ETV Bharat / entertainment

Children's day 2022:শিশুৰ ওপৰত আধাৰিত চাবলগীয়া 5 খন বলীউড চিনেমা

author img

By

Published : Nov 14, 2022, 7:24 PM IST

শিশু দিৱসৰ দিনটোত আমি আজি আপোনালোকক এনে 5 খন ছবিৰ বিষয়ে ক’ম যি কেইখন ছবি শিশুৰ সমান্তৰালকৈ পিতৃ-মাতৃয়েও চোৱাটো অতিকে প্ৰয়োজনীয় ৷

Children's day 2022
শিশুৰ ওপৰত আধাৰিত চাবলগীয়া 5 খন বলীউড চিনেমা

চিটাৰা ডেস্ক, 14 নৱেম্বৰ : আজি সমগ্ৰ দেশতে শিশু দিৱস পালন কৰা হৈছে । আজিৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল । শিশুৰ প্ৰতি নেহৰুৰ আছিল এক বিশেষ মোহ, সেয়েহে তেওঁক মৰমেৰে সকলোৱে চাচা নেহৰু বুলি মাতিছিল । এই বিশেষ দিনটোত আপোনালোকে তলত উল্লেখ কৰা এই 5 খন ছবি নিজৰ সন্তানৰে সৈতে উপভোগ কৰক ৷ ছবি কেইখনত শিশুৰ মানসিক অৱস্থাক খুব সুন্দৰকৈ প্ৰকাশ কৰা হৈছে ৷ সেইকাৰণে এই ছবি কেইখন সন্তানৰ লগতে অভিভাৱকেও চোৱাটো প্ৰয়োজনীয় ৷

I Am Kalam

2011 চনৰ 5 আগষ্টত মুক্তি পোৱা নীল মাধৱ পাণ্ডাৰ পৰিচালিত ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি আই এম কালাম এখন অতি অৰ্থবহ ছবি । প্ৰত্যেক শিশুৱেই এই ছবিখন চোৱাটো অতি প্ৰয়োজনীয় । কাৰণ এই ছবিখনত প্ৰতিজ্ঞাবদ্ধ হোৱাৰ শিক্ষা দিয়া হৈছে ৷ সৰুৰে পৰাই শিশু এটি যিকোনো কাম কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হোৱাটো প্ৰয়োজনীয় । ছবিখনৰ কাহিনী ইংৰাজী শিকিবলৈ জেদ ধৰা শিশু এটাৰ ওপৰত আধাৰিত ।

  • " class="align-text-top noRightClick twitterSection" data="">

Stanley Ka Dabba

2011 চনৰ 13 মে’ত মুক্তি লাভ কৰিছিল ষ্টেনলি কা ডাব্বা ছবিখন । আমোল গুপ্তেই পৰিচালনা কৰিছিল এই ছবিখন । এই ছবিখনৰ জৰিয়তে শিশু এটিয়ে জীৱনত ডাঙৰ নীতিশিক্ষা লাভ কৰিব । ছবিখনৰ কাহিনীভাগ এনেকুৱা যে ছবিখনক লৈ উৎসুকতা শেষলৈকে থাকে । এটা শিক্ষামূলক বাৰ্তা আছে ছবিখনত ।

Chillar Party

পৰিচালক নিতেশ তিৱাৰী আৰু বিকাশ বাহলৰ পৰিচালনাত চিল্লাৰ পাৰ্টী ছবিখনো এখন সুন্দৰ ছবি । এই ছবিখনে মুক্তি লাভ কৰিছিল 2011 চনত । আমি জীৱ-জন্তুৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে সেয়া দেখুওৱা হৈছে ছবিখনত ।

Nil Battey Sannata

এইখন অতি মৰ্মস্পৰ্শী ছবি । দুখীয়া মাতৃ-কন্যাৰ কাহিনীৰ আধাৰত নিৰ্মিত হৈছে ছবিখন । মাকে আনৰ ঘৰত কাম কৰে, যাতে পঢ়াই-শুনাই জীয়েকক ডাঙৰ মানুহ হিচাপে গঢ়ি তুলি তেওঁৰ সপোন পূৰণ কৰিব পাৰে । এই ছবিখনৰ ডাঙৰ শিক্ষাটো হ’ল সপোনক কেতিয়াও দমন কৰিব নালাগে, কাৰণ সপোনৰ মৃত্যুৱেই আটাইতকৈ বিপদজনক । নীল বাট্টেই সন্নাতা পৰিচালনা কৰিছিল অশ্বিনী আয়েৰ তিৱাৰীয়ে । 2016 চনত মুক্তি লাভ কৰিছিল ছবিখনে ।

Taare Zameen Par

2007 চনৰ 21 ডিচেম্বৰত আমীৰ খান অভিনীত ছবি তাৰে জমিন পৰ ছবিখনে মুক্তি লাভ কৰে । এই ছবিখন আমীৰ খান আৰু আমোল গুপ্তেৰ যৌথ প্ৰযোজনা আছিল । কেৱল শিশুৰ বাবেই নহয় অভিভাৱকৰ বাবেও এই ছবিখন চোৱাটো অতি প্ৰয়োজনীয় । ডিছলেক্সিকৰ দৰে অদৃশ্য ৰোগৰ সৈতে যুঁজি থকা আৰু অধ্যয়নত দুৰ্বল শিশুৰ আধাৰত নিৰ্মিত এই ছবিখনৰ কাহিনীয়ে প্ৰতিজন দৰ্শকৰ হৃদয় চুই গৈছিল । এই শিশুটিয়ে সদায় মাক-দেউতাকৰ পৰা গালি শুনে । কেইবাটাও দিশৰ এই ছবিখন চোৱাটো অতি প্ৰয়োজনীয় । প্ৰথমতে পিতৃ-মাতৃয়ে সন্তানৰ সৈত কেনে আচৰণ কৰিব লাগে সেই বিষয়ে দেখুওৱা গৈছে । দ্বিতীয়তে, দুৰ্বল শিশুক গালি-শপনিৰে নহয় মৰমেৰেহে মোকাবিলা যিকোনো কথা বুজোৱা উচিত, তাকেই অতি সুন্দৰকৈ উপস্থাপন কৰা হৈছে ছবিখনত ।

লগতে পঢ়ক : ভগ্নীক কোঁচত লৈ থকা বলীউডৰ এই গৰাকী জনপ্ৰিয় অভিনেত্ৰীক চিনি পাইছেনে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.