চিটাৰা ডেস্ক, ৩ ডিচেম্বৰ: ৰণবীৰ কাপুৰৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘এনিমেল’ অৱশেষত ছবিগৃহত মুক্তি পালে । অনুৰাগীয়ে ছবিখনৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল । ছবিখনৰ প্ৰথম লুকে অনুৰাগীক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পিচত যেতিয়া ছবিখনৰ গীত আৰু ট্ৰেইলাৰ মুক্তি লাভ কৰিছিল, তেতিয়া এই ছবিখনক লৈ ব্যাপক উচাহ বৃদ্ধি পাইছিল অনুৰাগীৰ মাজত । বহু অপেক্ষাৰ অন্তত অৱশেষত ১ ডিচেম্বৰত মুক্তি পালে ছবিখন আৰু এতিয়া দৰ্শকে যথেষ্ট মৰম দিয়া পৰিলক্ষিত হৈছে ছবিখনক ।
- " class="align-text-top noRightClick twitterSection" data="">
ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি, এনিমেলে প্ৰথম দিনাই বক্স অফিচত ৬৩.৮ কোটি টকাৰ ব্যৱসায় কৰিছিল আৰু ইয়াৰ লগে লগে এই ছবিখন ৰণবীৰ কাপুৰৰ কেৰিয়াৰৰ সৰ্বোচ্চ উপাৰ্জনেৰে মুকলি হোৱা ছবি হিচাপে পৰিগণিত হৈছে । দ্বিতীয় দিনা ছবিখনে ৬৬.৫৯ কোটি টকা উপাৰ্জন কৰে । এতিয়া তৃতীয় দিনাৰ প্ৰাৰম্ভিক উপাৰ্জন পোহৰলৈ আহিছে, সেই অনুসৰি তৃতীয় দিনা ৬৮ কোটি সংগ্ৰহ কৰিব পাৰে ছবিখনে ৷ অৱশ্যে এয়া প্ৰাৰম্ভিক অনুমান হে, অফিচিয়েল ৰিপ’ৰ্টত কিছু সাল সলনি হ’ব পাৰে ৷
-
#Animal is on a rampage, rewriting box office history! 🔥
— Ramesh Bala (@rameshlaus) December 3, 2023 " class="align-text-top noRightClick twitterSection" data="
This #BhushanKumar production and #SandeepReddyVanga directorial and #RanbirKapoor starrer rakes in a whopping *236 CR* in 2 days worldwide leaving the audience stunned by impactful performances by #RanbirKapoor… pic.twitter.com/lGcN4iRLNu
">#Animal is on a rampage, rewriting box office history! 🔥
— Ramesh Bala (@rameshlaus) December 3, 2023
This #BhushanKumar production and #SandeepReddyVanga directorial and #RanbirKapoor starrer rakes in a whopping *236 CR* in 2 days worldwide leaving the audience stunned by impactful performances by #RanbirKapoor… pic.twitter.com/lGcN4iRLNu#Animal is on a rampage, rewriting box office history! 🔥
— Ramesh Bala (@rameshlaus) December 3, 2023
This #BhushanKumar production and #SandeepReddyVanga directorial and #RanbirKapoor starrer rakes in a whopping *236 CR* in 2 days worldwide leaving the audience stunned by impactful performances by #RanbirKapoor… pic.twitter.com/lGcN4iRLNu
ছেকনিল্কৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৰণবীৰ কাপুৰ অভিনীত ছবিখন মুক্তিৰ তৃতীয় দিনাও বক্স অফিচত ছুনামীৰ সৃষ্টি কৰিছে । তৃতীয় দিনা এনিমেলে উপাৰ্জন কৰিব পাৰে ৬৮ কোটি টকা । ইয়াৰে কেৱল হিন্দী সংস্কৰণৰে উপাৰ্জন ৬৩ কোটি টকা হ’ব পাৰে । যদি এনেকুৱা হয় তেন্তে মাত্ৰ তিনিদিনৰ ভিতৰতে ছবিখনে ঘৰুৱা বক্স অফিচত ২০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰাৰ অতি ওচৰ চাপিব ।
- " class="align-text-top noRightClick twitterSection" data="">
এনিমেলৰ কাহিনী
সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালিত ‘এনিমেল’ ছবিখন পিতৃ-পুত্ৰৰ বিৰক্তিকৰ সম্পৰ্কৰ এক অনন্য কাহিনী । ছবিখনত অনিল কাপুৰ আৰু ৰণবীৰ কাপুৰক পিতৃ-পুত্ৰৰ চৰিত্ৰত দেখুওৱা হৈছে । ৰশ্মিকা মন্দন্নাৰ সৈতে ৰণবীৰৰ কেমিষ্ট্ৰীও আচৰিত ধৰণৰ দেখুওৱা হৈছে ছবিখনত । ইয়াৰ উপৰিও ববি দেওলৰ চৰিত্ৰই অনুৰাগীক আপ্লুত কৰিবলৈ সক্ষম হৈছে । মুঠৰ ওপৰত ৰণবীৰ কাপুৰৰ কেৰিয়াৰত ব্লকবাষ্টাৰ হিট হ’বলৈ সাজু হৈছে এই ছবিখন ।
লগতে পঢ়ক: ছবিগৃহত টিকটৰ নাটনি, এতিয়া ২৪/৭ ছবিগৃহত চলিব এনিমেলৰ দৰ্শনী