ETV Bharat / entertainment

এইবছৰৰ ভেলেণ্টাইন ডে’ হ’ব কিছু বিশেষ কিয়নো ৰোমাণ্টিক হিট ছবি DDLJ পুনৰ আহিল ছবিগৃহলৈ - ৰোমাণ্টিক হিট ছবি DDLJ

যশ ৰাজ ফিল্মছৰ ৰোমাণ্টিক ব্লকবাষ্টাৰ দিলৱালে দুলহানিয়া লে জায়েংগে ছবিখনে 10 ফেব্ৰুৱাৰীত সমগ্ৰ ভাৰতৰ 37 খন চহৰত মুক্তি লাভ কৰিছে । নিৰ্মাতাসকলে চলিত বছৰৰ ভেলেণ্টাইন ডে’ বিশেষ কৰি তোলাৰ মানসেৰে বিখ্যাত যুটি শ্বাহৰুখ খান আৰু কাজল অভিনীত ছবিখন ছবিগৃহত মুক্তি দিছে ।

DDLJ
দিলৱালে দুলহানিয়া লে জায়েংগে
author img

By

Published : Feb 10, 2023, 2:15 PM IST

চিটাৰা ডেস্ক, 10 ফেব্ৰুৱাৰী : প্ৰেমৰ দিৱসৰ দিনটোলৈ মাজত মাথো আৰু কেইটামান দিন ৷ ইতিমধ্যেই ভেলেণ্টাইন সপ্তাহৰ আৰম্ভণি হৈ গৈছে ৷ ভেলেণ্টাইন ডে’ ক লৈ নিশ্চয়কৈ আপোনালোকেও বহুত পৰিকল্পনা কৰিছে ৷ এতিয়া তাৰ লগতে আৰু অলপ ৰোমাণ্টিক কৰি তুলিব পাৰি নিজৰ ডেটটো ৷ কিয়নো এইবাৰৰ ভেলেণ্টাইন ডে’ হ’ব কিছু বিশেষ ৷ কিয় জানো আহকচোন-

ৰোমাঞ্চ বুলি ক’লেই প্ৰায় সংখ্য়ক লোকৰে মনত পৰে ৰূপালী পৰ্দাত দেখিবলৈ পোৱা শ্বাহৰুখে অভিনেত্ৰীৰ লগত কৰা তীব্ৰ ৰোমাঞ্চ ৷ বলীউডত ৰোমাঞ্চৰ ৰজা হিচাপেই জনাজাত শ্বাহৰুখ খান ৷ শ্বাহৰুখে 90 দশকৰ পৰা এতিয়াৰ সময়লৈকে প্ৰায় সৰহ সংখ্যক অভিনেত্ৰীৰে লগত ৰোমাঞ্চ কৰিছে ৷ কিছু কাজলৰ ক্ষেত্ৰত এই ৰোমাঞ্চ কিছু সুকীয়া যেন অনুভৱ হয় ৷ শ্বাহৰুখ আৰু কাজলৰ যুটি বলীউডৰ অন্যতম ৰোমাণ্টিক যুটি সমূহৰ মাজত অন্যতম ৷ দুয়োৱে বহুত চিনেমাত এতিয়ালৈকে অভিনয় কৰিছে ৷ কিন্তু চলচ্চিত্ৰ প্ৰেমী দৰ্শকক সুধিলেই তপৰাই দুখন চিনেমাৰ কথাই কয় প্ৰায়ভাগে, সেই দুখন হ’ল কুছ কুছ হোতা হে আৰু দিলৱালে দুলহানিয়া লে জায়েংগে ৷

চলিত বছৰৰ ভেলেণ্টাইন ডে’ বিশেষ কৰি তোলাৰ উদ্দেশ্যে শ্বাহৰুখ খান আৰু কাজল অভিনীত ৰোমাণ্টিক হিট ছবি দিলৱালে দুলহানিয়া লে জায়েংগে পুনৰ লাগিল চিনেমা গৃহত ৷ আদিত্য চোপ্ৰাৰ এই ছবিখনেৰে শ্বাহৰুখ আৰু কাজলে ৰাজ আৰু ছিমৰণৰ চৰিত্ৰৰে দৰ্শকৰ মনত তাহানিতেই সুকীয়া স্থান দখল কৰি লৈছিল আৰু সেই স্থান আজিও একেদৰেই আছে ৷ চলিত বৰ্ষৰ প্ৰেমৰ দিনটোত আপোনালোকে পুনৰ ৰূপালী পৰ্দাত ৰাজ আৰু ছিমৰণৰ ৰোমাঞ্চ উপভোগ কৰিব পাৰিব ৷ প্ৰাপ্ত বাতৰি মতে ভাৰতৰ 37 খন চহৰত মুক্তি দিয়া হৈছে চিনেমাখন ৷

এখন ৰোমাণ্টিক ব্লকবাষ্টাৰ, দিলৱালে দুলহানিয়া লে জায়েংগে হৈছে ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া সময় ধৰি চলি থকা চলচ্চিত্ৰ আৰু মুম্বাইৰ মাৰাঠা মন্দিৰ থিয়েটাৰত এতিয়াও ইয়াৰ প্ৰদৰ্শন চলি আছে । চলচ্চিত্ৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া সময় ধৰি চলি থকা চলচ্চিত্ৰ দিলৱালে দুলহানিয়া লে জায়েংগে (DDLJ) ইয়াৰ ঐতিহাসিক মুক্তিৰ পিছতপ্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভাৰত আৰু ভাৰতীয়সকলৰ বাবে ৰোমাঞ্চৰ সমাৰ্থক হৈ পৰিছে ।

"আমাক দৰ্শক আৰু অনুৰাগীসকলে বছৰ জুৰি ছবিখনৰ এক দীঘলীয়া প্ৰদৰ্শনৰ বাবে নিৰন্তৰ অনুৰোধ জনাই আহিছে যাতে তেওঁলোকে বাৰে বাৰে তেওঁলোকৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে ছবিগৃহত এই ছবিখন চাব পাৰে ! এই বছৰ, ভেলেণ্টাইন দিৱস উপলক্ষে, আমি তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিছো । ডিডিএলজে সমগ্ৰ ভাৰতত প্ৰদৰ্শিত হ'ব, ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ পৰা, কেৱল এক সপ্তাহৰ বাবে !, ৱাইআৰএফৰ বিতৰণৰ উপ-সভাপতি ৰোহন মালহোত্ৰাই কয় ।

1995 চনৰ ছবিখন মুম্বাই, পুনে, আহমেদাবাদ, চুৰাট, বদোদৰা, গুৰগাঁও, ফৰিদাবাদ, লক্ষ্ণৌ, নয়ডা, ডেৰাডুন, দিল্লী, চণ্ডীগড়, কলকাতা, গুৱাহাটী, বেংগালুৰু, হায়দৰাবাদ, ইন্দোৰ, চেন্নাই, ভেল্লোৰ , ত্ৰিবেন্দ্ৰমকে ধৰি ভাৰতৰ 37 খন চহৰত মুক্তি পাব ।

অনুৰাগীসকলে এতিয়া ভেলেণ্টাইন ডে’ৰ সময়ছোৱাত শ্বাহৰুখ খানক ৰাজ আৰু পাঠান দুয়োটা চৰিত্ৰতে ছবিগৃহত উপভোগ কৰিব পাৰিব । ডিডিএলজে 10 ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব ।

(এজেন্সীৰ ইনপুটৰ সৈতে)

লগতে পঢ়ক : Shah Rukh Khan reacts on Pathaan: পাঠান হৈছে ডুবাইৰ বুৰ্জ খালিফা বুলেভাৰ্ড বন্ধ কৰা প্ৰথমখন চলচ্চিত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.