ETV Bharat / entertainment

Hazel Keech Birthday: বডীগাৰ্ড ছবিখনত প্ৰেমত পৰি স্বাৰ্থপৰ হৈ বন্ধুত্ব পাহৰি পেলাইছিল হেজেলে

author img

By

Published : Feb 28, 2023, 7:15 PM IST

টীম ইণ্ডিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ পত্নী হেজেল কীছৰ সৌন্দৰ্যৰ তুলনা নাই । হেজেলে 28 ফেব্ৰুৱাৰী, মঙলবাৰে তেওঁৰ 36 তম জন্মদিন উদযাপন কৰিছে (Yuvraj Singh Wife Hazel Birthday) । হেজেল এগৰাকী ব্ৰিটিছ মডেল ৷ এগৰাকী বলীউড অভিনেত্ৰী হিচাপেও তেওঁৰ পৰিচয় আছে । যুৱৰাজ-হেজেল কেনেকৈ সংস্পৰ্শলৈ আহিছিল আৰু হেজেলে কেনেকৈ বলীউডত কেৰিয়াৰ আৰম্ভ কৰিছিল জানো আহক ।

Yuvraj Singh Wife Hazel
হেজেল কীছ যুৱৰাজ সিং

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : আজি 28 ফেব্ৰুৱাৰীত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিংহৰ পত্নী হেজেল কীছৰ 36 সংখ্যক জন্মদিন (Hazel Keech Birthday) । যুৱৰাজ সিংহৰ বাবে হেজেলক আপ্লুত কৰাটো একেবাৰেই সহজ নাছিল । হেজেল-যুৱৰাজৰ প্ৰেম কাহিনীটো যথেষ্ট আকৰ্ষণীয় (Yuvraj Singh Hazel Keech lovestory) । যুৱৰাজৰ সুন্দৰ চেহেৰা আৰু তেওঁৰ খেলাৰ ধৰণটোৰ বাবে তেওঁৰ বহুত ফেন ফ’ল’ৱাৰ আছে আৰু বেছিভাগ ছোৱালী যুৱৰাজৰ বাবে পাগল আছিল । কিন্তু কপালৰ কি লিখন, যুৱৰাজৰ হৃদয়ত ঠাই ল’লেহি ব্ৰিটিছ মডেল হেজেলে । যুৱৰাজে তিনি বছৰ ধৰি হেজেলক ডেটত লৈ যাবলৈ চেষ্টা কৰিছিল । জন্মদিন উপলক্ষে আপোনালোকক জনাও যে দুয়োজনে প্ৰথমে ক’ত কেনেকৈ লগ হৈছিল, সেই সংযোগেই বিয়া কেনেকৈ পালেগৈ !

1987 চনৰ 28 ফেব্ৰুৱাৰীত ইংলেণ্ডৰ এচেক্সত জন্মগ্ৰহণ কৰা হেজেল কীছে মঙলবাৰে 36 সংখ্যক জন্মদিন উদযাপন কৰিছে । হেজেলৰ পিতৃ আছিল বৃটিছ মূলৰ আৰু তেওঁৰ মাতৃ আছিল বিহাৰী । হেজেলক গুৰবাছাণ্ট কৌৰ আৰু ৰোজ ডন বুলিও কোৱা হয় । তেওঁ ইংলেণ্ডতেই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল । সৰুৰে পৰাই হেজেলে ভাৰতীয় শাস্ত্ৰীয় আৰু পশ্চিমীয়া গীতত নাচিবলৈ ভাল পাইছিল । হেজেল নৃত্যৰ উপৰিও গান গাই আৰু অভিনয় কৰি ভাল পাইছিল । হেজেলে নিজৰ কেৰিয়াৰত টিভি শ্ব’ আৰু ছবিত কাম কৰিছে । কিন্তু ‘বডীগাৰ্ড’ ছবিখনত কৰীণা কাপুৰৰ বান্ধৱীৰ চৰিত্ৰত অভিনয় কৰাৰ পিচতহে তেওঁ খ্যাতি অৰ্জন কৰিছিল ।

বলীউডত কেনেকৈ প্ৰৱেশ ঘটিছিল হেজেলৰ

যেতিয়া হেজেলৰ বয়স 18 বছৰ আছিল তেতিয়া তেওঁ ভাৰতলৈ ছুটী উপভোগ কৰিবলৈ আহিছিল । সেই সময়তে তেওঁ বহুতো মডেলিং অফাৰ পাবলৈ আৰম্ভ কৰিছিল । 2007 চনত তামিল ছবি 'বিল্লা' ৰ জৰিয়তে হেজেলৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ হৈছিল । কিন্তু হেজেলে 2011 চনৰ ‘বডীগাৰ্ড’ ছবিখনৰ পৰাহে খ্যাতি লাভ কৰিছিল, য’ত তেওঁ কৰীণা কাপুৰৰ বান্ধৱীৰ চৰিত্ৰত অভিনয় কৰিছিল । ভাইজান ছলমানে এই ছবিখনত দেহৰক্ষীৰ চৰিত্ৰত অভিনয় কৰিছিল । এই ছবিখন দৰ্শকে খুব পছন্দ কৰিছিল । ইয়াৰ পিচত হেজেলে 2012 চনৰ 29 জুনত মুক্তি পোৱা চনু ছুডৰ ছবি মেক্সিমামত এটা আইটেম গীত ‘এট আমলাপুৰম’ ত অভিনয় কৰিছিল, যিয়ে হেজেলক যথেষ্ট বিখ্যাত কৰি তুলিছিল । 2013 চনত আটাইতকৈ হিট টিভি শ্ব’ ‘বিগ বছ-7’ ৰ অংশও আছিল হেজেল । ইয়াৰ উপৰিও হেজেলক কমেডী চাৰ্কাচ আৰু ঝলাক দিখলা যা এই অনুষ্ঠান দুটাতো দেখা গৈছে । হলীউডৰ চিনেমা হেৰী পটাৰ চিৰিজ 3 ত দেখা গৈছিল ৷

Yuvraj-Hazel ৰ প্ৰেম কাহিনী

হেজেল আৰু যুৱৰাজে 2011 চনত বন্ধুৰ জন্মদিনৰ পাৰ্টিত প্ৰথমবাৰৰ বাবে লগ পাইছিল । সেই পাৰ্টিটোতেই যুৱৰাজ হেজেলৰ হাঁহিত মোহিত হৈ পৰিছিল । কিন্তু যুৱৰাজে হেজলৰ সৈতে কথা পাতিবলৈ বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল । যুৱৰাজে হেজেলক ডেটত যাবলৈ যেতিয়া ফোন কৰি সোধে, তেতিয়া হেজেলে ফোনত সন্মতি দিয়ে যদিও পিচত মোবাইলটো অফ কৰি থৈ দিয়ে ৷ এইদৰে এই ধাৰাবাহিকখন কেইবাদিনো ধৰি চলিছিল, তাৰ পিছত যুৱৰাজৰ খং উঠিছিল আৰু তেওঁ হেজেলৰ নম্বৰটো মোবাইলৰ পৰা ডিলিট কৰি পেলাইছিল । কিন্তু হৃদয়ত স্থান দখল কৰি লোৱাৰ পিচত নম্বৰ ডিলিট কৰাৰ কি অৰ্থ !

যুৱৰাজে হেজেলক সামাজিক মাধ্যমত বন্ধুত্বৰ অনুৰোধ প্ৰেৰণ কৰি বন্ধুত্ব গঢ়ি তুলিছিল । যুৱৰাজ সিঙে এটা টিভি অনুষ্ঠানত কৈছিল যে হেজেলে 3 মাহৰ পিছত তেওঁৰ বন্ধুত্বৰ অনুৰোধ গ্ৰহণ কৰিছিল । এনেদৰে, হেজেল-যুৱৰাজৰ বন্ধুবৰ্গৰ সহায়ত তেওঁলোক প্ৰথমটো ডেটলৈ গৈছিল । এই ডেটটো প্ৰায় 3 বছৰৰ পিছত দুয়োৰে উমৈহতীয়া বন্ধুৰ জৰিয়তে সম্ভৱ হৈছিল । তাৰ পিচত, যেতিয়া যুৱৰাজে হেজেলক প্ৰস্তাৱ দিছিল, তেওঁ অস্বীকাৰ কৰিব নোৱাৰিলে আৰু তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে । দুয়োৱে 30 নৱেম্বৰ, 2016 তাৰিখে বিবাহপাশত আৱদ্ধ হয় । এতিয়া তেওঁলোক দুয়োৱে পুত্ৰ সন্তাৱ আৰ্য়ানৰ সৈতে সুন্দৰ বিবাহিত জীৱন উপভোগ কৰি আছে ।

লগতে পঢ়ক : Vivek Oberoi at Maa Kamakhya temple: অসমত সংৰক্ষিত হৈ আছে দুৰ্লভ প্ৰাচীন সভ্যতা; বিবেক অবেৰয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.