চিটাৰা ডেস্ক, 2 ছেপ্তেম্বৰ : কমেডী কিং কপিল শৰ্মাৰ নতুন প্ৰজেক্ট ‘মেগা ব্লকবাষ্টাৰ’ সন্দৰ্ভত এতিয়াও একো জানিব পৰা হোৱা নাই ৷ কিহক লৈ এই শ্ব’টো নিৰ্মাণ কৰা হৈছে সেই সম্পৰ্কে এতিয়াও প্ৰকাশ কৰা নাই কপিলে (Kapil Sharma new project) ৷ উৎসুক হৈ আছে অনুৰাগীসকল ৷
এতিয়া বলীউডৰ প্ৰবীণ অভিনেত্ৰী দীপিকা পাডুকনে এই শ্ব’টোৰ পৰা এখন পোষ্টাৰ শ্বেয়াৰ কৰি অনুৰাগীৰ উত্তেজনা বৃদ্ধি কৰিছে (Deepika Padukone instagram) । কপিলৰ এই প্ৰজেক্টৰ পৰা দীপিকা পাডুকনে তেওঁৰ এখন সুন্দৰ ছবি শ্বেয়াৰ কৰি লিখিছে, চাৰপ্ৰাইজ ।
- " class="align-text-top noRightClick twitterSection" data="
">
কপিলে এটাৰ পিছত এটাকৈ চাৰপ্ৰাইজ দি আছে অনুৰাগী সকলক । শেহতীয়াকৈ তেওঁ নিজৰ পৰৱৰ্তী ছবি ‘Zwigato’ ৰ কথা ঘোষণা কৰিছে, যিখন টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ’ব ৷ তেওঁৰ জনপ্ৰিয় কমেডী অনুষ্ঠান ‘দ্য কপিল শৰ্মা শ্ব’ৰ পৰৱৰ্তী চিজন ঘোষণা কৰা হৈছে । 10 ছেপ্টেম্বৰৰ পৰা প্ৰচাৰ হ’ব এই অনুষ্ঠান ।
- " class="align-text-top noRightClick twitterSection" data="
">
এই সকলোবোৰৰ মাজতে এতিয়া কপিল শৰ্মাই অনুৰাগীসকলক মেগা ব্লকবাষ্টাৰৰ কথা কৈ ছাৰপ্ৰাইজো দিছে লগতে বিভ্ৰান্তও কৰিছে । কপিল শৰ্মাই তেওঁৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰিছে যাক লৈ অনুৰাগীসকলৰ মাজত উৎসুকতা দেখিবলৈ পোৱা গৈছে । দৰালতে এই পোষ্টাৰখন দেখি অনুৰাগীসকল বিমোৰত পৰিছে যে এই প্ৰজেক্টটো আচলতে কি? বহুতে অনুমান কৰিছে কপিলৰ চাগৈ এইখন নতুুন ছবি ? পোষ্টাৰ শ্বেয়াৰ কৰি কপিলে কেপছনত লিখিছে, ‘এইখন মোৰ অনুৰাগীৰ বাবে, আশাকৰোঁ ভাল লাগিব, ট্ৰেইলাৰটো আহিব 4 ছেপ্টেম্বৰত’ । সকলোৰে অপেক্ষা এতিয়া 4 ছেপ্তেম্বৰলৈ ৷
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখযোগ্য যে একেটা প্ৰজেক্টৰ পৰাই দক্ষিণৰ চুপাৰহিট অভিনেত্ৰী ৰশ্মিকা মান্দান্নাইয়ো পোষ্টাৰ শ্বেয়াৰ কৰিছে ৷ ইয়ে অনুৰাগীসকলক আৰু অধিক উৎসুক কৰি তুলিছে ৷ ৰশ্মিকাই শ্বেয়াৰ কৰা পোষ্টাৰতো মেগা ব্লকবাষ্টাৰ লিখা আছে আৰু কেপছনত তাৰকাগৰাকীয়ে লিখিছে, Fun stuff. 🥳❤️️️ ৷
ইয়াৰ উপৰিও মেগা ব্লকবাষ্টাৰৰ সৈতে জড়িত হৈ আছে টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা, প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী আৰু দক্ষিণৰ অভিনেত্ৰী তৃষা কৃষ্ণন । সকলোৱে পোষ্টাৰৰ লগত এটা কথাই লিখিছে, 4 ছেপ্টেম্বৰত মুক্তি পাব মেগা ব্লকবাষ্টাৰৰ ট্ৰেইলাৰ ।
লগতে পঢ়ক : আপোনালোকে জানেনে শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকনে কেনেকৈ পাৰ কৰে দিনবোৰ