ETV Bharat / entertainment

Femina Miss India 2023: ৰাজস্থানৰ ১৯ বছৰীয়া নন্দিনী গুপ্তাই ঘৰলৈ আনিলে ফেমিনা মিছ ইণ্ডিয়া ২০২৩ৰ মুকুট

author img

By

Published : Apr 16, 2023, 12:27 PM IST

ফেমিনা মিছ ইণ্ডিয়া ২০২৩ ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৰাজস্থানৰ নন্দিনী গুপ্তাই (Nandini gupta Miss India)। ১৯ বছৰীয়া বিজয়ীগৰাকীৰ এই যাত্ৰাৰ বিষয়ে জানি লওক ।

Femina Miss India 2023: 19yr old Nandini Gupta from Rajasthan takes home the crown
নন্দিনী গুপ্তা ফেমিনা মিছ ইণ্ডিয়া ২০২৩

চিটাৰা ডেস্ক, 16 এপ্ৰিল: মণিপুৰৰ ৰাজধানী ইম্ফলত অনুষ্ঠিত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত বিজয়ী হয় কোটাৰ নন্দিনী গুপ্তা (Nandini gupta Miss India)। এই বিজয়ৰ লগতে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া মিছ ৱৰ্ল্ড প্ৰতিযোগিতাতো নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে নন্দিনীয়ে । ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰা পিচতে নন্দিনীৰ পৰিয়ালৰ মাজত আনন্দৰ জোৱাৰ উঠিছে ৷ সম্প্ৰতি নন্দিনীৰ পিতৃ-মাতৃ আৰু ভনীয়েক নন্দিনীৰ স’তে মণিপুৰতে আছে ।

উল্লেখ্য যে ৰাজস্থানৰ কোটা জিলাৰ ৰামপুৰা অঞ্চলত অৱস্থিত পুৰণি শাক-পাচলিৰ বজাৰত পৰিয়ালৰ সৈতে বসবাস কৰিছিল নন্দিনী গুপ্তা । নন্দিনীৰ পিতৃ সুমিত গুপ্তা এগৰাকী বিল্ডাৰ হোৱাৰ লগত এগৰাকী কৃষকো । মাতৃ ৰেখা গুপ্তা এগৰাকী গৃহিণী, আনহাতে কনিষ্ঠ ভগ্নী অনন্যা গুপ্তা এতিয়াও পঢ়ি আছে (Femina miss india nandini gupta wins the crown) ।

মুম্বাইৰ পৰা মেনেজমেণ্ট ষ্টাডিজত স্নাতক ডিগ্ৰী লাভ কৰিছে নন্দিনীয়ে । মিছ ইণ্ডিয়াগৰাকীৰ প্ৰাৰম্ভিক শিক্ষা সম্পন্ন হৈছে কোটাৰ মালা ৰোডত অৱস্থিত মিছনেৰী স্কুলত । নন্দিনীৰ এই সফলতাত পৰিয়ালবৰ্গই যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছিল, যাৰ ফলত আজি নন্দিনীয়ে ফেমিনা মিছ ইণ্ডিয়া খিতাপ দখল কৰিবলৈ সক্ষম হয় (Nandini gupta crowned Miss India)।

নন্দিনীৰ পিতৃ সুমিত গুপ্তাই কয় যে যোৱা ৪৫ দিন ধৰি এই প্ৰতিযোগিতা চলি আছিল । ইয়াৰ আয়োজন কৰিছিল মণিপুৰৰ পৰ্যটন বিভাগে । শনিবাৰে নিশা ফেমিনা মিছ ইণ্ডিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি নন্দিনীক বিজয়ী ঘোষণা কৰা হয় ।

সৰুৰে পৰা সপোন আছিল, কোনো প্ৰশিক্ষণ লোৱা নাছিল নন্দিনীয়ে

নন্দিনীৰ পিতৃ সুমিত গুপ্তাই কয় যে ৩ৰ পৰা ৪ বছৰ বয়সত নন্দিনীয়ে ফেমিনা মিছ ইণ্ডিয়াৰ দৰে প্ৰতিযোগিতাত যোগদান কৰাৰ সপোন দেখিছিল । তেতিয়াৰ পৰাই কেটৱক আৰু টিভিত এনেধৰণৰ অনুষ্ঠান দেখি উত্তেজিত হৈ পৰিছিল নন্দিনী । এই সপোন বাস্তবায়িত কৰিবলৈ নন্দিনীয়ে কঠোৰ পৰিশ্ৰম কৰিবলৈ ধৰিলে ।

পিতৃয়ে লগতে কয় যে নন্দিনীয়ে নিজৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছিল আৰু ১০-১২ বছৰ বয়সত নিজৰ উদ্দেশ্য অতি দৃঢ় কৰি তুলিছিল আৰু সিদ্ধান্ত লৈছিল যিয়েই নহওক কিয়, মিছ ইণ্ডিয়াৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইয়াৰ পিচত নন্দিনীয়ে ইয়াৰ ওপৰত গুৰুত্ব দি অবিৰতভাৱে কাম কৰিবলৈ আৰম্ভ কৰিলে যদিও নন্দিনীয়ে কোনো ধৰণৰ ক্লাছ বা প্ৰশিক্ষণ লোৱা নাছিল ।

ইফালে মিছ ইণ্ডিয়া নন্দিনীয়ে কয় যে ফেমিনা মিছ ইণ্ডিয়া হোৱাটো মাত্ৰ আৰম্ভণিহে । এতিয়া ইয়াৰ পিচত তেওঁৰ সপোন মিছ ইউনিভাৰ্ছ হোৱাৰ । ছবি জগতত নিজৰ কেৰিয়াৰ সন্দৰ্ভত তেওঁ কয় যে সুযোগ পোৱাৰ লগে লগে তেওঁ নিশ্চিতভাৱে একে ধৰণে কাম কৰিব । যদিও মিছ ইণ্ডিয়াৰ প্ৰতিযোগিতা ৪৫ৰ পৰা ৫০ দিন চলিছিল । ইয়াৰ বাবে সকলো ৰাজ্যৰ পৰা অংশগ্ৰহণকাৰী আহিছিল । এনে পৰিস্থিতিত তেওঁলোকে বিভিন্ন সুযোগ লাভ কৰে ।

নন্দিনীয়ে কয় যে ব্ৰেণ্ডৰ প্ৰচাৰেই হওক বা ব্ৰেণ্ড এম্বেছাদৰ হোৱাই হওক বা ছবিত কেৰিয়াৰ গঢ়ি তোলাই হওক, সকলো দিশৰ গুৰুত্ব আৰোপ কৰিব । কাৰণ পূৰ্বে নন্দিনীয়ে কেৱল ফেমিনা মিছ ইণ্ডিয়াৰ প্ৰতিযোগী আছিল, কিন্তু এতিয়া তেওঁ ফেমিনা মিছ ইণ্ডিয়া হৈ পৰিছে । এনে পৰিস্থিতিত ইয়াৰ সম্ভাৱনাও অধিক।

৪৫ দিনৰ বাবে কৰা কঠিন প্ৰতিযোগিতা

এইখিনিতে উল্লেখ কৰিব লাগিব যে ১১ ফেব্ৰুৱাৰীত মিছ ৰাজস্থানৰ খিতাপ দখল কৰিছিল নন্দিনীয়ে । ইয়াৰ পিচত মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল । নন্দিনীয়ে সম্পূৰ্ণ হৃদয় আৰু দৃঢ় ইচ্ছাশক্তিৰে প্ৰস্তুতি চলাইছিল । নন্দিনীৰ পিতৃ সুমিত গুপ্তাই কয় যে নন্দিনীয়ে নিজৰ সকলো প্ৰচেষ্টাৰে প্ৰস্তুতি চলাইছিল । নন্দিনীয়ে ধৰি লৈছিল যে এয়া এটা কঠিন প্ৰতিযোগিতা হ’ব ।

কোটাৰ এইগৰাকীৰ যুৱতীৰ বাবে জয়ী হোৱাটো বৰ কষ্টকৰ আছিল যদিও নন্দিনীয়ে সেইটো বাস্তৱত পৰিণত কৰিছে । নন্দিনীক লৈ সম্প্ৰতি সমগ্ৰ পৰিয়াল গৌৰৱান্বিত । যোৱা ৪৫ দিনে এই প্ৰতিযোগিতাত প্ৰতিযোগীসকলৰ সৈতে নন্দনীয়ে অংশগ্ৰহণ কৰিছিল ৷ কিন্তু আমি (পিতৃ-মাতৃ) ১৩ এপ্ৰিলতহে ইয়ালৈ আহিছিলো নন্দিনীক সহায় কৰিবলৈ । কাৰণ চূড়ান্ত সিদ্ধান্ত ১৫ এপ্ৰিলত আহিব আৰু য’ত নন্দিনীয়ে সফলতা লাভ কৰিছিল ।

লগতে পঢ়ক: Suhana Khan: মেবেলিনৰ নতুন এম্বেছাদৰ হোৱা সুহানাক প্ৰশংসা পিতৃ শ্বাহৰুখ খানৰ, পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ সুহানাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.