চিটাৰা ডেস্ক, ২৬ ছেপ্টেম্বৰ: অৱশেষত যোৱা ২৪ ছেপ্টেম্বৰত ৰাজস্থানৰ উদয়পুৰত বিবাহপাশত আবদ্ধ হ’ল পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা । বিয়াৰ এদিন পিচতে ২৫ ছেপ্টেম্বৰ অভিনেত্ৰীগৰাকীয়ে বিবাহৰ ফটো আনুষ্ঠানিকভাৱে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত পোষ্ট কৰে ৷ ফটোসমূহে ক্ষন্তেকত ছ’চিয়েল মিডিয়াত সৃষ্টি কৰে খলকনিৰ ৷ বলীউডৰ বহু চেলিব্ৰিটিয়ে এই দম্পতীক অভিনন্দন জ্ঞাপন কৰিছিল । বিয়াখনৰ বহু ছবি সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ ইফালে বিয়াত উপস্থিত থকা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাঘৱ-পৰিণীতিক ছ’চিয়েল মিডিয়াত অভিনন্দন জ্ঞাপন কৰিছে ৷
মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাঘৱ চাড্ডা আৰু পৰিণীতিৰ বিবাহৰ বাবে শুভেচ্ছা জনায়
২৫ ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে নিজৰ ইনষ্টাগ্ৰামত এখন আকৰ্ষণীয় ছবি শ্বেয়াৰ কৰি নৱবিবাহিত দম্পতী পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাক শুভেচ্ছা জনায় । ছবিখনত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা তেওঁলোকৰ বিবাহৰ সাজত দেখা গৈছে ৷ ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে আপ নেতা সঞ্জয় সিঙে ফটোখনৰ শোভা বঢ়ায় । পাঞ্জাবী ভাষাত লিখা কেপচনত তেওঁ কয়, "সৰু ভাই আৰু পৰিণীতি চোপ্ৰাক জীৱনৰ নতুন যাত্ৰাৰ বাবে অভিনন্দন । এই দম্পতী সদায় সুৰক্ষিত হৈ থাকক । সুখ আৰু আনন্দৰে ভৰপূৰ হওক জীৱন ।"
উল্লেখ্য যে, পৰিয়ালৰ সদস্য, ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ লগতে কেইবাজনো মন্ত্ৰীৰ উপস্থিতিত বিয়াখন অনুষ্ঠিত হয় । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানলৈকে যুৱসেনাৰ আদিত্য ঠাকৰে, আম আদমী পাৰ্টিৰ সঞ্জয় সিং আৰু সঞ্জীৱ অৰোৰাৰ দৰে বহু জনপ্ৰিয় ব্যক্তিয়ে এই দম্পতীক আশীৰ্বাদ দিবলৈ ৰাজস্থানত উপস্থিত হয় । ইফালে এই বিশেষ দিনটোৰ বাবে উদয়পুৰত উপস্থিত হয় ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা, টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা আৰু ক্ৰিকেটাৰ হৰভজন সিং।
কিন্তু অভিনেত্ৰীগৰাকীৰ ভগ্নী তথা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা উপস্থিত থকা নাছিল এই বিয়াত ৷ এই সন্দৰ্ভত প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই কয় যে, প্ৰিয়ংকা কিবা কামত ব্য়স্ত হৈ থকাৰ বাবে বিয়াত উপস্থিত থাকিব নোৱাৰিলে ৷ অৱশ্যে অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দুয়োকে শুভেচ্ছা জ্ঞাপন কৰে ৷