ETV Bharat / entertainment

Ayushmann Khurrana Father Death: পিতৃহাৰা হ’ল অভিনেতা আয়ুষ্মান খুৰানা

author img

By

Published : May 19, 2023, 3:55 PM IST

Updated : May 19, 2023, 5:12 PM IST

আয়ুষ্মান খুৰানাৰ পিতৃ তথা প্ৰখ্যাত জ্যোতিষী পি খুৰানা আৰু নাই (Ayushmann Khurrana Father Death) ৷ সন্ধিয়া ৫.৩০ বজাত মণিমাজৰা শ্মশানত হ’ব অন্ত্যেষ্টিক্ৰিয়া ৷

AYUSHMANN KHURRANAS FATHER AND POPULAR ASTROLOGER PANDIT P KHURRANA PASSES AWAY
পি খুৰানা আৰু নাই

চিটাৰা ডেস্ক, 19 মে’: শুকুৰবাৰে পুৱা দেহাৱসান ঘটে বলিউড অভিনেতা আয়ুষ্মান খুৰানাৰ পিতৃ তথা প্ৰখ্যাত জ্যোতিষী পি খুৰানাৰ । আজি সন্ধিয়া ৫.৩০ বজাত মণিমাজৰা শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব বুলি জানিব পৰা গৈছে (Ayushmann Khurrana Father passes away)। যোৱা দুদিন ফৰ্টিছ হাস্পতালত ভৰ্তি হৈ আছিল পি খুৰানা । হৃদ ৰোগত আক্ৰান্ত আছিল জ্যোতিষীগৰাকী ।

তেওঁ বিগত দুদিন ধৰি ভেন্টিলেটৰত থকা বুলি জানিব পৰা গৈছে । অৱশেষত আজি ভেন্টিলেটৰতেই মৃত্যুবৰণ কৰে জ্যোতিষীগৰাকীয়ে (Ayushmann Khurrana Father Death)।

আয়ুষ্মান খুৰানা আৰু তেওঁৰ পিতৃ পি খুৰানাৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল ৷ প্ৰায়ে ছ’চিয়েল মিডিয়াত পিতৃৰ ছবি শ্বেয়াৰ কৰিছিল আয়ুষ্মানে ৷ পি খুৰানাই মৃত্যুৰ সময়ত পত্নী আৰু দুই পুত্ৰক এৰি থৈ যায় । আয়ুষ্মানৰ ভাতৃ অপাৰশক্তি খুৰানাও এগৰাকী অভিনেতা (Ayushmann Khurranas father P Khurrana death) ।

উল্লেখযোগ্য যে, আয়ুষ্মান খুৰানাৰ নামত আৰু এটা এন যোগ কৰিবলৈ, তেওঁৰ পিতৃ পি খুৰানাই কৈছিল । এই বিষয়ে এটা সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে, তেওঁ নিজৰ কেৰিয়াৰৰ সম্ভাৱনা উন্নত কৰাৰ বাবে নিজৰ নাম সলনি কৰিছিল (P Khurrana death news)।

আয়ুষ্মানে প্ৰকাশ কৰে যে, তেওঁৰ নামত অতিৰিক্তভাৱে N আখৰটো যোগ কৰাৰ সকলো কৃতিত্ব তেওঁৰ পিতৃৰ, কাৰণ তেখেত এগৰাকী জ্যোতিষী । অভিনেতাগৰাকীয়ে লগতে কয় যে, তেওঁ নিজে জ্যোতিষত বিশ্বাস নকৰে, কিন্তু তেওঁ পিতৃক অনুসৰণ কৰে আৰু তেওঁৰ পৰামৰ্শক অতি গুৰুত্বসহকাৰে লয় । গতিকে, যেতিয়া পিতৃয়ে তেওঁৰ নামত অতিৰিক্তভাৱে N আখৰটো যোগ কৰিবলৈ ক’লে, তেতিয়া আয়ুষ্মানে নিঃসংকোচে তেনে কৰিবলৈ বাধ্য হ’ল ।

উপ-ৰাষ্ট্ৰপতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ কথা আছিল আয়ুষ্মানক

আয়ুষ্মান খুৰানাৰ বাবে আজিৰ দিনটো আছিল অত্যন্ত সুখৰ ৷ কিন্তু কোনে জানিছিল যে এই সুখৰ সময় দুখলৈ সলনি হ’ব ৷ আজিৰ দিনটোতেই পঞ্জাৱ বিশ্ববিদ্যালয়ত উপ-ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত কৰাৰ কথা আছিল আয়ুষ্মান খুৰানাক ৷ কিন্তু সেয়া সম্ভৱ হৈ নুঠিল ৷

লগতে পঢ়ক: Salman Khan Injured: ‘টাইগাৰ ৩’ৰ চেটত আহত ছলমান খান, ফটোখন শ্বেয়াৰ কৰি লিখিলে- ‘টাইগাৰ জখমি হে’

Last Updated : May 19, 2023, 5:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.