ETV Bharat / entertainment

HBD Anurag Kashyap: ঘৰৰ পৰা টকা চুৰি কৰি ঢাপলি মেলিছিল মুম্বাইলৈ, পিচত কেনেকৈ নিজৰ সপোন পূৰ কৰিছিল অনুৰাগ কাশ্যপে ??

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 11:14 AM IST

চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে ২০০৯ চনত নিজৰ প্ৰডাকচন কোম্পানী আৰম্ভ কৰিছিল আৰু ইয়াৰ নাম দিছিল ‘অনুৰাগ কাশ্যপ ফিল্মছ প্ৰাইভেট লিমিটেড’ । আজি অনুৰাগ কাশ্যপৰ জন্মদিন ৷ তেওঁৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা ৷

Anurag Kashyap Birthday Special: Know unknown facts about Anurag Kashyap
অনুৰাগ কাশ্যপৰ আজি ৫১ সংখ্যক জন্মদিন

চিটাৰা ডেস্ক, ১০ ছেপ্টেম্বৰ: বলীউড চলচ্চিত্ৰ জগতত এটা সুকীয়া পৰিচয় আছে অনুৰাগ কাশ্যপৰ ৷ বৰ্তমান সময়ত তেওঁৰ কোনো পৰিচয়ৰ প্ৰয়োজন নাই। ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক তেওঁ । অনুৰাগ কাশ্যপক বহু বঁটাৰে সন্মানিত কৰা হৈছে। ১৯৭২ চনৰ ১০ ছেপ্টেম্বৰত গোৰখপুৰত জন্মগ্ৰহণ কৰা অনুৰাগ কাশ্যপে নিজৰ কঠোৰ পৰিশ্ৰমৰ ভিত্তিত আজি এই পদবী লাভ কৰিছে ।

অনুৰাগ কাশ্যপৰ আজি ৫১ সংখ্যক জন্মদিন। এই পৰ্যন্ত ৪টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে অনুৰাগ কাশ্যপে । চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাটো অনুৰাগৰ শৈশৱৰ সপোন আছিল। সেয়েহে, মা-দেউতাকৰ সপোন এৰি তেওঁ নিজৰ সপোনক অনুসৰণ কৰি আজি এই পৰ্যায়ত উপনীত হৈছে । অনুৰাগ কাশ্যপৰ জন্মদিনত আমি তেওঁৰ শৈশৱৰ পৰা এতিয়ালৈকে তেওঁৰ বিষয়ে সকলো জানো আহক ৷ লগতে প্ৰযোজকগৰাকীৰ জীৱনৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ কথাও জানি লওক এই প্ৰতিবেদনত ৷

বিজ্ঞানী হ’ব বিচাৰিছিল অনুৰাগে

অনুৰাগ কাশ্যপৰ পিতৃ প্ৰকাশ সিং, প্ৰকাশ সিং পেছাত উত্তৰ প্ৰদেশ ৰাজ্যিক বিদ্যুৎ উৎপাদন নিগম লিমিটেডৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা আছিল । অনুৰাগ কাশ্যপে ডেৰাডুনৰ গ্ৰীণ স্কুল আৰু গোাৱলিয়ৰৰ সিন্ধিয়া স্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত অধিক অধ্যয়নৰ বাবে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ হন্সৰাজ কলেজত নামভৰ্তি কৰে । ইয়াৰ পিচত তেওঁ থিয়েটাৰত যোগদান কৰে। উল্লেখ্য যে অনুৰাগ কাশ্যপে স্কুলীয়া দিনৰে পৰাই চলচ্চিত্ৰ উদ্যোগটোৰ প্ৰতি আকৰ্ষিত আছিল । কিন্তু সমান্তৰালকৈ এজন বিজ্ঞানী হ’ব বিচাৰিছিল অনুৰাগ কাশ্যপে ৷ কিন্তু পিছলৈ তেওঁ নিজৰ মন সলনি কৰি ১৯৯৩ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাচত ‘জন নাট্য মঞ্চ’ত এটা বাটৰ নাট্যগোষ্ঠীত যোগদান কৰে।

ঘৰৰ পৰা মুম্বাইলৈ পলায়ন কৰিছিল

অনুৰাগ কাশ্যপে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি মাত্ৰ ১০ দিনতে ৫৫ খনতকৈও অধিক ছবি চায় । এই সময়ছোৱাত ভিট্টোৰিয়া ডি চিকাৰ ছবি ‘বাইচাইকেল থিভছ’ৰ দ্বাৰা তেওঁ বহু পৰিমাণে প্ৰভাৱিত হৈছিল আৰু তাৰ পিচত তেওঁ ছবি নিৰ্মাণৰ সিদ্ধান্ত লয় । সপোন পূৰণৰ বাবে তেওঁ ১৯৯৩ চনত ৫ হাজাৰ টকা লৈ ঘৰৰ পৰা ওলাই আহিছিল সপোনৰ চহৰ মুম্বাইলৈ । অনুৰাগ কাশ্যপৰ বিবাহিত জীৱনৰ কথা ক’বলৈ গ’লে তেওঁৰ প্ৰথম বিবাহ আৰতি বাজাজৰ সৈতে হৈছিল যদিও পিছলৈ তেওঁ অভিনেত্ৰী কল্কি ক’চলিনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। অৱশ্যে কলকী আৰু অনুৰাগৰ বিবাহ বিচ্ছেদ হৈছে ৷

লগতে পঢ়ক: Actresses who played mother to older actors: নিজৰ বয়সতকৈ ডাঙৰ অভিনেতাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে এইসকল অভিনেত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.