ETV Bharat / entertainment

Bruce Lee Death Anniversary:পানীক ঘৃণা কৰিছিল আৰু পানীয়ে কাল হৈছিল নেকি ব্ৰুচ লীৰ বাবে ? আজিও ৰহস্য আৱৰ্তত ব্ৰুচ লীৰ মৃত্যু

যদিও তেওঁ এই পৃথিৱীত নাই, কিন্তু আজিও তেওঁক মাৰ্শাল আৰ্টৰ ৰজা বুলি কোৱা হয় । হয় আমি কৈছো ব্ৰুচ লীৰ কথা ৷ আজিৰ দিনটোতে এই পৃথিৱীৰ পৰা বিদায় লৈছিল ব্ৰুচ লীয়ে ৷

author img

By

Published : Jul 20, 2023, 4:36 PM IST

Bruce Lee Death Anniversary: Here are Some unknown Facts About the Martial Arts Icon
আজিৰ দিনটোতে এই পৃথিৱীৰ পৰা বিদায় লৈছিল ব্ৰুচ লীয়ে

চিটাৰা ডেস্ক, 20 জুলাই: ১৯৪০ চনৰ ২৭ নৱেম্বৰত ছান ফ্ৰান্সিস্কোত জন্মগ্ৰহণ কৰিছিল ব্ৰুচ লী ৷ ব্ৰুচ লী এতিয়া কোনো পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল নহয় । ব্ৰুচ লীৰ খ্যাতি এনেকুৱা যে যদি কাৰোবাক মাৰ্শাল আৰ্টৰ বিশেষজ্ঞ বুলি গণ্য কৰা হয়, তেন্তে তেওঁক ব্ৰুচ লীৰ সৈতে তুলনা কৰা হয়। কিন্তু অতি কম বয়সতে অৰ্থাৎ মাত্ৰ ৩২ বছৰ বয়সতে ১৯৭২ চনৰ ২০ জুলাইত এই পৃথিৱীৰ পৰা বিদায় লয় যুদ্ধ কলাৰ এই মহান যোদ্ধাগৰাকীয়ে । মৃত্যু বাৰ্ষিকী বিশেষত জানো আহক ব্ৰুচ লীৰ জীৱনৰ কিছু নজনা কথা ৷

ব্ৰুচ লীৰ কেৰিয়াৰ

ব্ৰুচ লীয়ে অতি কম বয়সতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ১৮ বছৰ বয়সলৈকে তেওঁ ২০ খন ছবিত অভিনয় কৰিছিল । ছবিসমূহত বহু যুদ্ধ শিল্পীৰ সৈতে কাম কৰিছিল, যিসকল পিছলৈ বিশাল তাৰকা হিচাপে পৰিগণিত হৈছিল। এই তালিকাত জেকী চান, চামো হাং, চাংক ন’ৰিছ আৰু ইউয়েন বিয়াওক অন্তৰ্ভুক্ত কৰা হৈছিল । উল্লেখ্য যে ব্ৰুচ লী গামা আছিল মল্লযুঁজাৰু আৰু বক্সাৰ মহম্মদ আলীৰ ডাঙৰ অনুৰাগী। মহম্মদ আলীৰ সৈতে এবাৰ যুদ্ধ কৰিব বিচাৰিছিল। ব্ৰুচ লীয়ে তেওঁৰ কেৰিয়াৰত মাত্ৰ ৭খন হলিউড ছবিহে কৰিছিল, ইয়াৰে তিনিখন ছবি তেওঁৰ মৃত্যুৰ পিচত মুক্তি পাইছিল।

উল্লেখ্য যে, ১৮ বছৰ বয়সত তেওঁ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু বিশ্ববিদ্যালয়ৰ মাচুল দিবলৈ কুংফু শিকাবলৈ আৰম্ভ কৰে । ১৯৬২ চনৰ ভিতৰত ব্ৰুচ লীয়ে যুঁজ দিছিল, য’ত তেওঁ মাত্ৰ ১১ ছেকেণ্ডতে প্ৰতিপক্ষক ১৫ টা ঘুচা মাৰিছিল। ইয়াৰ বাহিৰেও তেওঁ দুটা আঙুলিৰে পুশ আপ কৰিছিল। ইয়াৰ উপৰিও তেওঁৰ কিকৰ গতি ইমানেই বেছি আছিল যে শ্বুটিঙৰ সময়ত এটা শ্বট ৩৪ ফ্ৰেম লেহেমীয়া কৰিবলগীয়া হৈছিল ।

ব্ৰুচ লীৰ মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ব্ৰুচ লীয়ে পানীক ঘৃণা কৰিছিল আৰু সাঁতুৰিব পৰা নাছিল । তেওঁৰ মৃত্যুৰ কাৰণো পানী বুলি দাবী কৰা হয় । এক খবৰ অনুসৰি ব্ৰুচ লীয়ে অত্যধিক সেৱন কৰিছিল, যাৰ বাবে তেওঁৰ মৃত্যু হৈছিল । এই দাবী ক্লিনিকেল কিডনী জাৰ্নেলত কৰা হৈছিল, য’ত ব্ৰুচ লীৰ মৃত্যুৰ কাৰণ হাইপ’নাট্ৰেমিয়া নামৰ ৰোগ বুলি কোৱা হৈছিল। একে সময়তে আন এটা প্ৰতিবেদনত দাবী কৰা হৈছিল যে ব্ৰুচ লীৰ মৃত্যু হৈছিল মূৰৰ বিষৰ ঔষধ খোৱাৰ বাবে । কোৱা হয় যে ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবে তেওঁৰ মগজুৰ আকাৰ ১৩% বৃদ্ধি পাইছিল । অৱশ্যে মৃত্যুৰ প্ৰকৃত কাৰণ কি সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়ক: Netflix Password Sharing: আজিৰে পৰা বন্ধ হ’ল নেটফ্লিক্সৰ পাছৱৰ্ড শ্বেয়াৰিং, জানি লওক নেটফ্লিক্সৰ নতুন নিয়মাৱলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.