ETV Bharat / entertainment

Bruce Willis latest news: চিকিৎসা কৰিব নোৱাৰা ডিমেনচিয়া ধৰা পৰিছে অভিনেতা ব্ৰুছ উইলিছৰ - হলীউডৰ এক্সন তাৰকা ব্ৰুছ উইলিছ

হলীউডৰ এক্সন তাৰকা ব্ৰুছ উইলিছ ফ্ৰন্টটেম্পৰেল ডিমেনচিয়া (FTD) ত আক্ৰান্ত বুলি ধৰা পৰিছে (Bruce Willis frontotemporal dementia)। বৃহস্পতিবাৰে শ্বেয়াৰ কৰা এক বিবৃতিত তেওঁৰ পৰিয়ালে কয় যে এই অৱস্থাটো নিয়ন্ত্ৰণহীন ।

Bruce Willis
ডিমেনচিয়া ধৰা পৰিছে অভিনেতা ব্ৰুছ উইলিছৰ
author img

By

Published : Feb 17, 2023, 12:15 PM IST

চিটাৰা ডেস্ক, 17 ফেব্ৰুৱাৰী : হলীউডৰ এক্সন তাৰকা ব্ৰুছ উইলিছ চিকিৎসা কৰিব নোৱাৰা ডিমেনচিয়াত আক্ৰান্ত বুলি ধৰা পৰিছে (Bruce Willis health condition) । ব্ৰুছৰ পৰিয়ালে শ্বেয়াৰ কৰা স্বাস্থ্যৰ আপডেট অনুসৰি অভিনেতা গৰাকীৰ ফ্ৰন্টটেম্পৰেল ডিমেনচিয়া ধৰা পৰিছে (Bruce Willis frontotemporal dementia) । ব্ৰুছৰ পৰিয়ালে প্ৰায় এবছৰ আগতেই অভিনেতা জনে ছবিত কাম নকৰাৰ কথা ঘোষণা কৰিছিল । ব্ৰুছৰ স্বাস্থ্যৰ আপডেট বৃহস্পতিবাৰে পৰিয়ালটোৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰে ।

2022 চনৰ মাৰ্চ মাহত ব্ৰুছৰ এফাছিয়া ৰোগ ধৰা পৰিছিল । ইয়াৰ পিছতেই পৰিয়ালটোৱে তেওঁ ছবি জগতৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল (Bruce Willis diagnosed with FTD) । অভিনেতাজনৰ স্বাস্থ্যৰ বিষয়ে আপডেট শ্বেয়াৰ কৰি, পৰিয়ালটোৱে প্ৰকাশ কৰিছিল যে ব্ৰুছ ফ্ৰণ্টটেম্পোৰেল ডিমেনচিয়া (FTD)ত আক্ৰান্ত বুলি জানিবলৈ পোৱাটো "বেদনাদায়ক", যিহেতু এই বেমাৰটোৰ কোনো চিকিৎসা নাই (Bruce Willis health updates) ।

এছ’চিয়েশ্যন ফৰ ফ্ৰন্টটেম্পৰেল ডিজেনেৰেচনে এফ টি ডিক কাৰ্য্যক্ষমতাৰ অনিবাৰ্য হ্ৰাস বুলি বৰ্ণনা কৰিছে । ইয়াৰ লক্ষণ আৰম্ভ হোৱাৰ পিছত গড় আয়ুস সাতৰ পৰা 13 বছৰলৈকেহে থাকে । ব্ৰুছৰ পৰিয়ালে আশা কৰিছে যে এই "নিষ্ঠুৰ ৰোগ" ৰ চিকিৎসা, সজাগতা আৰু গৱেষণাৰ জৰিয়তে পোৱা যাব (Bruce Willis latest news)। পৰিয়ালটোৱে লগতে কয় যে সংবাদ মাধ্যমৰ মনোযোগে এফ টি ডিৰ বিষয়ে জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব লাগে ।

চাৰি দশকজুৰি বিয়পি থকা কেৰিয়াৰত (Bruce Willis acting career) ব্ৰুছে দ্য ভাৰ্ডিক্ট, ব্লাইণ্ড ডেট, পাল্প ফিকচন, দ্য ফিফথ এলিমেণ্ট আৰু বহুতো চলচ্চিত্ৰত অভিনয় কৰিছে (Bruce Willis movies) । অৱশ্যে 1988 চনত ডাই হাৰ্ডে মুক্তি লাভ কৰিছিল, যিয়ে তেওঁক চলচ্চিত্ৰ জগতত খোজ দিবলৈ সহায় কৰিছিল । চলচ্চিত্ৰৰ পৰা অৱসৰ লোৱাৰ পূৰ্বে, উইলিছক মুখ্যতঃ অ'টিটি থ্ৰিলাৰত দেখা গৈছিল ।

লগতে পঢ়ক : Actor Surya latest news: গড অৱ্ ক্ৰিকেটক লগ পাই আপ্লুত অভিনেতা সূৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.