ETV Bharat / entertainment

Deepika Padukone: কফি উইথ কৰণ ৮ত দিয়া বক্তব্যত ট্ৰ’ল হৈছিল দীপিকা, এতিয়া প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া

কফী উইথ কৰণ ৮ ত দিয়া বিতৰ্কিত বক্তব্যক লৈ ট্ৰ’ল হৈছিল অভিনেত্ৰী দীপিকা পাডুকন ৷ এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ দীপিকা পাডুকনৰ । এই সন্দৰ্ভত কি ক’লে দীপিকাই জানো আহক ৷

Deepika Padukone breaks silence on her recent 'controversial' comment on open relationship
দীপিকা পাডুকনে ভংগদীপিকা পাডুকনে ভংগ কৰিলে মৌনতা কৰিলে মৌনতা
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 4:29 PM IST

চিটাৰা ডেস্ক, 15 নৱেম্বৰ: শেহতীয়াকৈ দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে উদযাপন কৰিছে পঞ্চম বিবাহ বাৰ্ষিকী । ১৪ নৱেম্বৰত দীপিকা-ৰণবীৰৰ বিবাহৰ পাঁচ বছৰ সম্পূৰ্ণ হয় ৷ পঞ্চম বিবাহ বাৰ্ষিকী এই দম্পতীয়ে বেলজিয়ামত উদযাপন কৰে । এইখিনিতে উল্লেখ কৰিব লাগিব যে শেহতীয়াকৈ দীপিকাই স্বামী ৰণবীৰৰ সৈতে কৰণ জোহৰৰ জনপ্ৰিয় টক শ্ব’ কফি উইথ কৰণ ছিজন 8 ত অংশগ্ৰহণ কৰিছিল ৷ য’ত দীপিকা পাডুকনে প্ৰকাশ কৰিছিল কিছু গোপন কথা ৷ দীপিকাৰ এই প্ৰকাশৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল হয় অভিনেত্ৰীগৰাকী ৷ এতিয়া ট্ৰ’লৰ সন্দৰ্ভত পোন প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ অভিনেত্ৰীগৰাকীয়ে কয় যে মই কাৰো সন্মুখত ভুল স্বীকাৰ কৰিবলৈ ভয় নকৰো ।

শেহতীয়াকৈ দীপিকা পাডুকনে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । এই অনুষ্ঠানটোত দীপিকাই কফি উইথ কৰণ ছিজন 8 ত নিজৰ আৰু ৰণবীৰৰ সম্পৰ্ক প্ৰকাশ কৰাৰ পিচত ট্ৰ’ল হোৱা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অভিনেত্ৰীগৰাকীয়ে কয়- ‘‘যেতিয়া মই কিবা এটা কথাত সঁচা অৰ্থত প্ৰবল বা আবেগিক অনুভৱ কৰো, তেতিয়া মই মোৰ মনৰ কথা প্ৰকাশ কৰাৰ কথা দ্বিতীয়বাৰ নাভাবো । মই এনে এগৰাকী ব্যক্তি হৈ পৰিছো য’ত মই সঁচা কথা ক'বলৈ বা ভুল স্বীকাৰ কৰিবলৈ ভয় নকৰো ।’’

কফি উইথ কৰণ ছিজন 8 ত দিয়া বিতৰ্কিত বক্তব্য

দীপিকাই লগতে কয়- মই ক্ষমা কৰিবলৈও ভয় নকৰো আৰু কোঠাটোত একমাত্ৰ এনে ব্যক্তি হোৱাৰ কোনো আক্ষেপ নাই, যাৰ দৃষ্টিভংগী সম্পূৰ্ণ বেলেগ । উল্লেখ্য যে, দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে কফি উইথ কৰণ ছিজন 8 ত প্ৰথম খণ্ডত অংশগ্ৰহণ কৰিছিল । এই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে মুকলিকৈ তেওঁলোকৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰিছিল ৷ দীপিকাই শ্ব’টোত কৈছিল- ‘‘ৰণবীৰ সিং যেতিয়া মোৰ জীৱনলৈ আহিছিল তেতিয়া মই এটা বেয়া সম্পৰ্কৰ পৰাই ওলাই আহিছিলো ৷ সেইবাবেই কোনো সম্পৰ্কত সোমাব খোজা নাছিলো ৷ সেয়া মই ৰণবীৰ সিঙৰ উপৰিও আন বহু ল’ৰাকো চাইছিলো ৷ কিন্তু মোৰ মগজুৱে জানিছিল যে মই আকৌ ৰণবীৰৰ ওচৰলৈ ঘূৰি আহিম ৷ অৱশেষত মই ৰণবীৰৰ ওচৰলৈ ঘূৰি আহিছিলো ৷’’ দীপিকাৰ এই মন্তব্যৰ পিচতেই ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল হ’ব লগা হৈছিল অভিনেত্ৰীগৰাকী ৷

লগতে পঢ়ক: Nana Patekar Slaps Fan: অনুৰাগীক পূৰ্ণহতীয়া চৰ সোধালে নানা পাটেকাৰে, কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.