ETV Bharat / entertainment

Archana Gautam: কংগ্ৰেছ কাৰ্যালয়ৰ বাহিৰত হোৱা আক্ৰমণক অন-ৰোড ৰেপৰ সৈতে তুলনা অৰ্চনা গৌতমৰ - কংগ্ৰেছ কাৰ্যালয়ৰ বাহিৰত আক্ৰমণ

‘বিগ বছ ১৬’ৰ প্ৰতিযোগী অৰ্চনা গৌতমৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত কংগ্ৰেছৰ কাৰ্যালয়ৰ বাহিৰত তেওঁৰ পিতৃক প্ৰহাৰ কৰা হৈছে । এই আক্ৰমণৰ পিচতে অৰ্চনা গৌতমৰ এটা সাক্ষাৎকাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ এই ঘটনাক অন-ৰোড ৰেপৰ সৈতে তুলনা কৰিছে। চাওক এই ভিডিঅ’টো ৷

Bigg Boss 16' contestant Archana Gautam compared the misbehavior outside the Congress office to on-road rape
কংগ্ৰেছ কাৰ্যালয়ৰ বাহিৰত আক্ৰমণ বিগ বছ ১৬ প্ৰতিযোগী অৰ্চনা গৌতমক
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 4:58 PM IST

চিটাৰা ডেস্ক, 1 অক্টোবৰ: শেহতীয়াকৈ নতুন দিল্লীৰ কংগ্ৰেছৰ কাৰ্যালয়ৰ বাহিৰত ‘বিগ বছ ১৬’ৰ প্ৰতিযোগী অৰ্চনা গৌতম আৰু তেওঁৰ পিতৃক আক্ৰমণৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । এতিয়া এক সাক্ষাৎকাৰত প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মুখ খুলিছে ৷ অৰ্চনাই সাক্ষাৎকাৰত কয় যে এই ঘটনাত তেওঁৰ পিতৃ গুৰুতৰভাৱে আহত হৈছে । অৰ্চনাই এনে আচৰণক পথত ধৰ্ষণৰ সৈতে তুলনা কৰিছে ।

অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা ‘বিগ বছ ১৬’ খ্যাতিৰ প্ৰতিযোগী অৰ্চনা গৌতম আৰু তেওঁৰ পিতৃক দিল্লীৰ কংগ্ৰেছ কাৰ্যালয়ৰ বাহিৰত প্ৰহাৰ কৰা হৈছিল । এই আক্ৰমণৰ পিচত অভিনেত্ৰীগৰাকীৰ এটা সাক্ষাৎকাৰ পোহৰলৈ আহিছে, য’ত তেওঁ কংগ্ৰেছৰ কাৰ্যালয়ৰ বাহিৰত তেওঁৰ সৈতে হোৱা অসৎ আচৰণৰ বিষয়ে মুকলিকৈ কয় । অৰ্চনাই সাক্ষাৎকাৰত কয়, ‘‘তেওঁলোকে আমাক গেটৰ ভিতৰত সোমাবলৈ নিদিলে আৰু গেটখনো খোলা নাছিল । আমাক কোৱা হৈছিল ওপৰৰ পৰা অৰ্ডাৰ আছে, আপোনাৰ প্ৰৱেশত নিষেধ কৰা হৈছে । ইয়াৰ আঁৰৰ কাৰণ মই নাজানো ।’’

সাক্ষাৎকাৰত অৰ্চনাই কংগ্ৰেছৰ কাৰ্যালয়লৈ কিয় গৈছিল সেই কথাও উল্লেখ কৰে ৷ এই কথা উল্লেখ কৰি অৰ্চনাই ক’লে, ‘মই মাত্ৰ অভিনন্দন জনাবলৈ গৈছিলোঁ । মই ভাবিলোঁ যে বিগ বছ শেষ হোৱাৰ পিচত তাত মোক গ্ৰেণ্ড ৱেলকাম কৰিব, কাৰণ শ্ব’ শেষ হোৱাৰ পিচত মই এবাৰো তাত যোৱা নাছিলোঁ । মোৰ লগত অসৎ আচৰণ কৰা সমূহৰ ভিতৰত কিছুমান মহিলাও আছিল । আমাৰ সৈতে হোৱা অসৎ আচৰণত তেওঁলোকে কিয় সহানুভূতি নেদেখুৱালে মই আচৰিত হৈছো এই কথাত ।

এই আক্ৰমণত আহত হৈছে অৰ্চনাৰ পিতৃ আৰু চালক

বিগ বছ ১৬'ৰ খ্যাতিৰ প্ৰতিযোগীগৰাকীয়ে লগতে ক’লে, ‘‘এই আক্ৰমণত মোৰ দেউতা আৰু চালক দুয়োজনেই বেয়াকৈ আহত হৈছিল । চালকজনৰ মূৰত আঘাত পাইছে । এয়া একেবাৰে ঠিক হোৱা নাই । অচিৰেই এই বিষয়টো সন্দৰ্ভত সংবাদমেল পাতি সমগ্ৰ সত্য ক’ম । অৰ্চনাই ক’লে, ‘মোৰ চুলি টানিলে । এইটো এটা অন-ৰোড ধৰ্ষণতকৈ কম নাছিল । মই হাত মেলি তেওঁলোকক অনুৰোধ কৰিছিলো । এই আক্ৰমণত মোৰ দেউতাও ভয় খাইছে ।’’

অৰ্চনা গৌতমৰ মতে, সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ লগে লগে তেওঁ পিতৃৰ সৈতে দিল্লীৰ কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীক অভিনন্দন জনাব বিচাৰিছিল, কিন্তু সেই স্থানতে একাংশ মহিলাই তেওঁক আৰু তেওঁৰ পিতৃক প্ৰহাৰ কৰে ।

লগতে পঢ়ক: Mika Singh on Jacquelines pic: হলিউডৰ অভিনেতাৰ সৈতে জেকলিনৰ ফটো; মিকা সিঙে ক’লে - সুকেশতকৈ ভাল এইজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.