ETV Bharat / entertainment

Dipika Chikhlia: ৩৫ বছৰ পিচত পুনৰ সীতাৰ দেৱীৰ ৰূপত দীপিকা চিখলিয়া

author img

By

Published : Jun 20, 2023, 9:13 PM IST

Updated : Jun 20, 2023, 9:35 PM IST

সীতা দেৱীৰ ৰূপত ভিডিঅ’ শ্বেয়াৰ কৰিছে দিপিকা চিখলিয়াই ৷ কেইমিনিটমানৰ এই ৰিলটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷

Dipika Chikhlia recreates her Sita Avatar of Ramayana, fans say she's '600 crore times better than Kriti Sanon'
মাতা সীতাৰ ৰূপত দীপিকা চিখলিয়া

চিটাৰা ডেস্ক, 20 জুন: ৰামানন্দ সাগৰৰ দ্বাৰা নিৰ্মিত জনপ্ৰিয় টেলিভিজন ধাৰাবাহিক 'ৰামায়ণ' অফ এয়াৰ হোৱাৰ আজি বহু বছৰ পাৰ হৈ গ’ল, কিন্তু এতিয়াও অনুৰাগীয়ে পাহৰা সেই ঐতিহাসিক চৰিত্ৰবোৰ ৷ এই ধাৰাবাহিকখনত অভিনেতাসকলে অভিনয় কৰা চৰিত্ৰবোৰ আজিও মানুহৰ মনত সজীৱ হৈ আছে ৷ সেয়াহে তেওঁলোকে এতিয়াও একেটা ৰূপতে দেখা পায় এই অভিনেতা-অভিনেত্ৰীসকলক।

সম্প্ৰতি ৰামায়ণৰ আধাৰত নিৰ্মিত ছবি ‘আদিপুৰুষ’ক লৈ দেশজুৰি চলিছে বিতৰ্ক ৷ ইয়াৰ মাজতে টিভিত সীতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী দীপিকা চিখলিয়াই সীতাৰ দেৱীৰ ৰূপত এনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিটো ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷

আকৌ আহিল সীতা

দীপিকাই শ্বেয়াৰ কৰা কেইছেকেণ্ডৰ এই ভিডিঅ’টোত দীপিকা চিখলিয়াক ধাৰাবাহিকত অভিনয় কৰা সীতা দেৱীৰ লুকত ভক্তিত নিমগ্ন হোৱা দেখা গৈছে । অভিনেত্ৰীগৰাকীয়ে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বিশেষ কেপচনৰ সৈতে শ্বেয়াৰ কৰিছে । অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে- ‘আপোনালোকৰ দাবীত এই পোষ্টটো শ্বেয়াৰ কৰিছো । সেই ভূমিকাক মই সদায় ধন্যবাদ দিম যাৰ বাবে মই সদায় আপোনালোকৰ পৰা ইমান মৰম পাই আহিছো । মই...সীতা দেৱীৰ ৰূপত ৷ ’

বহু বছৰ পিচত দীপিকা চিখলিয়াক সীতা দেৱীৰৰ চৰিত্ৰত দেখি অনুৰাগীসকল ৰোমাঞ্চিত হৈ পৰিছে । আনকি দীপিকাই ছ’চিয়েল মিডিয়াত মন্তব্য কৰি আদিপুৰুষ ছবিখনক অহৰহ সমালোচনা কৰি আহিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘মেম, আপোনাৰ এই এটা ৰিলে সমগ্ৰ আদিপুৰুষ ছবিখনক চেৰ পেলাব ।’’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘যদি আপুনি চকু মুদি সীতা দেৱীক মনত পেলায়, তেন্তে কেৱল তেওঁৰ প্ৰতিচ্ছবিহে মনলৈ আহে ।’’

আৱ এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, 'মাতৃ সীতাৰ চৰিত্ৰত আপোনাৰ ঠাইত কোনেও ল’ব নোৱাৰে ।' আনজনে লিখিছে, ‘‘আপুনি কলিযুগৰ সীতা দেৱী’’। উল্লেখ্য যে, ‘ৰামায়ণ’ ধাৰাবাহিকখনত ৰাম আৰু লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীয়ে আদিপুৰুষ ছবি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ দুয়োগৰাকীয়েই ছবিখনক সমালোচনা কৰিছে ৷

লগতে পঢ়ক: TV Serial Ramayan: ৩৬ বছৰ পূৰ্বে নিৰ্মিত ৰামায়ণৰ এটা খণ্ডই কিমান উপাৰ্জন কৰিছিল জানিলে আচৰিত হ’ব আপুনি

Last Updated : Jun 20, 2023, 9:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.