ETV Bharat / entertainment

Disha Patani: দিশা পাটানীৰ প্ৰেমিকৰ হাতত অভিনেত্ৰীগৰাকীৰ মুখৰ টেটু, ব্যৱহাৰকাৰীয়ে ক’ল - এতিয়া টাইগাৰৰ কি হ’ব ?

author img

By

Published : Aug 20, 2023, 3:54 PM IST

নিজৰ ব্যক্তিগত জীৱনকৰ বাবে প্ৰায়ে লাইমলাইটত থাকে দিশা পাটানী ৷ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এটা ভিডিঅ’ য’ত দিশাৰ তথাকথিত প্ৰেমিকৰ হাতত দেখা গ’ল অভিনেত্ৰীগৰাকীৰ মুখৰ টেটু। চাওক ভিডিঅ’ ৷

Disha Patani's rumoured boyfriend Aleksandar Ilic tattooes her face on his arm
দিশাৰ তথাকথিত প্ৰেমিকৰ হাতত দেখা গ’ল অভিনেত্ৰীগৰাকীৰ মুখৰ টেটু

চিটাৰা ডেস্ক, 20 আগষ্ট: বলীউডৰ অভিনেত্ৰী দিশা পাটানী এতিয়া অভিনেত্ৰীৰ পৰা পৰিচালক হিচাপে পৰিগণিত হৈছে। পেছাদাৰী জীৱনত নতুন ইনিংছ আৰম্ভ কৰি দিশাই বৰ্তমান নিজৰ ব্যক্তিগত জীৱনৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে দিশা আৰু তেওঁৰ তথাকথিত প্ৰেমিকৰ এটা ভিডিঅ’।

টাইগাৰ শ্ৰফৰ সৈতে ব্ৰেকআপৰ পিচত দিশা পাটানীৰ নাম জড়িত হৈ পৰিছে আলেকজেণ্ডাৰ এলেক্সআইলিকৰ সৈতে । টাইগাৰৰ সৈতে ব্ৰেকআপৰ পিচত দিশাক আলেকজেণ্ডাৰৰ সৈতে কেইবাবাৰো দেখা গৈছিল । এতিয়া আলেকজেণ্ডাৰৰ এটা ভিডিঅ’ই স্পষ্ট কৰি যে তেওঁ সঁচাকৈয়ে দিশাৰ লগত ডেট কৰি আছে ।

দিশাৰ মুখখন টেটু হিচাপে নিজৰ শৰীৰত অংকণ কৰিলে দিশাৰ প্ৰেমিকে

আচলতে আলেকজেণ্ডাৰে দিশা পাটানীৰ মুখখন বাহুত টেটু কৰিছে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীতো আলেকজেণ্ডাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে । ক্লিপটোত প্ৰথমে দিশাই টাইগাৰৰ ভগ্নী কৃষ্ণা শ্ৰফৰ সৈতে পোজ দিয়া দেখা যায় । তাৰ পিচত কেমেৰা কৰা গৰাকীয়ে আলেকজেণ্ডাৰৰ বাহুত জুম ইন কৰে, য’ত দেখা যায় আলেকজেণ্ডাৰৰ বাহুত দিশাৰ মুখৰ টেটু ।

দিশা পাটানীৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'এতিয়া টাইগাৰৰ কি হ’ব ?' এজনে লিখিছে, 'টাইগাৰ এতিয়াও জীয়াই আছে।' আন এজন ব্যৱহাৰকাৰীয়ে ধেমালিতে কয়, ‘টেটুত দিশাক আদিবাসী দেখা গৈছে।’

দিশা পাটানীয়ে কি ক’লে এই সন্দৰ্ভত ?

দিশা পাটানীয়ে টাইগাৰ শ্ৰফৰ লগত বহুদিন ডেট কৰিছিল যদিও তেওঁলোকৰ সম্পৰ্ক কেতিয়াও মুকলিকৈ মানি লোৱা নাছিল দুয়োগৰাকীয়ে । ইগৰাকীয়ে সিগৰাকীক সদায় ভাল বন্ধু বুলি অভিহিত কৰিছিল । অৱশ্যে কেইমাহমান আগতে দুয়োৰে মাজত ব্ৰেকআপ হয় ৷ এতিয়া দিশা আলেকজেণ্ডাৰৰ সৈতে সম্পৰ্কত থকা বুলি জানিব পৰা গৈছে ।

শেহতীয়াকৈ দিশা আৰু আলেকজেণ্ডাৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে, য’ত তেওঁ আলেকজেণ্ডাৰক নিজৰ প্ৰেমিক বুলি কোৱা দেখা গৈছে দিশাক ।

অভিনেত্ৰীৰ পৰা এতিয়া পৰিচালকলৈ পৰিণত হ’ল দিশা পাটনী

২০১৫ চনত ‘লোফাৰ’ ছবিৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা দিশা পাটনী এতিয়া পৰিচালক ৰূপে বলীউডত আত্মপ্ৰকাশ কৰিছে । শেহতীয়াকৈ তেওঁ ‘কিউন কাৰুণ ফিকাৰ’ নামৰ মিউজিক ভিডিঅ’টোৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে । ইফালে অচিৰেই দেখা যাব অভিনেত্ৰীগৰাকীক ‘কলকী ২৮৯৮ খ্ৰীষ্টাব্দ’ ছবিখনত ।

লগতে পঢ়ক: Disha Patani boyfriend:টাইগাৰৰ পিছত এইয়া কাৰ আগমণ ঘটিল দিশাৰ জীৱনলৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.