ETV Bharat / entertainment

ধূমৰ পৰিচালক সঞ্জয় গাধৱীৰ দেহাৱসান, চাহ খাই থকা অৱস্থাতে হঠাৎ ঢলি পৰে মাটিত

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 2:03 PM IST

Sanjay Gadhvi Passed Away: ধূমৰ পৰিচালক সঞ্জয় গাধৱী আৰু নাই । পুৱা ঘৰত চাহ খাই থকা অৱস্থাত হঠাৎ মাটিত ঢলি পৰে আৰু মৃত্যুক সাবটি লয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 57 বছৰ ।

Dhoom Director Sanjay Gadhvi Passed Away At 56 due to Heart Attack
সঞ্জয় গাধৱীৰ দেহাৱসান

চিটাৰা ডেস্ক, 19 নৱেম্বৰ: ‘ধূম’ আৰু ‘ধূম 2’ৰ দৰে ছুপাৰহিট ছবি পৰিচালনা কৰা পৰিচালক সঞ্জয় গাধৱী আৰু নাই ৷ দেওবাৰে 57 বছৰ বসয়ত শেষ নিশ্বাস ত্যাগ কৰে পৰিচালকগৰাকীয়ে । জানিব পৰা মতে আজি পুৱা প্ৰায় 8.45 বজাত ঘৰত চাহ খাই থকা অৱস্থাত হঠাৎ মাটিত ঢলি পৰে আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাত মৃত্যুক সাবটি লয় ।

সঞ্জয় গাধৱীয়ে পূৰ্বে শ্ৰীদেৱীয়ে বাস কৰা আন্ধেৰী অঞ্চলৰ একেটা অট্টালিকা ‘গ্ৰীণ একৰ’তে বাস কৰিছিল । যদিও যোৱা এবছৰ ধৰি সেই অট্টালিকাটোত বাস কৰা নাই বনী কাপুৰে, কিন্তু আজি পুৱা সঞ্জয়ৰ মৃত্যু হোৱা বুলি তেওঁ চুবুৰীয়াৰ উদ্ধৃতি দি এই কথা নিশ্চিত কৰিছে ।

ইফালে ঘৰতে অচেতন হৈ পৰাৰ পিচত সঞ্জয়ক লগে লগে আন্ধেৰীৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু দুৰ্ভাগ্যজনক ভাৱে চিকিৎসকে পৰিচালকগৰাকীক মৃত বুলি ঘোষণা কৰে । বৰ্তমান সঞ্জয় গাধবীৰ মৃতদেহ চিকিৎসালয়তে আছে ।

এই ছবিখনৰ পৰাই খ্যাতি লাভ কৰিছিল সঞ্জয়ে

সঞ্জয়ে 2000 চনত ‘তেৰে লিয়ে’ ছবিৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল । ইয়াৰ পূৰ্বে এই ছবিখনৰ নাম আছিল ‘তু হি বাতা’, য’ত অৰ্জুন ৰামপাল আৰু ৰবীনা টেণ্ডনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । কিন্তু কম বাজেটৰ বাবে ছবিখন আধাতে বন্ধ কৰিব লগা হয় । 2004 চনত প্ৰথমবাৰৰ বাবে খ্যাতি লাভ কৰিছিল সঞ্জয়ে । একচন থ্ৰিলাৰ ছবি ধূম পৰিচালনা কৰিছিল সঞ্জয়ে । ধূম ছবিখনত অভিষেক বচ্চন, উদয় চোপ্ৰা, জন আব্ৰাহাম, ঈশা দেওল, ৰিমি সেনৰ দৰে তাৰকাক দেখা গৈছিল । চিনেমাখন বক্স অফিচত ছুপাৰহিট ৰূপে পৰিগণিত হৈছিল ।

ইয়াৰ উপৰিও সঞ্জয়ে পৰিচালনা কৰিছে ‘মেৰে ইয়াৰ কি শ্বাদী হায়’ আৰু ইমৰাণ খানৰ অভিনীত ছবি ‘কিডনেপ’। ইয়াৰ উপৰিও 2012 চনত তেওঁ পৰিচালনা কৰিছিল ‘আজাব গাজাব লাভ’। তেওঁ ‘অপাৰেচন পৰিন্দে’ ছবিখনো পৰিচালনা কৰিছে । এই ছবিখন 2020 চনত মুক্তি লাভ কৰিছিল ।

লগতে পঢ়ক: অভিনেতা বিনোদ থমাছৰ দেহাৱসান, বাহনত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.