ETV Bharat / entertainment

Arjun Kapoor : অৰ্জুন কাপুৰৰ অৰ্ধ উলংগ ছবি শ্বেয়াৰ কৰাৰ বাবে ট্ৰ’ল হ’ল মালাইকা, অভিনেতাজনে দিলে উপযুক্ত উত্তৰ

author img

By

Published : May 29, 2023, 1:33 PM IST

অৰ্জুন কাপুৰৰ প্ৰেমিকা মালাইকা অৰোৰাই শ্বেয়াৰ কৰিলে তেওঁৰ অৰ্ধ উলংগ ছবি। এই লৈ ছ’চিয়েল মিডিয়া বেয়াকৈ ট্ৰ’ল হয় অভিনেত্ৰীগৰাকী আৰু এই সন্দৰ্ভত এতিয়া অৰ্জুনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Arjun Kapoor Seminude Photo)।

Arjun Kapoor shares cryptic note after getting trolled for semi-nude pic posted by Malaika Arora
অৰ্জুনৰ অৰ্ধ উলংগ ফটো শ্বেয়াৰ কৰি ট্ৰল হ’ল মালাইকা

চিটাৰা ডেস্ক, 29 মে’: বলীউডৰ অন্যতম চৰ্চিত দম্পতী মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ । মালাইকা আৰু অৰ্জুনে বহুদিনৰ পৰা ডেট কৰি আছে । দুয়োকে প্ৰায়ে একেলগে দেখা যায় । ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয় মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ ৷ প্ৰায়ে অনুৰাগীৰ সৈতে তেওঁলোকৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে (Arjun Kapoor Seminude Photo)।

মালাইকা আৰু অৰ্জুন দুয়োগৰাকীয়ে প্ৰায়ে ছ’চিয়েল মিডিয়াত ইগৰাকীয়ে সিগৰাকীৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰে। এতিয়া শেহতীয়াকৈ মালাইকা অৰোৰাই অৰ্জুন কাপুৰৰ এনে এখন ছবি শ্বেয়াৰ কৰিছে ৷ যিখন ছবি অতি কম সময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে (Arjun Kapoor semi nude) ৷ কেৱল ভাইৰেল হোৱাই নহয়, এই ছবিখনক লৈ নেটিজেনে অভিনেত্ৰীগৰাকীক ট্ৰ’ল কৰাও দেখা যায়।

মালাইকাই শ্বেয়াৰ কৰিলে এখন অৰ্ধ উলংগ ছবি

দেওবাৰে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা অৰ্জুনৰ একৰঙী ছবি শ্বেয়াৰ কৰে মালাইকা অৰোৰাই । এই ফটোখনত অৰ্জুনক অৰ্ধ উলংগ অৱস্থাত দেখা পোৱা যায় ৷ ফটোখনত অৰ্জুনক কাপোৰ পৰিধান নকৰাকৈ থকা দেখা যায় আৰু শৰীৰ কিছু অংশ কুশ্বনৰে ঢাকি থোৱা হৈছে ।

এই ফটোখন শ্বেয়াৰ কৰাৰ সময়ত মালাইকাই কেপচনত লিখিছে, ‘মাই লেজি বয়’। এই ফটোখন শ্বেয়াৰ কৰাৰ পিচত মালাইকা অৰোৰাক ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰে নেটিজেনে ।

ট্ৰলক অৰ্জুন কাপুৰৰ উত্তৰ

নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত হাৰ্ট ইমোজিৰ সৈতে মলাইকাৰ ষ্টৰী শ্বেয়াৰ কৰে অৰ্জুন কাপুৰে (Arjun Kapoor cryptic note) ৷ ইফালে ট্ৰ’ল হোৱা দেখি অভিনেতাগৰাকীয়ে আন এটা ষ্টৰী শ্বেয়াৰ কৰি লিখিছে, ‘মনোযোগৰ সলনি শান্তি বাছি লওক, নীৰৱে আগবাঢ়ি যাওক।’

অৰ্জনৰ ষ্টৰী

আকৌ বিবাহপাশত আৱদ্ধ হ’বনে মালাইকা ?

শেহতীয়াকৈ মালাইকা অৰোৰাই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে তেওঁ পুনৰ বিয়াৰ কথা ভাবিছে । তেওঁ কৈছিল যে 'অৱশ্যেই মই ভাবিছো । মই প্ৰেমত বিশ্বাস কৰোঁ কিন্তু আকৌ কেতিয়া বিয়া হ’ম তাৰ উত্তৰ দিব নোৱাৰো কাৰণ মই কিছুমান কথা চমক কৰি ৰাখিব বিচাৰো ।’

লগতে পঢ়ক: Sunny leone: স্বামী ডেনিয়েলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ছানি লিয়নিয়ে ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.