ETV Bharat / entertainment

প্ৰভাসৰ ছালাৰৰ সন্মুখত ঠাণ্ডা পৰিল নেকি শ্বাহৰুখ খানৰ ডাংকি ?

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 2:36 PM IST

Dunki Box Office Collection Day 7: প্ৰভাসৰ ছালাৰে শ্বাহৰুখ খানৰ ডাংকিৰ উপাৰ্জনত যথেষ্ট প্ৰভাৱ পেলাইছে । অৱশ্যে কিং খানৰ এই ছবিখনে বৰ্তমানলৈকে বক্স অফিচত কিমান কোটি টকা উপাৰ্জন কৰিছে জানো আহক ।

Dunki box office day 7: Shah Rukh Khan starrer mints over Rs 150 crore in first week
ডাংকি বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ২৮ ডিচেম্বৰ : শ্বাহৰুখ খান আৰু তাপসী পান্নু অভিনীত ছবি ‘ডাংকি’ বক্স অফিচত মুটামুটি ভাল প্ৰদৰ্শন আগবঢ়াইছে । পাৰিবাৰিক কমেডী নাটক ছবিখনে দৰ্শকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে । অৱশ্যে প্ৰভাসৰ ‘ছালাৰ’ৰ সন্মুখত এই ছবিখন কিছু ঠাণ্ডা পৰিছে । কেৱল ইমানেই নহয়, এই বৰ্ষৰ শ্বাহৰুখ খানৰ দুখন ডাঙৰ ব্লকবাষ্টাৰ ছবি পাঠান আৰু জৱানতকৈও কম উপাৰ্জন কৰিছে এই ছবিখনে । জানো আহক 'ডাংকি' মুক্তিৰ ৭ দিনত বক্স অফিচত কিমান কোটি টকা উপাৰ্জন কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মুক্তিৰ ৭ দিনত কিমান উপাৰ্জন কৰিছে ‘ডাংকিয়ে’ ?

বক্স অফিচত প্ৰভাসৰ ছবি ছালাৰৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে ‘ডাংকি’ । ছালাৰে ব্যাপক ধন উপাৰ্জন কৰাৰ বিপৰীতে শ্বাহৰুখ খানৰ ছবিখন সংগ্ৰহৰ ক্ষেত্ৰত প্ৰভাসৰ ছবিতকৈ বহুগুণে পিচ পৰি আছে । অৱশ্যে মুক্তিৰ ৭ দিনত ঘৰুৱা বক্স অফিচত ‘ডাংকি’এ ১০০ কোটিৰো অধিক ধন উপাৰ্জন কৰিছে । ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে ‘ডাংকি’এ প্ৰথম দিনাই ২৯.২ কোটি, দ্বিতীয় দিনা ২০.১২ কোটি, তৃতীয় দিনা ২৫.৬১ কোটি, চতুৰ্থ দিনত ৩০.৭ কোটি, পঞ্চম দিনত ২৪.৩২ কোটি টকা সংগ্ৰহ কৰিছে আৰু ষষ্ঠ দিনা ১১.৫৬ কোটি টকা । এতিয়া এই ছবিখনৰ সপ্তম দিনা অৰ্থাৎ বুধবাৰৰ উপাৰ্জন পোহৰলৈ আহিছে ।

  • Sacknilk ৰ ৰিপ’ৰ্ট অনুসৰি ‘ডাংকি’ মুক্তিৰ সপ্তম দিনা অৰ্থাৎ বুধবাৰে ৯.৭৫ কোটি টকা আয় কৰিছে ।
  • ইয়াৰ লগে লগে ভাৰতত ‘ডাংকি’ৰ সাত দিনৰ মুঠ উপাৰ্জন হৈছেগৈ ১৫১.২৬ কোটি টকা ।

বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে ‘ডাংকি’এ ?

  • December 27th India Box Office #Prabhas      ' #Salaar       vs #ShahRukhKhan's #Dunki

    Salaar has SOLD a WHOPPING 7,67,436 tickets from 9521 shows with 29.74% occupancy.

    National Chains
    PVR - 1,16,225 - ₹ 3.42 cr
    INOX - 1,13,204 - ₹ 3.09 cr
    Cinepolis -… pic.twitter.com/rZTeoCRQFN

    — Manobala Vijayabalan (@ManobalaV) December 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শ্বাহৰুখ খানৰ ‘ডাংকি’ ছবিখনে বিদেশত যথেষ্ট সঁহাৰি লাভ কৰিছে । এই ছবিখনে বিশ্বব্যাপী বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছে । ছবিখনৰ বিশ্বব্যাপী উপাৰ্জনৰ কথা ক’বলৈ গ’লে ছবিখনে মুক্তিৰ ছয় দিনত ২৮৩.১৩ কোটি টকা আয় কৰিছে । ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে নিজৰ ইনষ্টাগ্ৰাম পেজত এই তথ্য শ্বেয়াৰ কৰিছে । আনহাতে ‘ডাংকি’এ সপ্তম দিনটোত বিশ্বজুৰি ৩০০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ।

‘ডাংকি’ৰ ষ্টাৰকাষ্ট

‘ডাংকি’ পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে । শ্বাহৰুখ খানৰ উপৰিও তাপসী পান্নু, বোমন ইৰানী, বিকি কৌশলকে ধৰি বহু অভিনেতাই এই ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

লগতে পঢ়ক: বৰদিনত উজলিল ডাংকিৰ ভাগ্য, সোমবাৰে ছবিখনে কিমান উপাৰ্জন কৰিলে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.