ETV Bharat / entertainment

Swara Bhasker on boycott trend সুশান্ত সিং ৰাজপুতৰ ৰহস্যময় মৃত্যুৰ পিছত অমানিশা নামিছে বলীউডলৈ - Jahaan Chaar Yaar

বয়কটবলীউড ট্ৰেণ্ডে লৈছে বিধ্বংসী ৰূপ ৷ সদ্য মুক্তিপ্ৰাপ্ত ছবি সমূহেও লাভ কৰিব পৰা নাই বিশেষ সফলতা ৷ এতিয়া এই সন্দৰ্ভত নিজৰ মতামত আগবঢ়াইছে বলীউডৰ বলিষ্ঠ কণ্ঠ হিচাপে জনাজাত স্বৰা ভাস্কৰে ৷ বয়কটবলীউড ট্ৰেণ্ডৰ সৈতে স্বৰাই বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আকস্মিক বিয়োগৰ ঘটনাটো প্ৰসংগক্ৰমে টানি আনে ৷ কি ক’লে অভিনেত্ৰী গৰাকীয়ে জানো আহকচোন-

Bollywood
আন্ধাৰত ডুব গৈছে বলীউড
author img

By

Published : Aug 24, 2022, 1:14 PM IST

চিটাৰা ডেস্ক, 24 আগষ্ট : শেহতীয়াকৈ এক সাক্ষাৎকাৰত বয়কটবলীউড ট্ৰেণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্বৰা ভাস্কৰে । অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যময় মৃত্যুৰ পিছত ড্ৰাগছ আৰু যৌনতাৰে ভৰপূৰ এখন অন্ধকাৰ ঠাই হিচাপে বলীউডক উপস্থাপন কৰিব বিচৰা হৈছে বুলিও অভিনেত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে ।

আগন্তুক ছবি Jahaan Chaar Yaar ৰ মুক্তিৰ বাবে সাজু হৈ থকা স্বৰাই শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বলীউডৰ প্ৰতি জন্ম হোৱা মানুহৰ ঘৃণাৰ কথা উত্থাপিত কৰে । এই বিষয়টোত নিজৰ মতামত ব্যক্ত কৰি স্বৰাই কয় যে সুশান্তৰ অকাল মৃত্যুৰ পিছত বয়কটবলীউড ট্ৰেণ্ডে গতি লাভ কৰিছে (Swara Bhasker on boycott trend) ।

"সুশান্তৰ দুৰ্ভাগ্যজনক আৰু কৰুণ আত্মহত্যাৰ পিছত বলীউডক সঁচাকৈয়ে অন্ধকাৰ ঠাই হিচাপে চিত্ৰিত কৰা হৈছে, যেন ইয়াত কেৱল মাত্ৰ ড্ৰাগছ, মদ আৰু যৌনতাহে চলে ৷ বয়কটবলীউড ট্ৰেণ্ড সন্দৰ্ভত এই মন্তব্য স্বৰা ভাস্কৰৰ ৷ স্বৰাই আনকি বলীউডৰ বৰ্তমানৰ অৱস্থাক কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে তুলনা কৰে (Swara Bhasker Rahul Gandhi) ।

স্বৰাই অলপ কূটনীতি খটুৱাই কয় যে, "মই নাজানো ই একপ্ৰকাৰৰ অদ্ভুত তুলনা কিন্তু ৰাহুল গান্ধীৰ কথা মোৰ মনলৈ আহিছে । সকলোৱে তেওঁক পাপ্পু বুলি অভিহিত কৰিছিল আৰু এতিয়া সকলোৱে তেনেকৈয়ে বিশ্বাস কৰে । মই তেওঁক লগ পাইছো, তেওঁ এজন নিখুঁত, বুদ্ধিমান আৰু স্পষ্টবাদী মানুহ । এতিয়া বলীউডৰ সৈতেও, এই ‘পাপ্পুফিকেচন’ হৈছে" ।

উত্তৰ বনাম দক্ষিণ বিতৰ্ক সন্দৰ্ভতো নিজৰ মতামত ব্যক্ত কৰি তাৰকাগৰাকীয়ে কয় যে তেওঁ কোনো ধৰণৰ বিভাজন ভাল নাপায় । "মই ভাবো যে, শিল্পী হিচাপে, এটা উদ্যোগ হিচাপে, যদি কোনো এখন ছবিয়ে বক্স অফিচত ভাল প্ৰদৰ্শন কৰে, তেন্তে ই প্ৰতিগৰাকী শিল্পীৰ বাবে আদৰণীয় । মই ভাবো যে কাৰোবাৰ ব্যৰ্থতাক বিভাজিত কৰি উদযাপন কৰাটো বা আন কাৰোবাৰ সফলতাৰ প্ৰতি ঈৰ্ষা অনুভৱ কৰাটো অতি মূৰ্খামি"।

"অতি সাধাৰণভাৱে আমি বুজিব লাগিব যে আমি Covid ৰ পৰা ওলাই আহিছো । ই থিয়েটাৰ, প্ৰদৰ্শক আৰু বিতৰকৰ বাবে বিধ্বংসী হৈ আহিছিল ৷ মানুহে যেতিয়া ছবিৰ কথা কয়, এইটো পাহৰি যায় যে চলচ্চিত্ৰ উদ্যোগ মানে কেৱল অভিনেতা অভিনেত্ৰী সকলেই নহয় ৷ আপোনালোক কোনোবা এজন তাৰকাক বেয়া পাব পাৰে বা nepotism ৰ বিৰোধিতাও কৰিব পাৰে, কিন্তু প্ৰকৃতাৰ্থত চলচ্চিত্ৰ উদ্যোগে নিয়োগ সৃষ্টি কৰে ৷ ই মানুহক নিয়োগৰ সুবিধা দিয়ে ৷ সেয়ে মই নাভাবো যে ছবি এখন অসফল হোৱাত তাত উদযাপন কৰিবলগীয়া কিবা থাকে", এই বক্তব্য ৰাখে স্বৰা ভাস্কৰে ৷

অহা 16 ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব স্বৰাৰ আগন্তুক ছবি Jahaan Chaar Yaar । শিখা তালছানিয়া, মেহেৰ ভিজ আৰু পূজা চোপ্ৰাই অভিনয় কৰা ছবিখনত সাধাৰণ জীৱনৰ পৰা শান্তি বিচাৰি গোৱালৈ ৰাওনা হোৱা চাৰিজন বিবাহিত বন্ধুৰ যাত্ৰা আৰু এক অসাধাৰণ দুঃসাহসিকতাৰে নিজকে বিচাৰি উলিওৱাৰ কাহিনী বৰ্ণনা কৰা হৈছে ।

লগতে পঢ়ক : কৰীণা কাপুৰৰ দৰে অহংকাৰী বুলি আলিয়াকো ট্ৰ’ল কৰিছে নেটিজেনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.