ETV Bharat / entertainment

Fukrey 3 Vs The Vaccine War Vs Chandramukhi 2: বক্স অফিচত কিমান হৈছে ফুক্ৰে ৩, দ্য ভেকচিন ৱাৰ, চন্দ্ৰমুখী ২ৰ উপাৰ্জন

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 1:00 PM IST

২৮ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছিল তিনিখন ছবি ‘ফুক্ৰে ৩’, ‘দ্য ভেকচিন ৱাৰ’ আৰু ‘চন্দ্ৰমুখী ২’ । জানি লওক ছবিকেইখনৰ এই পৰ্যন্তৰ বক্স অফিচ সংগ্ৰহ ৷

Fukrey 3 Vs The Vaccine War Vs Chandramukhi 2 Box Office Collection day 4
‘ফুক্ৰে ৩’, ‘দ্য ভেকচিন ৱাৰ’ আৰু ‘চন্দ্ৰমুখী ২ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ১ অক্টোবৰ: ২৮ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল তিনিখন ছবি ৷ ইয়াৰে ভিতৰত আছিল ‘ফুক্ৰে ৩’, ‘দ্য ভেকচিন ৱাৰ’ আৰু ‘চন্দ্ৰমুখী ২’ । তিনিখন ছবিৰ ভিতৰত বক্স অফিচত আৰম্ভণিৰ দিনটোত ভাল প্ৰদৰ্শন কৰিছিল Fukrey 3 য়ে । আনহাতে বক্স অফিচত ‘দ্য ভেকচিন ৱাৰ’ আৰু ‘চন্দ্ৰমুখী ২’ৰ আৰম্ভণি লেহেমীয়া হৈছিল । ‘ফুক্ৰে ৩’ ছবিখনে একেৰাহে তিনিদিন বক্স অফিচত ভাল প্ৰদৰ্শন কৰে আৰু ভাৰতত প্ৰায় ২৮.৩ কোটি টকা উপাৰ্জন কৰে ।

যদি আমি ফুক্ৰে ৩ৰ চতুৰ্থ দিনৰ সংগ্ৰহৰ কথা কওঁ, তেন্তে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চতুৰ্থ দিনত অৰ্থাৎ দেওবাৰৰ দিনটোত ভাৰতত ১৪.০০ কোটি টকা উপাৰ্জন কৰিব পাৰে ‘ফুক্ৰে ৩’ । ইয়াৰ লগে লগে ছবিখনৰ মুঠ উপাৰ্জন হ’বগৈ ৪২.৩০ কোটি টকা । এই ছবিখন পৰিচালনা কৰিছে মৃগদ্বীপ সিং লাম্বা আৰু প্ৰযোজনা কৰিছে এক্সেল এণ্টাৰটেইনমেণ্টে । আলী ফজল, পুলকিত সম্ৰাট, বৰুণ শৰ্মা, মনজোৎ সিং, ৰিচা চাড্ডা আৰু পংকজ ত্ৰিপাঠীয়ে ‘ফুক্ৰে ৩’ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

বক্স অফিচত বিবেক অগ্নিহোত্ৰীৰ ‘দ্য ভেকচিন ৱাৰ’ৰ আৰম্ভণি লেহেমীয়া হোৱাৰ বিপৰীতে ছবিখনৰ তিনিদিনীয়া সংগ্ৰহ মাত্ৰ ৩.২৫ কোটি টকা । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চতুৰ্থ দিনটোত ‘দ্য ভেকচিন ৱাৰ’ ছবিখনে ১.০৬ কোটি টকা উপাৰ্জন কৰিব পাৰে ৷ ইয়াৰ লগে লগে ছবিখনৰ মুঠ বক্স অফিচৰ সংগ্ৰহ হ’বলৈ ৪.৮৫ কোটি টকা । 'The Vaccine War' ছবিখন ক’ভিড ১৯ ৰ সময়ত দেশত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতি আৰু ভেকচিন নিৰ্মাণত সৃষ্টি হোৱা সমস্যাৰ আধাৰত নিৰ্মাণ কৰা হৈছে । ভেকচিন ৱাৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে নানা পাটেকাৰ, পল্লৱী যোশী, ৰাইমা সেন, সপ্তমী গৌড়া আৰু অনুপম খেৰে ।

‘ফুক্ৰে ৩’ আৰু ‘দ্য ভেকচিন ৱাৰ’ৰ সমান্তৰালকৈ কংগনা ৰানাৱটৰ অভিনীত ছবি ‘চন্দ্ৰমুখী ২’ একেদিনাই মুক্তি লাভ কৰিছিল । ছবিখনৰ তিনিদিনৰ মুঠ বক্স অফিচ সংগ্ৰহ হৈছে ১৭.৪৬ কোটি । সংবাদ মাধ্যমৰ খবৰ অনুসৰি চতুৰ্থ দিনটোত ‘চন্দ্ৰমুখী ২’য়ে ৫.০২ কোটি টকা উপাৰ্জন কৰিব পাৰে । ইয়াৰ লগে লগে ছবিখনৰ চাৰিদিনৰ মুঠ সংগ্ৰহ হ’বগৈ ২২.৬৬ কোটি টকা । ‘চন্দ্ৰমুখী ২’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কংগনা ৰানাৱট, ৰাঘব লৰেন্স, বাদিভেলু, লক্ষ্মী মেনন, মহিমা নাম্বিয়াৰ আৰু ৰাধিকা সাৰথকুমাৰে ।

লগতে পঢ়ক: Fukrey 3 collection day 2: দ্য ভেকচিন ৱাৰ, চন্দ্ৰমুখী 2 ৰে প্ৰতিযোগিতা কৰি বক্স অফিচৰ শীৰ্ষত ফুক্ৰে৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.