ETV Bharat / entertainment

Fareey Teaser: ছলমান খানৰ ভাগিনী আলিজেহৰ ছবি ফেৰেৰ টিজাৰ মুক্তি - ছলমান খানৰ ভাগিনী আলিজেহ

বলীউডৰ অভিনেতা ছলমান খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত মুকলি কৰিছে ছবি ফাৰেৰ ট্ৰেইলাৰ। অভিনেতা গৰাকীৰ ভাগিনী আলিজেহে এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব ৷

Farrey teaser out now: Salman Khan launches niece Alizeh Agnihotri
আলভিৰাৰ কন্যাই এই থ্ৰিলাৰ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 7:19 PM IST

চিটাৰা ডেস্ক, ২৫ ছেপ্টেম্বৰ: যোৱা কেইদিনমানৰ পৰা খবৰ আহিছিল যে বলীউডৰ দাবাংগ অৰ্থাৎ ছলমান খানৰ ভাগিনী আলিজেহ অগ্নিহোত্ৰীয়ে অতি সোনকালে অভিনেতাজনৰ ছবি ‘ফেৰে’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাছিল । কিন্তু এতিয়া সকলোৰে অপেক্ষাৰ অন্ত পেলাই ছলমান খানে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ছবিখনৰ টিজাৰ মুকলি কৰিছে। য’ত আলিজেহৰ আভাসো দেখা গৈছে।

ছলমান খানে মুকলি কৰিলে ফেৰেৰ টিজাৰ

ছলমান খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ফেৰেৰ টিজাৰ শ্বেয়াৰ কৰিছে। টিজাৰ মুক্তিৰ পূৰ্বে অভিনেতাগৰাকীয়ে এটা আকৰ্ষণীয় পোষ্ট শ্বেয়াৰ কৰিছিল । য’ত তেওঁ লিখিছিল - 'মই পুৱা এটা নতুন ফ শব্দ শিকিছো...এই বিষয়ে চাৰি বজাত ক’ম ।’ এতিয়া দিনৰ চাৰি বজাত অভিনেতাজনে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিছে । এই কথা শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিছে - 'মই এই F শব্দটোৰ কথা কৈ আছিলো, আপুনি কি ভাবিছিল ! #FarrayTeaser এতিয়া মুকলি হ’ল ৷’

টিজাৰত দেখা গৈছে অভিনেতানৰ ভাগিনী আলিজেহৰ আভাস

ছলমান খানৰ ছবি ফেৰে এখন থ্ৰিলাৰ ছবি । য’ত অভিনেতাজনৰ ভাগিনী আলিজেহকো দেখা গৈছে। ট্ৰেইলাৰটো চালেই স্পষ্ট হৈ পৰে যে ছবিখনৰ সমগ্ৰ কাহিনী স্কুলীয়া ল’ৰা-ছোৱালীক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে । য’ত পৰীক্ষাত নকল কৰিবলৈ চেষ্টা কৰা দেখা স্কুলীয়া ল’ৰা-ছোৱালীক দেখা যায় । ট্ৰেইলাৰত আলিজেহক নাৰ্ভাছ আৰু ভয় খোৱা দেখা গৈছে। উল্লেখ্য যে ছবিখনৰ ট্ৰেইলাৰটো যথেষ্ট আকৰ্ষণীয় । যিটো অভিনেতাগৰাকীৰ অনুৰাগী সকলেও বহুত ভাল পাইছে । এই ছবিখন চলিত বৰ্ষৰ ২৪ নৱেম্বৰত চিনেমাগৃহত মুক্তি পাব ।

কেতিয়া মুক্তি পাব ছলমান খানৰ ‘টাইগাৰ ৩’ ?

ছলমান খানৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অভিনেতাগৰাকীয়ে অতি সোনকালে ‘টাইগাৰ ৩’ ছবিখনৰ জৰিয়তে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিব ৷ এই ছবিখনত তেওঁক আকৌ এবাৰ দেখা যাব কেটৰিণা কাইফৰ সৈতে। চলিত বৰ্ষৰ ১০ নৱেম্বৰত মুক্তি পাব ছবিখন।

লগতে পঢ়ক: Madhu Chopra: প্ৰিয়ংকা চোপ্ৰাৰ মাতৃ মধুয়ে ক’লে কিয় পৰিণীতিৰ বিয়ালৈ নাহিল প্ৰিয়ংকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.