ETV Bharat / entertainment

পুনৰ মাতৃ হ’বলৈ ওলাইছে আমেৰিকাৰ জনপ্ৰিয় কণ্ঠশিল্পী ব্ৰিটনী স্পীয়াৰ্ছ - ব্ৰিটনি স্পিয়াৰ্ছৰ নতুন খবৰ

পুনৰ গৰ্ভধাৰণ কৰিছে ব্ৰিটনী স্পীয়াৰ্ছে ( Britney Spears pregnancy) ৷ সংগীতশিল্পী ব্ৰিটনী স্পীয়াৰ্ছে নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিলে এই ভাল খবৰটো । প্ৰাক্তন স্বামী কেভিন ফেডাৰলাইনৰ সৈতে ব্ৰিটনীৰ ইতিমধ্যেই ছিন আৰু জেডেন নামৰ দুটাকৈ পুত্ৰ সন্তান আছে ৷

Britney Spears
জনপ্ৰিয় কণ্ঠশিল্পী ব্ৰিটনি স্পিয়াৰ্ছ
author img

By

Published : Apr 12, 2022, 2:21 PM IST

চিটাৰা ডেস্ক, 12 এপ্ৰিল : গায়িকা ব্ৰিটনী স্পীয়াৰ্ছ সম্প্ৰতি সন্তান সম্ভৱা(Britney Spears pregnancy) ৷ ভাবী স্বামী ছেম এছগাৰী এই সন্তানৰ পিতৃ । মঙলবাৰে ব্ৰিটনীয়ে তেওঁৰ অনুৰাগীসকলৰ সৈতে ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰিলে এই ভাল খবৰটো । 2016 চনত এটা মিউজিক ভিডিঅ’ত সহ-অভিনয়ৰ সময়ত ব্ৰিটনী স্পীয়াৰ্ছ আৰু ছেম এছগাৰীৰ পৰিচয় ঘটিছিল (Britney Spears Sam Asghari baby) ৷

Britney Spears
ভাবী স্বামী ছেম এছগাৰীৰ সৈতে কণ্ঠশিল্পী ব্ৰিটনী স্পীয়াৰ্ছ

গায়িকা ব্ৰিটনী স্পীয়াৰ্ছ প্ৰাক্তন স্বামী কেভিন ফেডাৰলাইনৰ সৈতে দুটাকৈ পুত্ৰ সন্তান ছিন আৰু জেডেনৰ মাতৃ ৷ পূৰ্বতে গৰ্ভধাৰণ কৰা ব্ৰিটনীয়ে লগতে কৈছে যে এইবাৰৰ গৰ্ভধাৰণ প্ৰত্যাহ্বানপূৰ্ণ হ'ব পাৰে ৷ কিয়নো তেওঁ আগতে পেৰিনেটাল হতাশা অনুভৱ কৰিছিল ।

তাৰকাগৰাকীয়ে লগতে কয় যে, মহিলাসকলে পূৰ্বে পেৰিনেটাল হতাশাৰ বিষয়ে কথা পতা নাছিল ৷ কিছুসংখ্যক মহিলাই গৰ্ভত সন্তান এটা লৈ এই ধৰণৰ কথা বতৰা পতাটো বিপদজনক বুলি বিবেচনা কৰিছিল ৷ কিন্তু এতিয়া মহিলাসকলে প্ৰতিদিনে ইয়াৰ বিষয়ে আলোচনা কৰে ৷ এইবাৰৰ সময়চোৱাত নিয়মীয়াকৈ যোগাভ্যাস কৰিব বুলি নিজৰ পোষ্টত উল্লেখ কৰে তাৰকা শিল্পীগৰাকীয়ে(Britney Spears latest news) ৷

লগতে পঢ়ক: মাতৃত্ব অৰ্জনৰ সময়ছোৱা সম্পৰ্কত কি মন্তব্য কৰিলে কাজল আগৰৱালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.