ETV Bharat / entertainment

Deepika Padukone Ranveer Singh split: বৈবাহিক জীৱনত বেমেজালিৰ বাতৰি সন্দৰ্ভত মুখ খুলিলে দীপিকাই

অলপতে মেঘান মাৰ্কেলৰ প’ডকাষ্টত উপস্থিত হৈছিল দীপিকা পাডুকন । প’ডকাষ্টটোৱে বিভিন্ন বিষয় আৰু দিশ সামৰি লৈছিল কিন্তু এটা নিৰ্দিষ্ট খণ্ডই সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । সেই খণ্ডটোত দীপিকাই পৰোক্ষভাৱে তেওঁৰ বিবাহিত জীৱনত সমস্যা সৃষ্টি হোৱাৰ বাতৰি খণ্ডন কৰে আৰু নিশ্চিত কৰে যে ৰণবীৰৰ সৈতে সকলো ঠিকেই আছে (Deepika on rumours of trouble in marriage)।

author img

By

Published : Oct 13, 2022, 12:44 PM IST

Deepika Padukone
বৈবাহিক জীৱনত বেমেজালিৰ বাতৰি সন্দৰ্ভত মুখ খুলিলে দীপিকাই

চিটাৰা ডেস্ক, 13 অক্টোবৰ : মেঘান মাৰ্কেলৰ প’ডকাষ্টত অলপতে উপস্থিত হৈছিল দীপিকা পাডুকন । প’ডকাষ্টটোৱে বিভিন্ন বিষয় আৰু দিশ সামৰি লৈছিল কিন্তু এটা নিৰ্দিষ্ট খণ্ডই সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । উক্ত খণ্ডটোত দীপিকাই পৰোক্ষভাৱে তেওঁৰ বিবাহিত জীৱনত সমস্যা সৃষ্টি হোৱাৰ বাতৰি খণ্ডন কৰে আৰু নিশ্চিত কৰে যে ৰণবীৰৰ সৈতে সকলো ঠিকেই আছে ।

প’ডকাষ্টত মেঘানৰ সৈতে কথা পাতি দীপিকাই কয় যে, ৰণবীৰ এটা সংগীত উৎসৱত অংশগ্ৰহণ কৰিবলৈ গৈ এসপ্তাহ ধৰি আঁতৰত আছে আৰু যেতিয়া তেওঁ ঘূৰি আহিব তেতিয়া ৰণবীৰ দীপিকাক দেখি সুখী হ’ব । দীপিকাই কয়, "মোৰ স্বামী এসপ্তাহ ধৰি এটা সংগীত উৎসৱত আছিল আৰু তেওঁ মাত্ৰ ঘৰলৈ উভতি আহিছে । গতিকে, তেওঁ মোৰ মুখখন দেখি সুখী হ'ব" ৷

খণ্ডটোৰ পিছত দুয়োৰে অনুৰাগীসকলে স্বস্তিৰে নিশ্বাস পেলাই কিয়নো তেওঁলোকৰ বিভাজনৰ বিষয়ে বাতৰি শুনি বিচলিত হৈছিল অনুৰাগী । বিগত মাহত ছ'চিয়েল মিডিয়াত তেওঁলোকৰ বিচ্ছেদৰ বিষয়ে বাতৰি ওলাইছিল । দুয়োজন তাৰকাই এই সন্দৰ্ভত মন্তব্য দিয়াত সঁচাকৈয়ে কোনো মনোযোগ দিয়া নাছিল ৷ ইনষ্টাগ্ৰামত এজনে আনজনৰ ফটোত দিয়া কমেণ্ট দেখিয়ে অনুৰাগীসকলে স্বস্তিৰ নিশ্বাস এৰিছিল !

যোৱা সপ্তাহত ৰণবীৰে ছ’চিয়েল মিডিয়াত তেওঁৰ হট পিংক লুক অৱতাৰৰ ছবি শ্বেয়াৰ কৰিছিল । পেণ্টৰ পৰা আৰম্ভ কৰি চাৰ্ট, জোতা আৰু শ্বেডলৈকে ৰণবীৰে মূৰৰ পৰা ভৰিলৈকে গোলাপী ৰঙৰ সাজ পৰিধান কৰিছিল । ৰণবীৰৰ এই ফটোসমূহে বহু প্ৰতিক্ৰিয়া লাভ কৰিছে । দীপিকায়ো ৰণবীৰৰ এই ফটোত কমেণ্ট কৰিছিল (Deepika Padukone Ranveer Singh marriage trouble) ৷

6 বছৰ ধৰি ডেট কৰাৰ পিছত 2018 চনৰ 14 নৱেম্বৰত ৰণবীৰ আৰু দীপিকা বিবাহপাশত আবদ্ধ হয় । শেহতীয়াকৈ কেইবাটাও বাতৰি ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে, দুয়োৰে সম্পৰ্কত সমস্যাই দেখা দিছে । দীপিকা আৰু ৰণবীৰৰ ইনষ্টাগ্ৰাম এক্টিভিটিয়ে প্ৰমাণ কৰিছে যে, সেই বাতৰিবোৰ কেৱল উৰাবাতৰিহে ।

কৰ্মক্ষেত্ৰত দীপিকাক শ্বাহৰুখ খানৰ সৈতে 'পাঠান'ত দেখিবলৈ পোৱা যাব, য'ত জন আব্ৰাহামও অভিনয় কৰিছে । এক্সন ড্ৰামাখন 2023 চনৰ 25 জানুৱাৰীত ছবিগৃহত মুক্তি পাব । দীপিকাক অমিতাভ বচ্চনৰ সৈতে 'দ্য ইণ্টাৰ্ন'ত আৰু দক্ষিণৰ অভিনেতা প্ৰভাসৰ সৈতে এখন পান-ইণ্ডিয়া ছবি 'প্ৰজেক্ট-কে'ত দেখিবলৈ পোৱা যাব । হৃত্বিক ৰোশনৰ সৈতে 'ফাইটাৰ' ছবিখনো দীপিকাৰ হাতত আছে (Deepika Padukone upcoming movies) ৷

লগতে পঢ়ক : Mur xekh gaan: 14 অক্টোবৰত আহি আছে মোৰ শেষ গান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.