চিটাৰা ডেস্ক, 6 এপ্ৰিল: বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰ বলীউডৰ অন্যতম জনপ্ৰিয় তাৰকা দম্পতী । যোৱা বছৰৰ নৱেম্বৰ মাহত কন্য়া সন্তানৰ মাতৃ-পিতৃ হৈছিল বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰ (Bipasha Karan) ৷ সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ অনুৰাগীক এই খবৰ শ্বেয়াৰ কৰিছিল বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰে ৷ বিপাশা-কৰণে তেওঁলোকৰ প্ৰিয় ৰাজকুমাৰীৰ নাম ৰাখিছে ‘দেৱী’।
প্ৰায়ে অনুৰাগীৰ বাবে নিজৰ ইনষ্টাগ্ৰামত দেৱীৰ আভাস শ্বেয়াৰ কৰা দেখা যায় দুয়োগৰাকীক । দেৱীৰ আভাস শ্বেয়াৰ কৰা বিপাছা বসু আৰু কৰণ সিং গ্ৰ’ভাৰে, কিন্তু দেৱীৰ মুখখনৰ সম্পূৰ্ণ ফটো শ্বেয়াৰ কৰা নাছিল (Bipasha Karan Daughter Face reveal) ৷ কিন্তু বুধবাৰে গভীৰ নিশা প্ৰথমবাৰৰ বাবে ‘দেৱী’ৰ মুখখন উন্মোচন কৰি অনুৰাগীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলায় বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰে ।
কৰণক টেগ কৰি বিপাশাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত দুখন মৰমলগা ছবিৰে নিজৰ কণমানি কন্যা দেৱীৰ মুখখন প্ৰকাশ কৰিছে আৰু কেপচনত হাৰ্ট ইমোজিৰে লিখিছে, ‘হেল্ল’ ৱৰ্ল্ড, আই এম দেৱী’। এই মৰমলগা ছবিবোৰত দেৱী বসু সিং গ্ৰভাৰক বেবী পিংক ড্ৰেছত ছুপাৰ কিউট দেখা পোৱা গৈছিল । এই পোছাকযোৰত লিখা আছিল ‘দেউতাকৰ ৰাজকুমাৰী’। মেচিং হেয়াৰবেণ্ডে দেৱীৰ লুকটো সম্পূৰ্ণ কৰিছিল (Bipasha Basu and karan singh grover Daughter)।
- " class="align-text-top noRightClick twitterSection" data="
">
প্ৰথম ছবিখনত দেৱীক নিজৰ মিলিয়ন ডলাৰৰ হাঁহিটোৰে জিলিকি থকা দেখা গৈছে । আনহাতে দ্বিতীয়খন ছবিত দেৱীক কেমেৰাৰ ফালে সযতনে চাই থকা দেখা গৈছে । বিপাশা আৰু কৰণৰ কণমানি কন্যাৰ এই মৰমলগা ছবিবোৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Bipasha Basu and karan singh grover) ।
বলীউডৰ চেলিব্ৰিটি আৰু অনুৰাগীয়ে দেৱীৰ এই ছবিবোৰক মৰম দিয়া দেখা যায় (Bipasha Karan Daughter Face) ৷ কাজল আগৰৱালে লিখিছে, Cutest little munchkin. কণমানি দেৱীলৈ মৰম আৰু আশীৰ্বাদ । একে সময়তে অভিনেত্ৰী আৰতি সিঙে লিখিছে, ‘মোৰ জন্মদিনত প্ৰথম ছবি’। টিভিৰ ব্যক্তিত্ব ৰাজীৱ আদাতিয়াই কমেণ্ট বক্সত লিখিছে, ‘আহ, তেওঁ ইমান মৰমলগা । ভগৱানে আশীৰ্বাদ কৰক । কৰণৰ ফেনপেজে এই পোষ্টটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে, ‘কৰণৰ কাৰ্বন কপি’।
লগতে পঢ়ক: Bipasha Basu baby:কন্যা দেৱী বসু সিং গ্ৰোভাৰৰ ফটো শ্বেয়াৰ কৰিলে বিপাশাই