ETV Bharat / entertainment

Karan deol wedding: লাইটেৰে সজাই তুলিছে ছানী দেওলৰ বাসগৃহ; বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে ছানীৰ পুত্ৰ কৰণ, চাওক ছবি. .

author img

By

Published : Jun 13, 2023, 1:22 PM IST

১৮ জুনত বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে ছানী দেওলৰ পুত্ৰ কৰণ দেউল ৷ এতিয়াৰে পৰা উখল-মাখল পৰিৱেশ দেখা গ’ল ছানী দেওলৰ বাসগৃহত ৷ আগমন ঘটিছে বহু অতিথিৰ ৷ চাওক বিবাহৰ অনুষ্ঠানৰ ছবিসমূহ ৷

Deol family comes together for Sunny's son Karan's pre-wedding festivities
বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে ছানী দেওলৰ পুত্ৰ কৰণ দেউল

চিটাৰা ডেস্ক, 13 জুন: দেওল পৰিয়ালত আৰম্ভ হৈছে বিবাহৰ প্ৰস্তুতি। খবৰ অনুসৰি ১৮ জুনত প্ৰেমিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব ছানি দেউলৰ পুত্ৰ কৰণ দেউল ৷ বিয়াৰ বাবে ইতিমধ্যেই ছানি দেউলৰ বাসগৃহত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ ৷ ৰং-বিৰঙি লাইটেৰে পোহৰাই তুলিছে ছানি দেউলৰ বাসগৃহ আৰু বহু অতিথিক পৰম্পৰাগত সাজ পৰিধান কৰি এই অনুষ্ঠানত উপস্থিত হোৱা দেখা গৈছে ৷ এনে সময়ত আমাৰ হাতত আছে সভাস্থলীৰ কিছু ৰোমাঞ্চকৰ ফটো । গতিকে চাও আহক এইসমূহ ফটো আৰু ভিডিঅ’ ৷

বাসগৃহৰ বাহিৰত পাপাৰাজীৰ বাবে পোজ দিয়ে অভিনেতা ছানী দেওলে। অভিনেতাগৰাকীক নীলা ৰঙৰ সাজ-পোছাক পৰিধান কৰা দেখা গৈছে । দৰাৰ পিতৃ হিচাপে অতিথিক আপ্যায়ন কৰা দেখা গৈছে ছানী দেওলক ৷ ইফালে এনে সুখৰ সময়ত ভাতৃৰ ঘৰত উপস্থিত থকা দেখা গ’ল ববি দেউলক । দেওল ভাতৃদ্বয়েও অভয় দেওলৰ লগত পোজ দিবলৈ ওলাই আহিছিল বাসগৃহৰ বাহিৰত । তিনি ভাতৃয়ে একেলগে পাপাৰাজীৰ বাবে পোজ দিয়ে ৷

অভয় দেওলক কেজুৱেল আউটফিটত দেখা গৈছে ৷ ডেনিমৰ সৈতে ক’লা টি-চাৰ্ট আৰু প্ৰিণ্টেড জেকেট পৰিধান কৰিছিল অভিনেতাগৰাকীয়ে । আনহাতে ববি দেওলে বগা চাৰ্ট আৰু ক’লা ট্ৰাউজাৰ বাছি লৈছিল এই অনুষ্ঠানৰ বাবে ।

অভিনেতা ৰণবীৰ সিঙৰ পৰিয়ালকো দেখা গ’ল ছানী দেওলৰ বাসগৃহত ৷ সকলোৱে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ছানী দেওলৰ পুত্ৰৰ বিয়াৰ অনুষ্ঠানত উপস্থিত হোৱা দেখা যায় ৷ পূনম ধিলোনৰ কন্যা পালোমাই প্ৰিণ্টেড লেহেংগা পৰিধান সভাস্থলীৰ বাহিৰত পাপাৰাজীৰ বাবে পোজ দিয়ে ।

দেওবাৰে সন্ধিয়া বিয়াৰ উৎসৱৰ বাবে ছানীৰ বাসগৃহ লাইট আৰু ফুলেৰে সজাই তোলা হৈছিল । সভাস্থলীৰ পৰা চাওক কিছুমান ছবি . . .

সূত্ৰ অনুসৰি কৰণৰ সংগী ডুবাইৰ আৰু তেওঁৰ ছবিজগতৰ সৈতে কোনো সম্পৰ্ক নাই ৷ খবৰ অনুসৰি, কৰণৰ ইতিমধ্যে নিজৰ লেডী লাভৰ সৈতে আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছে ৷ তেওঁৰ ককা-আইতা ধৰ্মেন্দ্ৰ আৰু প্ৰকাশ কৌৰৰ বিবাহ বাৰ্ষিকী উপলক্ষে এক ঘনিষ্ঠ অনুষ্ঠানত বাগ্দান অনুষ্ঠান অনুষ্ঠিত হয় ।

পিতৃৰ দৰে কৰণো এগৰাকী অভিনেতা । ২০১৯ চনত পিতৃৰ ছবি ‘পাল পাল দিল কে পাছ’ত ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল । কেৱল কৰণেই নহয়, এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে ছাহহেৰ বাম্ব্বাৰে । ছবিখন পৰিচালনা কৰিছে তেওঁৰ পিতৃ ছানী দেওলে।

‘পাল পাল দিল কে পাছ’ ছবি জৰিয়তে আত্মপ্ৰকাশ কৰাৰ পিচত ২০২১ চনত ‘ভেলে’ ছবিত দ্বিতীয়বাৰৰ বাবে দেখা পোৱা গৈছিল অভিনেতাগৰাকীক ৷ ছবিখনত অভিনয় কৰিছিল মৌনি ৰায় আৰু অন্যা সিঙে । ইয়াৰ প্ৰযোজক অজয় দেৱগন আৰু পৰিচালক আছিল দেৱেন মুঞ্জাল ।

ছ’চিয়েল মিডিয়াত প্ৰায়ে পুত্ৰ কৰণৰ সৈতে ছবি শ্বেয়াৰ কৰে ছানী দেউলে। যোৱা বছৰ কৰণৰ ৩২ সংখ্যক জন্মদিনত তেওঁ পাল পাল দিল কে পাছ ছবিত পৰিচালনা কৰা সময়ৰ কথা মনত পেলাইছিল । ইয়াৰ পিচত কৰণক আপনে ২ ত পিতৃৰ সৈত পৰ্দাৰ স্থান ভাগ-বতৰা কৰা দেখা যাব ।

লগতে পঢ়ক: Prabhudeva Baby: ৫০ বছৰ বয়সত পুনৰ পিতৃ হ’ল প্ৰভু দেৱা, দ্বিতীয় পত্নীয়ে জন্ম দিলে এটি মৰমলগা কন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.