ETV Bharat / entertainment

14 অক্টোবৰত চিত্ৰগৃহত শিলাদিত্য বৰা প্ৰযোজিত Aye Zindegi - শিলাদিত্য বৰা প্ৰযোজিত Aye Zindegi

ৰেৱতী আৰু সত্যজিৎ ডুবে অভিনীত এক অবিশ্বাস্য সত্য কাহিনীৰ ওপৰত আধাৰিত Aye Zindegi ৰ ট্ৰেইলাৰ মুকলি ৷

Aye Zindegi
শিলাদিত্য বৰা প্ৰযোজিত Aye Zindegi
author img

By

Published : Oct 10, 2022, 7:04 PM IST

চিটাৰা ডেস্ক, 10 অক্টোবৰ : নতুন আৰু ৰোমাঞ্চকৰ প্ৰতিভাক শক্তিশালী মঞ্চ প্ৰদান কৰি অহাৰ বাবে প্ৰখ্যাত ফিল্ম ষ্টুডিঅ' প্লাটুন ৱান ফিল্মছে আন এখন ৰোমাঞ্চকৰ নতুন ছবি লৈ আহিছে, নাম Aye Zindegi ৷ এয়া হৈছে সমগ্ৰ ভাৰত আৰু উত্তৰ আমেৰিকাৰ ছবিগৃহত মুক্তি লাভ কৰিবলগীয়া প্ৰযোজনা প্ৰতিষ্ঠানটোৰ প্ৰথম একক প্ৰযোজনা ।

উল্লেখ্য যে, ছবিখনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে । ছবিৰ ট্ৰেইলাৰটোৱেই ছবিখনৰ কাহিনীভাগৰ আৱেগিক উত্থান-পতন বহন কৰিছে, যিয়ে আপোনাক নিশ্চিতভাৱে আত্মিক অনুভূতি প্ৰদান কৰিব । এক অবিশ্বাস্য অথচ সঁচা কাহিনীৰ ওপৰত আধাৰিত, আয়ে জিন্দেগীৰ কাহিনীভাগ এজন 26 বছৰীয়া যকৃতৰ চিৰোচিছ ৰোগী বিনয় চাওলাৰ জীৱন যাত্ৰাক অনুসৰণ কৰি আগবাঢ়ে ৷ ৰোগীগৰাকী চিকিৎসাধীন হৈ থকা চিকিৎসালয়ৰ এগৰাকী পৰামৰ্শদাতা ৰেৱতীৰ সৈতে তেওঁৰ অসামান্য সম্পৰ্কই জীৱন সম্পৰ্কত তেওঁৰ আশা আৰু বিশ্বাস পুনৰ জাগ্ৰত কৰে আৰু মানৱতাৰ শক্তিত তেওঁৰ বিশ্বাস ওভতাই আনে ।

  • " class="align-text-top noRightClick twitterSection" data="">

চলচ্চিত্ৰখন বিভিন্ন কাৰণত যথেষ্ট প্ৰত্যাশিত হৈ পৰিছে, সেইবোৰৰ ভিতৰত অন্যতম হৈছে দাক্ষিণাত্যৰ যশস্বী অভিনেত্ৰী আৰু 3 বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ৰেৱতীৰ মুখ্য চৰিত্ৰত হিন্দী চলচ্চিত্ৰলৈ প্ৰত্যাৱৰ্তন । চলচ্চিত্ৰখনত অনবদ্য অভিনয় কৰিছে মুম্বাই ডায়েৰিজ খ্যাত সত্যজিৎ ডুবেই, জনপ্ৰিয় মাৰাঠী চলচ্চিত্ৰ চি ভা চি ছৌ কাৰে জনাজাত হোৱা মৃন্ময়ী গডবোলে, প্ৰবীণ গুজৰাটী অভিনেতা, SCAM 1992 খ্যাত হেমন্ত খেৰ, শ্ৰীকান্ত বাৰ্মা, ছাৱন টংক, মুস্কান আগৰৱালা আৰু প্ৰাঞ্জল ত্ৰিবেদীয়ে ।

চিত্ৰনাট্য আৰু পৰিচালনা ডাঃ অনিৰ্বাণ বসুৰ । পৰিচালকগৰাকী ইতিমধ্যেই তেওঁৰ উপন্যাস 'বম্বে ৰেইনছ, বম্বে গাৰ্লছ', 'মাইচ ইন মেন' আৰু 'দ্য ডেথ অৱ্ মিতালী দত্ত'ৰ বাবে যথেষ্ট সমাদৃত হৈছে । এগৰাকী চিকিৎসক হোৱাৰ লগতে লেখক-পৰিচালক হোৱালৈ এই অনবদ্য যাত্ৰাৰ বিষয়ে অনিৰ্বানে এনেদৰে কয়, "আয়ে জিন্দেগী মই সাধাৰণতে কৰা কামৰ তুলনাত যথেষ্ট পৃথক । মই এজন চিকিৎসক গতিকে মই ৰোগীসকলৰ যত্ন লওঁ আৰু মই চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলক শিকাওঁ । মই অবিশ্বাস্যভাৱে উৎসাহিত আৰু উদ্বিগ্ন হৈ আছো এই চিনেমাখনক লৈ আৰু মই আশা কৰো যে দৰ্শকে কাহিনীটোৰ মাজৰ সৌন্দৰ্য উপভোগ কৰিব" ৷

তেওঁ লগতে কয়, "মই জানিছিলো যে এইটো এনে এক কাহিনী, যিটো ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়োজন আছিল ৷ ই ইমান ধুনীয়া আৰু ইমান নাটকীয় যে ইয়াৰ কাহিনীয়ে আপোনাৰ জীৱনটোক সঁচাকৈয়ে কল্পনাৰ কাহিনীতকৈ পৃথক বুলি ভাবিবলৈ বাধ্য কৰাব ! তাৰকাসকলে ছবিখনত অনবদ্য কাম কৰিছে, লগতে প্ৰযোজনা দলটোৰ পৰা যথেষ্ট সমৰ্থন পাইছো । এতিয়া আমাৰ মাথো এটাই আশা দৰ্শকসকলে ছবিগৃহলৈ আহক আৰু ছবিখন উপভোগ কৰক লগতে অনুভৱ কৰক যে এয়া কি এক আশ্চৰ্যকৰ কাহিনী" ৷

আয়ে জিন্দেগীত বিনয়ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ এক বৃহৎ শাৰিৰীক পৰিৱৰ্তন আনিছে সত্যজিৎ ডুবেই । বিনয় নামৰ যকৃতৰ চিৰোচিছত ভুগি থকা যুৱ ৰোগীৰ চৰিত্ৰত এনেদৰে অভিনয় কৰাটো নিসন্দেহে অতি জটিল কাম আছিল । এই চৰিত্ৰৰ বাবে বাচনি কৰাত কৃতজ্ঞতা জনাই সত্যজিতে কয়, "এই চলচ্চিত্ৰখন এনে এক যাত্ৰা, যিয়ে সম্পূৰ্ণ হোৱাৰ পিছত মোক অপৰিসীম আনন্দ প্ৰদান কৰিছে, এতিয়ালৈকে মোৰ জীৱনৰ এয়া শ্ৰেষ্ঠতম চৰিত্ৰ । এয়া হৈছে প্ৰতিজন শিল্পীয়ে, অভিনেতাই বিচৰা ধৰণৰ কাম । যি কামে মোক শাৰিৰীক আৰু আৱেগিকভাৱে জোকাৰি গৈছিল, একে সময়তে আৱেগিকো কৰিছিল আৰু আনন্দিতও কৰিছিল" ৷

তেওঁ লগতে কয়, "চলচ্চিত্ৰ হৈছে মনোৰঞ্জনৰ মাধ্যম, কিন্তু কিছুমান চলচ্চিত্ৰ, কিছুমান কাহিনী কেতিয়াবা ইয়াৰ বাহিৰলৈ গুচি যায়, ই আপোনাক এনেদৰে প্ৰেৰিত কৰে যে ই আপোনাৰ ভিতৰত নতুন দৃষ্টিভংগীৰ দুৱাৰ মুকলি কৰে, যাৰ জীৱন সলনি কৰাৰ ক্ষমতা আছে, সেয়াই হৈছে আয়ে জিন্দেগী" ৷

পিকাচো আৰু ইয়ৰ্ছ ট্ৰুলীৰ দৰে প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পিছত, প্লাটুন ৱান ফিল্মছৰ প্ৰতিষ্ঠাপক শিলাদিত্য বৰাই ছবিগৃহলৈ অহা তেওঁৰ প্ৰথম ঘৰুৱা প্ৰযোজনাক লৈ অতি আনন্দিত ।

তেওঁ কয়, "মই অনিৰ্বাণক প্ৰায় 15 বছৰ ধৰি চিনি পাওঁ ৷ যেতিয়া মই প্ৰথমবাৰৰ বাবে তেওঁৰ অনুপম উপন্যাস বম্বে ৰেইনছ, বম্বে গাৰ্লছ এগৰাকী ছাত্ৰ হিচাপে পঢ়িছিলো আৰু তেতিয়াই তেওঁক অভিনন্দন জনাবলৈ গৈছিলো । বিগত বছৰবোৰত, আমাৰ বন্ধুত্ব এই সুন্দৰ সহযোগিতালৈ ৰূপান্তৰিত হৈছে আৰু মই বিশ্ববাসীৰ সন্মুখত তেওঁৰ প্ৰতিভা চাবলৈ উদগ্ৰীব হৈ আছো । মোৰ এতিয়াও মনত আছে, যেতিয়া অনিৰ্বাণে মোক আৰু মোৰ পত্নীক ৰাতিৰ আহাৰত তেওঁৰ এজন ৰোগীৰ এক অবিশ্বাস্য অথচ সঁচা কাহিনী এটা কৈছিল আৰু আমি সকলোৱে অবাক হৈ পৰিছিলো । আপোনাৰ জীৱনকালত এবাৰ আপুনি এনে এটা কাহিনী শুনিব আৰু আপুনি নিজই ভাবিব, ৱাহ, এইটো কাহিনীৰে এখন চলচ্চিত্ৰ হ'ব লাগে ! এয়াই হৈছে এই কাহিনীটোৰ শক্তি আৰু ইয়াক জীয়াই থকা ব্যক্তিজনতকৈ ইয়াক কোৱাৰ বাবে আন কোনো উপযুক্ত নহয়" ৷

তেওঁ লগতে কয়, "আমি এই চলচ্চিত্ৰখন চিকিৎসা সমুদায়টোৰ বাবে এক চেলেঞ্জ হিচাপে নিৰ্মাণ কৰিছো, যিটো মহামাৰীৰ বছৰৰ পিছত আৰু অধিক প্ৰাসংগিক" ৷

পৰিচালক অনিৰ্বাণে এক আৱেগিক দিশ প্ৰকাশ কৰি কয়, "এইখন এখন অতি পৰিয়াল-অনুকূল ছবি, যিয়ে মানৱজাতিয়ে আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠ নিদৰ্শন দেখুৱাইছে । যোৱা দুবছৰৰ কঠিন সময়ৰ পিছত আমি সকলোৱে আয়ে জিন্দেগীৰ দৰে এক ইতিবাচক তথা ভাল অনুভৱৰ চলচ্চিত্ৰ বিচাৰিছিলো ৷ এই ছবিখনৰ জৰিয়তে জীৱনৰ প্ৰকৃত সৌন্দৰ্যৰ প্ৰমাণ য'ত দেখুওৱা হৈছে য’ত মানুহে ইজনে সিজনৰ সৈতে সহানুভূতিশীল হ'ব পাৰে" ৷

ইফালে অভিনেত্ৰী মৃন্ময়ী গডবোলেই ছবিখন সন্দৰ্ভত এইদৰে কয়, "আয়ে জিন্দেগী হৈছে আশা, প্ৰেম আৰু আৰোগ্যৰ এক মনোৰম কাহিনী । ইয়াত এক অতি উষ্ম অনুভৱ আছে, দৰ্শকে প্ৰতিটো চৰিত্ৰৰ সৈতে নিজকে জড়িত কৰিব পাৰিব । মই এই ছবিখনত এগৰাকী মালায়ালম নাৰ্ছৰ চৰিত্ৰত অভিনয় কৰিছো, যিটো মোৰ বাবে এক নতুন আৰু প্ৰত্যাহ্বানমূলক চৰিত্ৰ আছিল । এই ছবিখনৰ অন্যান্য কলাকুশলীৰ সৈতে কাম কৰাটো এটা আশ্চৰ্যকৰ অভিজ্ঞতা আছিল আৰু মই ছবিগৃহত মুক্তি পাবলগীয়া ছবিখনক লৈ বহুত উৎসাহিত" ।

আন এগৰাকী অভিনেতা হেমন্ত খেৰে ছবিখন সন্দৰ্ভত এইদৰে কয়, "আয়ে জিন্দেগী হৈছে জীৱন বিষয়ক এক চলচ্চিত্ৰ, শিৰোনামটোৱে সেই বিষয়ে সূচায় । কিন্তু তাতকৈ শক্তিশালী দিশটো হৈছে মানৱীয় মূল্যবোধৰ বিষয়ে কথা কৈছে ছবিখনে আৰু সেয়েহে মই অনুভৱ কৰোঁ যে কাহিনীটোৱে নিশ্চিতভাৱে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব । মই এজন মানৱতাবাদী চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰিছোঁ, যিয়ে নিজৰ জীৱনতকৈ সেৱাটোক অধিক গুৰুত্ব দিয়ে । আমাৰ সকলোকে আমাৰ জীৱনত শ্ৰীযুত কাপুৰৰ দৰে এজন চিকিৎসকৰ প্ৰয়োজন । তেওঁ কেৱল এজন পেছাদাৰী হিচাপে নহয়, বৰঞ্চ এজন মানুহ হিচাপে আনক সহায় কৰিবলৈ তেওঁৰ কৰ্তব্যৰ বাহিৰতো নিজক উপস্থাপন কৰিছে । মই নিশ্চিত যে এই চলচ্চিত্ৰখনে নিশ্চিতভাৱে মানুহৰ হৃদয়ত স্থান পাব" ৷

উল্লেখ্য যে আয়ে জিন্দেগী অহা 14 অক্টোবৰত সমগ্ৰ ভাৰত আৰু উত্তৰ আমেৰিকাৰ ছবিগৃহত মুক্তি পাব ।

ছবিখনৰ পৰিচালকৰ অনিৰ্বাণ বসু পেছাত এজন চিকিৎসক । তেওঁৰ পেছাদাৰী জীৱনত, অনিৰ্বাণে অংগ সংৰোপণ কৰা ৰোগীসকলৰ সৈতে কাম কৰে আৰু এজন যুৱকৰ এই অবিশ্বাস্য কাহিনীটো তেওঁ তাতেই পাইছিল, যাক জীয়াই থাকিবলৈ যকৃত সংৰোপণৰ প্ৰয়োজন আছিল । কিন্তু তেওঁ যিহেতু তাৰ বাবে প্ৰয়োজনীয় খৰচ বহন কৰিব নোৱাৰিছিল সেয়েহে তেওঁক তেওঁৰ কাম এৰি ঘৰত তেওঁৰ বাকী থকা দিনবোৰ জীয়াই থাকিবলৈ কোৱা হৈছিল । অনিৰ্বাণে যুৱকজনৰ জীয়াই থকাৰ সংগ্ৰামৰ অবিশ্বাস্য যাত্ৰা কঢ়িয়াই আনিছে । অনিৰ্বাণ এজন লেখকো, যিয়ে 'বম্বে ৰেইনছ, বম্বে গাৰ্লছ', 'মাইচ ইন মেন' আৰু 'দ্য ডেথ অৱ্ মিতালী দত্ত আদি গ্ৰন্থ লিখিছে । আয়ে জিন্দেগী' হৈছে অনিৰ্বাণ বসুৰ পৰিচালিত প্ৰথম ছবি ।

প্লাটুন ৱান ফিল্মছ হৈছে চিনেমাৰ কলা, শিল্প আৰু ব্যৱসায়ৰ এক প্ৰতিষ্ঠান । এয়া এক বুটিক ফিল্ম ষ্টুডিঅ' আৰু চলচ্চিত্ৰ ব্যৱসায়ৰ বাবে টাৰ্ণ-কী সমাধান প্ৰদানকাৰী প্ৰতিষ্ঠান যাৰ মুখ্য গুৰুত্ব হৈছে প্ৰযোজনা, বিপণন, বিতৰণ আৰু চিণ্ডিকেচন ৷

লগতে পঢ়ক : ৰাজামৌলীৰ প্ৰেম কাহিনী এখন ছবিৰ কাহিনীতকৈ কম নহয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.