ৯ বছৰৰ পাচত পুনৰ তেওঁক অভিনেত্ৰী কৃতি সেননৰ সৈতে দেখা যাব। ছবিখনত আকৌ এবাৰ দুয়োগৰাকীৰ কেমেষ্ট্ৰী পৰ্দাত দেখা যাব । ইয়াৰ পূৰ্বে এই যুটিটোক ‘হিৰো’পন্তি’ ছবিত দেখা গৈছিল । যিখন আছিল দুয়োৰে প্ৰথমখন ছবি ।

অহা ২৩ অক্টোবৰত মুক্তি পাব ছবিখন

উল্লেখ্য যে ছবিখনৰ প্ৰযোজক বাসু ভগনানী, জেকী ভগনানী, দীপশিখা দেশমুখ আৰু বিকাশ বেহেল । ২০২৩ চনৰ ২০ অক্টোবৰত বিশ্বজুৰি ছবিখন হিন্দী, তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাব । এতিয়া ছবিখনৰ পোষ্টাৰখনে ছবিখন চোৱাৰ বাবে অনুৰাগীৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে।

লগতে পঢ়ক: EXCLUSIVE: হিৰো নং ১ৰ ছিকুৱেলৰ আহিছে সন্দৰ্ভত ডাঙৰ খবৰ ! কোন হ’ব অভিনেতা-অভিনেত্ৰী ?

লগতে পঢ়ক: BMCM : অহা ঈদত ছলমান খানে নহয় অক্ষয় কুমাৰ-টাইগাৰ শ্ৰফে দিব ঈদি; একচনৰ সৈতে ঈদি পাব দৰ্শকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.