চিটাৰা ডেস্ক, 26 নৱেম্বৰ : বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন ৰামপালৰ আজি 50 বছৰীয়া জন্মদিন (Arjun Rampal Birthday) ৷ ৰামপাল সদায় তেওঁৰ সুঠাম শৰীৰটোকলৈ চৰ্চাত থাকে ৷ অৰ্জুনে মডেলিং কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ প্ৰাপ্ত তথ্য মতে, মডেলিং কৰাৰ দিনতেই পৰিচালকৰ চকুত পৰিছিল অৰ্জুন ৷ তাৰ পিছতেই লাভ কৰে ছবিৰ অফাৰ ৷
অৰ্জুনে বহু ছবিত অভিনয় কৰি দৰ্শকক মনোৰঞ্জন প্ৰদান কৰিছে ৷ তাৰ মাজতে কিছু ছবিয়ে বক্স অফিচত ভাল প্ৰদৰ্শন কৰাৰ বিপৰীতে আন কিছুমান হৈছিল ফ্লপ ৷ এই অভিনেতাজনে কিন্তু ছবিৰ সমান্তৰালকৈ তেওঁৰ ব্যক্তিগত জীৱনৰ বাবেও প্ৰায়ে বাতৰিৰ শিৰোনামা দখল কৰি ৰাখিছিল ৷ নানা ধৰণৰ বিতৰ্কত তেওঁৰ নাম সাঙোৰ খাই আছে ৷
শ্বাহৰুখ-ৰণবীৰৰ সৈতে কাজিয়াৰ পৰা আৰম্ভ কৰি হৃত্বিক ৰোশনৰ প্ৰাক্তন পত্নীৰ সৈতে লিংকআপৰ বাতৰিলৈকে অৰ্জুন মানুহৰ দৃষ্টি গোচৰ হৈছিল ৷ ৰা ৱান ছবিখনৰ সময়ত অৰ্জুন আৰু শ্বাহৰুখৰ মাজত মতভেদ হৈছিল বুলি জানিব পৰা যায় ৷ দৰাচলতে ৰা ৱান ছবিখনৰ পৰা কেইবাটাও দৃশ্য আঁতৰাই পেলোৱা হৈছিল, যাৰ বাবে অৰ্জুনে কাজিয়া কৰিছিল শ্বাহৰুখৰ সৈতে ৷ আনকি ৰণবীৰ কাপুৰৰ লগতো ৰয় ছবিখনৰ সময়ত অৰ্জুনৰ মতানৈক্য ঘটিছিল ৷ ছবিখনত অৰ্জুন এটা কেমিঅ’ চৰিত্ৰতহে আছিল, কিন্তু ছবিখনৰ ট্ৰেইলাৰ আৰু প্ৰমোচনৰ সময়ত তেওঁক মুখ্য তাৰকা হিচাপে উপস্থাপন কৰা হৈছিল, তাতেই অসন্তুষ্ট হৈ পৰিছিল অৰ্জুন ৷
- " class="align-text-top noRightClick twitterSection" data="
">
বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰাম গোপাল বাৰ্মাৰ লগতো অৰ্জুন তথা অৰ্জুনৰ প্ৰাক্তন পত্নী মেহৰৰ তৰ্কাতৰ্কি হৈছিল ৷ জানি আচৰিত হ’ব যে হৃত্বিকৰ প্ৰাক্তন পত্নী চুজেন খানৰ লগত লিংকআপৰ বাতৰিৰে বহু সময় ধৰি চৰ্চাত আছিল অৰ্জুন ৷ হৃত্বিক-চুজেনৰ বিবাহ বিচ্ছেদত অৰ্জুনৰ বহুখিনি হাত আছে বুলি জনা যায় ৷
বিয়াৰ 20 বছৰৰ পিছত মেহৰৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল অৰ্জুন ৰামপালৰ ৷ মডেল মেহৰে মিছ ইণ্ডিয়াৰ খিতাপো জিকিছিল ৷ মেহৰৰ সৈতে অৰ্জুনৰ মাহিকা আৰু মাইৰা নামেৰে দুগৰাকী কন্যাও আছে (Arjun Rampal daughters) ৷ ডিভোৰ্ছৰ পিছত অৱশ্যে দুই কন্যা মাকৰ সৈতে থাকে ৷ মেহৰৰ পিছত অৰ্জুনে দক্ষিণৰ আফ্ৰিকাৰ মডেল গেব্ৰিয়েল্লা ডেমেট্ৰাইয়াছক (Gabriella Demetriades) ক ডেট কৰে ৷ তাৰ পিছত দুয়োৱে লিভ-ইনত থকাৰ সিদ্ধান্ত লয় (Arjun Rampal family)৷ তাৰ মাজতে অকস্মাতে খবৰ ওলাই যে গেব্ৰিয়েল্লাই এটা পুত্ৰ সন্তানৰ জন্ম দিয়ে ৷ বৰ্তমানলৈকে অৰ্জুন আৰু গেব্ৰিয়েল্লাই বিয়া পতা নাই ৷
লগতে পঢ়ক : নিজৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষা বিচাৰি দিল্লী উচ্চতম ন্যায়ালয়ত গোচৰ তৰিলে বিগবিয়ে