চিটাৰা ডেস্ক, 12 জুন: বলীউডৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ পৰিচালক প্ৰভুদেৱাৰ অনুৰাগীৰ বাবে আহিছে এক ভাল খবৰ । কৰিঅ’গ্ৰাফাৰ প্ৰভুদেৱাই ২০২০ চনত হিমানীৰ সৈতে বিবাহৰ কথা ঘোষণা কৰি অনুৰাগীক আচৰিত কৰি তুলিছিল । একে সময়তে শেহতীয়াকৈ এই দম্পতীয়ে পুনৰ নিজৰ অনুৰাগীৰ বাবে এটা তথ্য প্ৰকাশ কৰিছে ।
কৰিঅ’গ্ৰাফাৰ, পৰিচালক তথা অভিনেতা প্ৰভুদেৱা পুনৰ পিতৃ হ’ল । আচলতে শেহতীয়াকৈ প্ৰভুদেৱাই প্ৰকাশ কৰিছে যে তেওঁ এটি কন্যা সন্তানৰ পিতৃ হৈছে । তেওঁ কয়, ‘হয় সঁচা, মই ৫০ বছৰ বয়সত পুনৰ পিতৃ হৈ পৰিছো । মই বৰ সুখী আৰু সম্পূৰ্ণ সুখ অনুভৱ কৰিছো ।’ এই সকলোবোৰৰ ভিতৰত আটাইতকৈ ভাল কথাটো হ’ল প্ৰভুৰ পৰিয়ালত এইটোৱেই প্ৰথম কন্যা সন্তান ।
প্ৰভুদেৱা পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে
প্ৰভুদেৱাই লগতে ক’লে, ‘মই এতিয়া মোৰ কাম বহুত কমাই দিছো । কাৰণ বহুদিন ধৰি মই অনুভৱ কৰি আছিলো যে মই মাত্ৰ ইয়াৰ পৰা তালৈ দৌৰি আছো । কিন্তু এতিয়া সকলো হৈ গ’ল । এতিয়া এই হুলস্থুলৰ পৰা আঁতৰি আহি মই মোৰ সকলো সময় পৰিয়ালৰ সৈতে কটাব বিচাৰো ৷ '
প্ৰথম তিনি পুত্ৰৰ পিতৃ আছিল নৃত্য পৰিচালকগৰাকী
উল্লেখ্য যে প্ৰভুদেৱাৰ প্ৰথম পত্নীৰ পৰা তিনিজন পুত্ৰ আছিল । এই কাৰণেই এতিয়া তেওঁৰ ঘৰত কন্যাৰ আগমনত অতি সুখী হৈ কন্যাৰ লগত অধিক সময় কটাব বিচাৰিছে । কন্যাৰ আগমনত আনন্দত আত্মহাৰা হৈ প্ৰভুৱে ঘৰতে সৰ্বাধিক সময় কটাব বিচাৰে ।
২০২০ চনত দ্বিতীয় বিবাহ কৰিছিল প্ৰভুৱে
খবৰ অনুসৰি ২০২০ চনত প্ৰভু দেৱাৰ হিমানীৰ সৈতে গোপন বিবাহ হৈছিল । হিমানী সিং পেছাত চিকিৎসক বুলি কোৱা হয়। প্ৰভুদেৱাৰ প্ৰথম বিবাহ ১৯৯৫ চনত ৰামলতাৰ সৈতে হৈছিল। ৰামলতা আছিল এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী। কিন্তু বিবাহৰ ১৬ বছৰ পিচত প্ৰভু আৰু ৰামলতাই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লয় । সেই সিদ্ধান্ত অনুসৰিয়েই দুয়োৰে বিবাহ বিচ্ছেদ হয় ৷ প্ৰভু আৰু তেওঁৰ প্ৰথমা পত্নী তিনিজন পুত্ৰৰ পিতৃ-মাতৃ হৈছিল ।