ETV Bharat / entertainment

Ashish Vidyarthi first wife: আশীষ বিদ্যাৰ্থীৰ দ্বিতীয় বিবাহ সন্দৰ্ভত কি ক’লে প্ৰাক্তন পত্নীয়ে ? - ৰূপালী বৰুৱাৰ সৈতে বিবাহ

বৃহস্পতিবাৰে অসমৰ ৰূপালী বৰুৱাৰ সৈতে বিয়াত বহি জীৱনত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়আশীষ বিদ্যাৰ্থী ৷ বিবাহৰ ছবি সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । ইফালে অভিনেতাগৰাকীৰ প্ৰথম পত্নীৰ প্ৰতিক্ৰিয়াও চৰ্চালৈ আহিছে (Ashish Vidyarthi first wife) ।

ASHISH VIDYARTHI FIRST WIFE RAJOSHI AKA PILOO VIDYARTHI SHARES CRYPTIC POSTS AFTER HIS SECOND MARRIAGE
আশীষ বিদ্যাৰ্থীৰ বিবাহ সন্দৰ্ভত ৰাজোশী বৰুৱাৰ প্ৰতিক্ৰিয়া
author img

By

Published : May 26, 2023, 12:01 PM IST

চিটাৰা ডেস্ক, 26 মে’: শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় খলনায়ক আশীষ বিদ্যাৰ্থীৰ বিবাহৰ ফটো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৷ ইয়াৰ পিচতে লাইমলাইটলৈ আহে অভিনেতাগৰাকী (Ashish vidyarthi second wife)। ৬০ বছৰীয়া আশীষে বৃহস্পতিবাৰে অসমৰ ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয় (Ashish Vidyarthi Ties Knot With Rupali Barua) । এই বিবাহৰ খবৰ ছ’চিয়েল মিডিয়াত জুইৰ দৰে বিয়পি পৰে ৷ বিবাহৰ খবৰ ভাইৰেল হৈ পৰাৰ পিচতে তেওঁৰ প্ৰথমা পত্নী ৰাজোশী বৰুৱা ওৰফে পীলু বিদ্যাৰ্থীয়ে নিজৰ ইনষ্টাগ্ৰাম পেজত ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰিছে (Ashish Vidyarthis first wife Rajoshi Barua) ৷

নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰি ৰাজোশীয়ে লিখিছে, ‘অধিক চিন্তা আৰু সন্দেহ এতিয়াই আপোনাৰ মনটোৰ পৰা ওলাই যাব পাৰে (Ashish vidyarthi first wife) । স্পষ্টতাই বিভ্ৰান্তিৰ ঠাই ল’ব পাৰে । শান্তি আৰু শান্তিয়ে আপোনাৰ জীৱন ভৰাই তোলক। আপুনি যথেষ্ট দিন ধৰি শক্তিশালী হৈ আহিছে, আপোনাৰ আশীৰ্বাদ লাভ কৰিবলৈ আৰম্ভ কৰাৰ সময় আহি পৰিছে। আপুনি ইযাৰ যোগ্য ।'

ASHISH VIDYARTHI FIRST WIFE RAJOSHI AKA PILOO VIDYARTHI SHARES CRYPTIC POSTS AFTER HIS SECOND MARRIAGE
ৰাজোশী বৰুৱাৰ পোষ্ট

আন এটা ষ্ট’ৰীত লিখিছে, ‘সঠিক ব্যক্তিয়ে আপোনাক এই প্ৰশ্ন নকৰে যে আপুনি তেওঁৰ বাবে কিমান প্ৰয়োজনীয় । তেওঁলোকে আপোনাক আঘাত দিয়া কোনো কাম নকৰে । মনত ৰাখিব ।' ৰাজোশীয়ে নিজৰ এখন ছবিৰ সৈতে আন এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ লিখিছে, ‘জীৱনৰ সাঁথৰত জড়িত নহ’ব ।’

উল্লেখ্য যে, প্ৰবীণ বাঙালী অভিনেত্ৰী শকুন্তলা বৰুৱাৰ কন্যা ৰাজোশী (Ashish Vidyarthi wedding pics )। আশীষ বিদ্যাৰ্থী এণ্ড এছ’চিয়েটছৰ সহ-প্ৰতিষ্ঠাপক তেওঁ (Ashish Vidyarthi weds Assams Rupali Barua)। আশীষ আৰু ৰাজোশীৰ ২৩ বছৰীয়া পুত্ৰৰ নাম অৰ্থ বিদ্যাৰ্থী । পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত আশীষ বিদ্যাৰ্থীয়ে সাধাৰণ বিবাহ কৰিছিল । বিবাহত কেৰালা আৰু অসমৰ পৰম্পৰা অনুসৰণ কৰি তেওঁলোকে ইজনে সিজনক স্বামী-স্ত্ৰী হিচাপে গ্ৰহণ কৰিছিল।

লগতে পঢ়ক: Ashish Vidyarthi wedding: অগ্নিক সাক্ষী কৰি চিৰদিনৰ বাবে অসমৰ ৰূপালীক নিজৰ কৰি ল’লে অভিনেতা আশীষ বিদ্যাৰ্থীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.