ETV Bharat / entertainment

Kangana Ranaut Visits Kamakhya Temple: কামাখ্যা মন্দিৰ দৰ্শন কৰি কি ক’লে বলীউড অভিনেত্ৰী কংগনা ৰানাৱটে

author img

By

Published : Jun 28, 2023, 4:58 PM IST

মঙলবাৰে গুৱাহাটীত উপস্থিত হৈ কামাখ্যা দেৱালয়ত নিশা কটাই যজ্ঞত অংশগ্ৰহণ কৰে অভিনেতা কংগনা ৰাণাৱটে, ইনষ্টাগ্ৰামযোগে এনেদৰে ব্যক্ত কৰিলে মনৰ কথা ৷

Bollywood actress Kangana Ranaut offers prayers at Kamakhya temple post share in Instagram
কামাখ্যা মন্দিৰ দৰ্শন কৰি কি ক’লে বলীউড অভিনেত্ৰী কংগনা ৰানাৱটে

চিটাৰা ডেস্ক, 28 জুন: ২৬ জুনত চাৰিদিনীয়া অম্বুবাচী মেলাৰ অন্ত পৰাৰ পাছত গুৱাহাটীৰ নীলাচল পাহাৰৰ শিখৰত থকা কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে বলীউডৰ তাৰকা কংগনা ৰানাৱটে । মঙলবাৰে গুৱাহাটীত উপস্থিত হৈ কামাখ্যা দেৱালয়ত নিশা কটাই যজ্ঞতো অংশগ্ৰহণ কৰে অভিনেতাগৰাকীয়ে ।

ইফালে, তাৰকাগৰাকীৰ সৈতে চেলফি ক্লিক কৰিবলৈ মন্দিৰ চৌহদত তেওঁৰ চাৰিওফালে অনুৰাগীসকলে সমবেত হয় । উল্লেখ কৰিব পাৰি যে, মঙলবাৰে VIP আৰু VVIPৰ বাবে মন্দিৰৰ মূল দুৱাৰ মুকলি কৰা হয় ।

সোমবাৰে মন্দিৰৰ দুৱাৰ খোলাৰ পিছত সাধাৰণ লোকক দেৱীৰ আশীৰ্বাদ বিচাৰি মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে । মা কামাখ্যাৰ বাৰ্ষিক ঋতুস্ৰাৱ উপলক্ষে চাৰিদিনীয়া অম্বুবাচী মেলা ২২ জুনৰ পৰা আৰম্ভ হৈ ২৬ জুনত শেষ হয় আৰু কিছুক্ষণ পিছত মুম্বাইলৈ পুনৰ উভতি যাব অভিনেত্ৰীগৰাকী ।

ইফালে, ইনষ্টাগ্ৰামযোগে অভিনেত্ৰীগৰাকীয়ে কামাখ্যাত পাৰ কৰা মূহুৰ্তসমূহ শ্বেয়াৰ কৰি লিখে যে, আজি মা কামাখ্যাৰ দৰ্শন কৰিলো, এই মন্দিৰত জগতজননী মা কামাখ্যাৰ যোনিৰ পূজা কৰা হয় ৷ এয়া মাৰ শক্তিৰ এক ডাঙৰ স্বৰূপ, য’ত মাক বলি উচৰ্গা দিয়া হয়, এই পবিত্ৰ স্থান এটি শক্তিপীঠ হয়....য’ত শক্তিৰ অদ্ভুত সঞ্চাৰ হয় ৷ কেতিয়াবা গুৱাহাটী আহে যদি নিশ্চয় দৰ্শন কৰিব...জয় মা কী ৷

উল্লেখ্য যে, 26 জুন অৰ্থাৎ সোমবাৰে খোল খায় কামাখ্যা মন্দিৰৰ দুৱাৰ । সোমবাৰে দেৱী স্নান কৰোৱাৰ পিছতে নিত্য নৈমিত্তিক পূজাৰ পিছতে মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হয় । পুৱা 6 পৰা 6.30 বজাৰ ভিতৰত দৰ্শনাৰ্থীৰ বাবে দুৱাৰ খুলি দিয়ে মন্দিৰ কৰ্তৃপক্ষই ৷ ইয়াৰ পিছতে হাজাৰ হাজাৰ ভক্তই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি মা কামাখ্যাৰ দৰ্শন কৰে ৷

লগতে পঢ়ক: Tum Kya Mile Song Release: অৰিজিৎ-শ্ৰেয়াৰ কণ্ঠৰ এই গীতটি শুনাৰ পিছত আপোনাৰো মনত উঠলি উঠিব প্ৰেমৰ ঢৌ

লগতে পঢ়ক: Bastar: আহি আছে বিপুল অমৃতলাল শ্বাহ-সুদীপ্ত সেন বস্তৰ, সত্য কাহিনীৰ আধাৰত নিৰ্মাণ হ’ব ছবিখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.