ETV Bharat / entertainment

Neeraj Chopra wins Gold : পুনৰ এবাৰ নীৰজ চোপ্ৰাই ৰচিলে ইতিহাস, বলীউডৰ তাৰকাই জ্ঞাপন কৰিলে অভিনন্দন

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 1:09 PM IST

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰি নীৰজ চোপ্ৰাই ইতিহাসৰ পৃষ্ঠাত সন্নিৱিষ্ট কৰিলে নিজৰ নাম ৷ এতিয়া নীৰজৰ এই বিজয় বলীউডৰ বহু তাৰকাই অভিনন্দন জ্ঞাপন কৰিছে ।

Anupam Kher and other celebs Congratulate Neeraj Chopra wins historic World Athletics Championships gold in javelin final
নীৰজ চোপ্ৰাক অভিনন্দন তাৰকাসকলৰ

চিটাৰা ডেস্ক, ২৮ আগষ্ট: পুনৰ এবাৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে ট্ৰেক এণ্ড ফিল্ড এথলীট নীৰজ চোপ্ৰাই ৷ শেহতীয়াকৈ বুডাপেষ্টত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত জেভেলিন থ্ৰ’ত স্বৰ্ণ পদক অৰ্জন কৰি পুনৰবাৰ ইতিহাসৰ সৃষ্টি কৰিছে ৷ দ্বিতীয় ৰাউণ্ডত ৮৮.১৭ মিটাৰ নিক্ষেপ কৰি স্বৰ্ণ পদক দখল কৰি পুনৰবাৰ ভাৰতবাসীক গৌৰৱান্বিত কৰিছে নীৰজ চোপ্ৰাই ।

নীৰজ চোপ্ৰাৰ এই ঐতিহাসিক বিজয়ৰ লগে লগে আকৌ এবাৰ সমগ্ৰ দেশত সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ ৷ নীৰাজৰ এই ঐতিহাসিক বিজয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বহু ৰাজনৈতিক নেতা, ব্যৱসায়িক, ক্ৰীড়া আৰু মনোৰঞ্জনৰ বহু লোকে অভিনন্দন জ্ঞাপন কৰিছে । একে সময়তে অনুপম খেৰ আৰু ফাৰহান আখতাৰৰ দৰে তাৰকায়ো নীৰজক এই জয়ৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ।

২৮ আগষ্টত অৰ্থাৎ আজি অনুপম খেৰে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত নীৰজ চোপ্ৰাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ ভিডিঅ’টোত নীৰজক জেভলিন থ্ৰ’ কৰা পৰিলক্ষিত হৈছে ৷ ভিডিঅ’টো শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখিছে, ‘নীৰাজ চোপ্ৰা কি জয়, ভাৰত মাতা কি অৰ ভি জয় !’।

ইফালে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ফাৰহান আখতাৰে নীৰাজলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছিল । কেৱল ফাৰহান আখতাৰেই নহয় সমগ্ৰ দেশবাসীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নীৰজ চোপ্ৰাক শুভেচ্ছা জ্ঞাপন কৰিছে ৷

আনফালে দক্ষিণ তাৰকা নাগাবাবু কনিডেলাইও নীৰজ চোপ্ৰাক টেগ কৰি এক্স একাউণ্টত অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে । বলীউডৰ জনপ্ৰিয় অভিনেতা কে কে মেননেও ছ’চিয়েল মিডিয়াত নীৰজ চোপ্ৰাক তেওঁৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।

উল্লেখ্য যে নীৰজ চোপ্ৰাই তেওঁৰ ঐতিহাসিক বিজয়ৰ বাবে দেশবাসীক ধন্যবাদ জ্ঞাপন কৰিছে । ইয়াৰ লগতে ছ’চিয়েল মিডিয়াত খেলৰ তাৰকাগৰাকীয়ে নিজৰ জয়ৰ ছবিও শ্বেয়াৰ কৰিছে।

লগতে পঢ়ক: Chandrayaan 3: সহজ সৰল ভাৰতীয় লুকত চন্দ্ৰযান ৩ৰ মহিলা বিজ্ঞানীসকল; কংগনা ৰানাৱটে প্ৰশংসাত ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.