ETV Bharat / entertainment

Manoj Muntashir: মনোজ মুন্টাশ্বিৰৰ আন এক বিস্ফোৰক মন্তব্য, ক্ষুব্ধ ব্যৱহাৰকাৰীয়ে ক’লে - মনে মনে থাকক, এতিয়াও সময় আছে

author img

By

Published : Jun 20, 2023, 9:15 PM IST

আদিপুৰুষৰ সংলাপক লৈ ইতিমধ্যে বিতৰ্কত আৱৰ্তত সোমাই পৰা মনোজ মুন্টাশ্বিৰে আন এক বিস্ফোৰক মন্তব্য কৰিছে ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হয় লেখকজন ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Bajrangbali Bhagwan Nahi Bhakt Hain: Manoj Muntashirs Statement On Lord Hanuman Draws Flak
আদিপুৰুষৰ সংলাপক লৈ ইতিমধ্যে বিতৰ্কত আৱৰ্তত সোমাই পৰা মনোজ মুন্টাশ্বিৰে আন এক বিস্ফোৰক মন্তব্য কৰিছে

চিটাৰা ডেস্ক, 20 জুন: প্ৰভাস, কৃতি সেনন আৰু ছৈফ আলী খানৰ অভিনীত ছবি ‘আদিপুৰুষ’ মুক্তিৰ পিছৰে পৰা সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত ৷ ছবিখনৰ সংলাপৰ বাবে ছবিখনৰ লেখক মনোজ মুন্টাশ্বিৰক দেশজুৰি সমালোচনা কৰা হৈছে ৷ এতিয়া এই সকলোবোৰৰ মাজতে মনোজে আন এক বিস্ফোৰক মন্তব্য কৰিছে ৷ যাৰ বাবে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷ লেখকগৰাকীয়ে এনেকুৱা এটা মন্তব্য কৰিছে যিয়ে ৰাইজৰ আৱেগক আঘাত কৰিছে। দৰাচলতে মনোজে কৈছে যে হনুমান জী ভগৱান নহয় । মনোজৰ এই বক্তব্যৰ পিচতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁক লক্ষ্য কৰি লয় ৷

শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত মনোজে কৈছিল যে বজৰং বালি ভগৱান নহয়, তেওঁ এজন ভক্ত, আমি মানুহে তেওঁক পিচত ঈশ্বৰ বনালোঁ । মনোজৰ এই সাক্ষাৎকাৰটো অতি কম সময়তে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিচতে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে মনোজ মুন্টাশ্বিৰ । ছ’চিয়েল মিডিয়াত সকলোৱে তেওঁক মনে মনে থাকিবলৈ পৰামৰ্শ দিয়ে ।

ইফালে সোমবাৰে হ্ৰাস পালে ছবিখনৰ উপাৰ্জন

উল্লেখ্য যে, সোমবাৰে ছবিখনৰ উপাৰ্জন সংগ্ৰহত ব্যাপক অৱনতি ঘটিছে। সোমবাৰে ছবিখনৰ উপাৰ্জন ৭০ শতাংশ হ্ৰাস পাইছে। খবৰ অনুসৰি ছবিখনৰ হিন্দী সংস্কৰণে সোমবাৰে মাত্ৰ ৯ কোটি টকাহে উপাৰ্জন কৰিছে। মুক্তিৰ প্ৰথম সপ্তাহৰ শেষৰ ফালে ছবিখনে ভাল উপাৰ্জন কৰিছিল ৷ যদিও ছবিখনক লৈ বিতৰ্ক বৃদ্ধি পোৱাৰ লগে লগেই ছবিগৃহত হ্ৰাস পাইছে দৰ্শকৰ সংখ্যাও ৷

খবৰ অনুসৰি 500 কোটি টকাৰ বিশাল বাজেটত নিৰ্মাণ কৰা হৈছে ছবিখন । প্ৰভাস, কৃতি আৰু ছৈফৰ উপৰিও ছবিখনত অভিনয় কৰিছে ছানী সিং, সোনাল চৌহান, সিদ্ধাৰ্থ নিগমে ।

লগতে পঢ়ক: TV Serial Ramayan: ৩৬ বছৰ পূৰ্বে নিৰ্মিত ৰামায়ণৰ এটা খণ্ডই কিমান উপাৰ্জন কৰিছিল জানিলে আচৰিত হ’ব আপুনি

লগতে পঢ়ক: Salman Khan: কি হ’ল ভাইজানৰ ? ছলমান খানৰ ফুলি থকা চকু দেখি চিন্তিত হৈ পৰিল অনুৰাগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.