ETV Bharat / entertainment

ডাংকিৰ প্ৰথমটো গীত 'লুট পুট' মুক্তি, তাপসী পান্নুৰ প্ৰেমত কিং খান

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 4:05 PM IST

Dunki Lutt Putt Song: শ্বাহৰুখ খানৰ ছবি 'ডাংকিৰ' ৰ বহু প্ৰত্যাশিত গীত Lutt Putt মুক্তি লাভ কৰিছে । এই ৰোমান্টিক ট্ৰেকত কিং খানক তাপসী পান্নুৰ প্ৰেমত পৰা দেখা গৈছে ।

Dunki song Lutt Putt Gaya: First song from Shah Rukh Khan and Taapsee Pannyu starrer out now
'ডাংকি'ৰ প্ৰথমটো গীত ‘লুট-পুট’ মুকলি

চিটাৰা ডেস্ক, 22 নৱেম্বৰ: চলিত বৰ্ষৰ বৰদিন উপলক্ষে মুক্তি পাব শ্বাহৰুখ খানৰ ছবি ‘ডাংকি’ । পাঠান আৰু জৱান উপভোগ কৰা পিচত এতিয়া অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে শ্বাহৰুখ খানৰ এই ছবিখনৰ বাবে । শেহতীয়াকৈ ছবিখনৰ প্ৰথম টিজাৰ মুকলি কৰিছিল নিৰ্মাতাই ৷ এতিয়া ছবিখনৰ প্ৰথমটি গীত মুকলি কৰিছে নিৰ্মাতাই ৷ আজি মুকলি হ’ল ডাংকিৰ ‘লুট-পুট’ গীত ।

  • " class="align-text-top noRightClick twitterSection" data="">

'ডাংকি'ৰ প্ৰথমটো গীত ‘লুট-পুট’ মুকলি

‘লুট-পুট’ গীতটি এটি ৰোমান্টিক ট্ৰেক, য’ত শ্বাহৰুখ খানক তাপসী পান্নুৰ বাবে নিজৰ প্ৰেম প্ৰকাশ কৰা দেখা যায় । দুয়োৰে কেমিষ্ট্ৰী গীতটিত খুব ধুনীয়াকৈ দেখুওৱা হৈছে । এই গীতটিত কণ্ঠদান কৰিছে অৰিজিৎ সিঙে । ইফালে গীতটি ৰচনা কৰিছে প্ৰীতমে । গীতৰ কথা লিখিছে স্বানন্দ কিৰকিৰে আৰু আই পি সিঙে ।

কেনেকুৱা আছিল ছবিখনৰ টিজাৰ ?

শেহতীয়াকৈ ছবিখনৰ প্ৰথম ড্ৰপত নিৰ্মাতাসকলে মুকলি কৰিছিল ছবিখনৰ টিজাৰ ৷ টিজাৰটোৱে দৰ্শকৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছিল । চেঞ্চৰ ব’ৰ্ডে টিজাৰটোক দিছিল ইউ চাৰ্টিফিকেট । ছবিখনৰ দুটা টিজাৰ মুক্তি পোৱাৰ খবৰ আহিছিল । অৱশ্যে এতিয়ালৈকে কেৱল এটা টিজাৰ হে মুকলি হৈছে ৷ উল্লেখ্য যে, শ্বাহৰুখ খানৰ ডাংকি ছবিখন ‘জৱান’ আৰু ‘পাঠান’ৰ পৰা সম্পূৰ্ণ পৃথক হ’ব । ছবিখনত শ্বাহৰুখৰ উপৰিও তাপসী পান্নু আৰু বিকি কৌশলকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ।

এই ছবিখনৰ কাহিনী

ছবিখনৰ কাহিনীৰ কথা ক’বলৈ গ’লে ইংলেণ্ডলৈ যোৱাৰ সপোন দেখা চাৰিজন বন্ধুৰ কাহিনী চিত্ৰিত কৰিছে ছবিখনত । অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে শ্বাহৰুখৰ এই ছবিখনৰ বাবে ।

লগতে পঢ়ক: অ’টিটিত জৱানে ভংগ কৰিলে আন এক অভিলেখ, আনন্দত কিং খানে ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.