ETV Bharat / entertainment

Engineer's Day 2023: অভিযন্তা হোৱাৰ উপৰিও আজি বলীউডত খুবেই জনপ্ৰিয় এইসকল তাৰকা - অভিনেতা হোৱাৰ পূৰ্বে ইঞ্জিনিয়াৰ আছিল চেলিব্ৰিটি

১৫ ছেপ্টেম্বৰ তাৰিখটো সমগ্ৰ দেশতে অভিযন্তা দিৱস হিচাপে পালন কৰা হয় । অভিযন্তা দিৱসত জানো আহক এনে কিছুমান চেলিব্ৰিটিৰ সৈতে যিসকল অভিনয় জগতত অহাৰ পূৰ্বে অভিযন্তা আছিল ৷

Engineers Day 2023 : Actors who opted bollywood to leave Engineering
অভিনেতা হোৱাৰ পূৰ্বে ইঞ্জিনিয়াৰ আছিল এইসকল চেলিব্ৰিটি
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 2:23 PM IST

চিটাৰা ডেস্ক, ১৫ ছেপ্টেম্বৰ: বলীউডৰ তাৰকাৰ বিষয়ে সকলোৱে জানে, কিন্তু আপুনি জানেনে বলীউডত এনে কিছুমান তাৰকা আছে, যিসকলে অভিনেতা-অভিনেত্ৰী হোৱাৰ পূৰ্বে হ’ব বিচাৰিছিল অভিযন্তা ৷ হয়, বলীউডৰ কিছুমান চেলিব্ৰিটি পূৰ্বে আছিল অভিযন্তা । কিন্তু এতিয়া তেওঁলোকে ইঞ্জিনিয়াৰিং এৰি অভিনয়কে নিজৰ কেৰিয়াৰ হিচাপে বাছি লৈছে । B.Tech পঢ়াৰ পিচতো এইসকলে বাছি লৈছিল অভিনয় জগত ৷

১৫ ছেপ্টেম্বৰৰ তাৰিখটো সমগ্ৰ দেশতে অভিযন্তা দিৱস হিচাপে পালন কৰা হয় । আজি অভিযন্তা দিৱসত আমি ক’ম সেইসকলৰ কথা, যিয়ে ইঞ্জিনিয়াৰিং এৰি বলীউড উদ্যোগত নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে ৷ আজি এই তাৰকাসকলে উদ্যোগটোত কেৱল কেৰিয়াৰ গঢ়ি তোলাই নহয়, নিজৰ নামো উজলাই তুলিবলৈ সক্ষম হৈছে ।

আমীষা পেটেল

বলীউডৰ অভিনেত্ৰী অমীষা পেটেলৰ অভিনীত 'গদৰ ২' শেহতীয়াকৈ মুক্তি লাভ কৰিছে । বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে ‘গদৰ ২’য়ে । ছবিখনে বক্স অফিচত ভাল উপাৰ্জন কৰিছে । উল্লেখ্য যে, গদৰৰ অভিনেত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সমাপ্ত কৰি আমেৰিকাৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছিল । দুবছৰ অভিযান্ত্ৰিক পাঠ্যক্ৰম কৰাৰ পিচত অভিনেত্ৰীগৰাকীয়ে অৰ্থনীতিলৈ ডিগ্ৰী বদলি কৰে ।

বিকি কৌশল

বলীউডৰ অভিনেতা বিকি কৌশলৰ ছবি 'দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি' অতি শীঘ্ৰেই আহি আছে ছবিগৃহত । অহা ২২ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন । বিকিয়ে ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা বি.টেক অধ্যয়ন কৰিছে । কিন্তু বলীউডৰ প্ৰতি থকা প্ৰৱণতাৰ বাবেই দুবছৰৰ মূৰত অভিযান্ত্ৰিক জীৱন ত্যাগ কৰি বিকিয়ে বলীউড উদ্যোগত আৰম্ভ কৰে নিজৰ কেৰিয়াৰ ।

কৃতি সেনন

অভিনেত্ৰী কৃতি সেননে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সম্পন্ন কৰাৰ পিছত নয়ডাৰ জেপী ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা বি.টেক ডিগ্ৰী লাভ কৰে ৷ কিন্তু B.Tech কৰাৰ পিচত কৃতি ঢাপলি মেলে বলীউডলৈ ৷

তাপসী পান্নু

ইঞ্জিনিয়াৰিং কৰা সকলৰ তালিকাত তাপসী পান্নুৰ নামো অন্তৰ্ভুক্ত আছে । আজি তাপসীয়ে বলীউডত নিজৰ নাম উজলাই তুলিছে । কিন্তু অভিনেত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পাচতে বি.টেক ডিগ্ৰী লাভ কৰিছিল । আনকি তাপসীয়ে কিছুদিন অভিযন্তা হিচাপেও কাম কৰিছিল ।

কাৰ্তিক আৰিয়ান

আজি বলীউডত নিজৰ স্থান বনাবলৈ সক্ষম হৈছে কাৰ্তিক আৰিয়ানে । এসময়ত অভিনেতাগৰাকীয়ে ইঞ্জিনিয়াৰিঙৰ পঢ়া আৰম্ভ কৰিছিল যদিও কাৰ্তিকে ক্লাছ মিছ কৰি অডিচনলৈ গৈছিল । ইঞ্জিনিয়াৰিং অধ্যয়ন কৰি থাকোঁতেই মডেলিং আৰম্ভ কৰিছিল কাৰ্তিকে ।

লগতে পঢ়ক: Munna Bhai 3: একেলগে দেখা গ’ল সঞ্জয় দত্ত আৰ্শ্বদ ৱাৰ্ছি ৰাজকুমাৰ হিৰানীক; আহি আছে নেকি মুন্না ভাই ৩ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.