ETV Bharat / entertainment

ভক্ষকৰ দৃষ্টি পৰিল কণ-কণ ছোৱালীৰ ওপৰত

Bhakshak Teaser: নেটফ্লিক্স ইণ্ডিয়াৰ এই থ্ৰিলাৰত ভূমি পেডনেকাৰে এগৰাকী অনুসন্ধানকাৰী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে ৷

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 5:15 PM IST

bhakshak teaser bhumi pednekar plays an investigative journalist in this netflix india thriller
থ্ৰিলাৰ ছবি

চিটাৰা ডেস্ক, 18 জানুৱাৰী : শ্বাহৰুখ খান আৰু গৌৰী খানৰ বেনাৰত ঘোষণা কৰা হৈছে নতুন ছবি ‘ভক্ষক’ । ইয়াত ভূমি পেডনেকাৰে এগৰাকী তদন্তকাৰী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে এটা জঘন্য অপৰাধৰ প্ৰকৃত ঘটনা পোহৰলৈ অনাৰ চেষ্টা চলায় ।

ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ গ্লেমাৰাছ পত্নী গৌৰী খানে আজি তেওঁৰ প্ৰডাকচন হাউছ ৰেড চিলিজৰ বেনাৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে তেওঁৰ নতুন ছবি ভক্ষক । ভক্ষক ছবিখনত ভূমি পেডনেকাৰে এগৰাকী অনুসন্ধানকাৰী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে । এটা সঁচা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ভক্ষক ছবিখন । এই ছবিখনৰ ঘোষণাৰ সমান্তৰালকৈ ইয়াৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে । এই ছবিখন ছবিগৃহলৈ অহাৰ পিচত পোনপটীয়াকৈ অ’টিটিত প্ৰচাৰ কৰা হ’ব । ভক্ষক ছবিখনৰ এটা টিজাৰো মুকলি কৰা হৈছে, য’ত দেখা গৈছে ভূমিয়ে কিদৰে নিজৰ মিছনটো সম্পূৰ্ণ কৰিবলৈ দিন-ৰাতি এক কৰি দিয়ে ।

ভক্ষক ছবিখন এখন অপৰাধমূলক ছবি, যাৰ পৰিচালনাত আছে পুলকিত । গৌৰী খান আৰু গৌৰৱ ভাৰ্মাই প্ৰযোজনা কৰিছে । ৰেড চিলিজৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ছবিখন । ভক্ষকৰ তাৰকা অভিনেতাৰ কথা ক’লে ভূমি, সঞ্জয় মিশ্ৰ, আদিত্য শ্ৰীবাস্তৱ আৰু সাই তমনহকৰক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ।

ভক্ষক এনে এগৰাকী নাৰীৰ কাহিনী, যিয়ে ন্যায় বিচাৰি দুৱাৰে দুৱাৰে ঘূৰি ফুৰে । ভক্ষকত বৈশালী সিঙৰ চৰিত্ৰত অনুসন্ধানকাৰী সাংবাদিক হিচাপে অভিনয় কৰা দেখা যাব ভূমি পেডনেকাৰক । এইগৰাকী সাংবাদিকে নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ বাস্তৱতা উদঙাই দি এটা জঘন্য অপৰাধ সমাজৰ সকলোৰে আগত উদঙাই দিব বিচাৰে । আজি মুকলি হোৱা টিজাৰত আৰু কোনো তথ্য দিয়া হোৱা নাই । ভূমিক এক সাধাৰণ ৰূপত দেখা যাব, যিটো একেবাৰেই গ্লেমাৰাইজ নহয় ।

টিজাৰৰ শেষত ভূমিয়ে এগৰাকী ছোৱালীক, ‘আমি শিশুৰ অধিকাৰৰ বাবে যুঁজি আছো, বুজিছানে’ বুলি কোৱা দেখা গৈছে ৷ তেওঁৰ এটা বক্তব্যত ছবিখনৰ পৰিচালক পুলকিতে কৈছিল- ‘আমাৰ লক্ষ্য হৈছে সমাজৰ তিক্ত সত্যক উলিয়াই আনি ফলপ্ৰসূ পৰিৱৰ্তন আনিব পৰা কথা-বতৰা প্ৰচাৰ কৰা । এই বিতৰ্কিত বিষয়টোত আৰু অধিক লোকে যোগদান কৰিব বুলি আশা প্ৰকাশ কৰিছো’ । ৯ ফেব্ৰুৱাৰীত নেটফ্লিক্সত ষ্ট্ৰীম হ’ব ভক্ষক ।

লগতে পঢ়ক : অসমীয়া ছবি জয়মতি নেভাৰ লেফ্টৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত বিশ্ব প্ৰিমিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.