নেচনেল ডেস্ক, 16 মে’ : দাড়ি আৰু গোঁফ সন্দৰ্ভত মন্তব্য কৰাৰ পিছত বিতৰ্কত লিপ্ত হৈছে কৌতুক অভিনেত্ৰী ভাৰতী সিং (Controversial beard mustache comment by comedian Bharti Singh ) । যদিও তেওঁৰ মন্তব্য এটা কৌতুক আছিল, তথাপিও টুইটাৰত আৰম্ভ হৈছে ইয়াৰ প্ৰতিবাদ। সামাজিক মাধ্যমত বহুজনে ভাৰতীৰ এই বক্তব্যক আপত্তিজনক আখ্যা দি সন্মানজনক আচৰণ কৰিবলৈ কয় ।
ইয়াৰ পিচতে, তেওঁ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ঘটনা সন্দৰ্ভত ক্ষমা বিচাৰিছে (Comedian Bharti Singh apologizes) । টিভি শ্ব’ৰ সময়ত ভাৰতীয়ে এক বিতৰ্কিত মন্তব্য কৰি কৈছিল যে দাড়ি-গোঁফ কিয় ৰাখিব নালাগে । গাখীৰ খোৱাৰ পিছত দাড়ি মুখত লাগিলে চেৱৈৰ সোৱাদ পোৱা যায় । ইয়াৰপোৰি তেওঁ কয় যে, তেওঁৰ বহু বন্ধুৱে বিয়াৰ পিছত এতিয়া দাড়ি-গোঁফেৰে ওকণি বিচৰাৰ কাম হে কৰে ৷
এই মন্তব্যৰ পিছতে এতিয়া শিখ সম্প্ৰদায়ৰ লোক সকলৰ একাংশ ভাৰতীৰ বিৰুদ্ধে ক্ষুন্ন হৈ পৰে ৷ অৱশ্যে, এই সমগ্ৰ ঘটনাক কৌতুক আখ্যা দি ভাৰতীয়ে এতিয়া ক্ষমা বিচাৰিছে সম্প্ৰদায়টোৰ লোক সকলৰ ওচৰত ৷ তেওঁ কয় যে, নিজেই এগৰাকী পঞ্জাৱী আৰু অমৃতসৰতেই তেওঁৰ জন্ম হৈছিল গতিকে, তেওঁ পঞ্জাৱৰ নাম বদনাম হোৱা কোনো কামেই নকৰে ৷
লগতে পঢ়ক : প্ৰিয় বান্ধৱীৰ বিয়াত কুৰ্গী ষ্টাইলত শাৰী পিন্ধি মুখ্য আকৰ্ষণ হৈ পৰিল ৰশ্মিকা মান্দানা