চিটাৰা ডেস্ক, ৯ জানুৱাৰী: বলীউডৰ জনপ্ৰিয় প্ৰেমিক যুগল অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা । বিগত বহু বছৰ ধৰি প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাই আছে অৰ্জুন-মালাইকা ৷ কিন্তু কিছুদিনৰ পৰা দুয়োৰে বিচ্ছেদৰ খবৰ বিয়পি পৰিছিল ছ’চিয়েল মিডিয়াত । অৰ্জুন আৰু মালাইকাৰ বিচ্ছেদৰ খবৰ ওলোৱাৰ লগে লগে অনুৰাগীয়ে জানিবলৈ আগ্ৰহী হৈ পৰিছিল যে এই খবৰ সঁচা নে মিছা । এতিয়া অৰ্জুনে ব্ৰেকআপৰ খবৰৰ অন্ত পেলাইছে । অভিনেতাগৰাকীয়ে মালাইকাৰ প্ৰতি থকা প্ৰেম বিশেষভাৱে প্ৰকাশ কৰিছে । অৰ্জুনে নিজৰ লেডিলাভৰ বাবে ঝলক দিখলা জাৰ চেটলৈ সুস্বাদু খাদ্য পঠিয়াইছে । যাৰ বাবে ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।
ফাৰাহ খানে যোৱা ৮ জানুৱাৰীত ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল । য’ত তেওঁক ঝলক দিখলা জাৰ ক্ৰুৰ সৈতে খাদ্য উপভোগ কৰা দেখা গৈছিল । দৰাচলতে মালাইকা অৰোৰাৰ অনুৰোধত অৰ্জুন কাপুৰে ঝলক দিখলা জাৰ চেটলৈ বিশেষ খাদ্য পঠিয়াইছিল ।
ভিডিঅ’টোত ফাৰাহ খানে কয় যে অৰ্জুনে আলুৰ তৰকাৰী, ৰাজমাহ, মাটন পোলাও আৰু বহুতো সুস্বাদু খাদ্য পঠিয়াইছে । ফাৰাহে কয়- মালাইকা জীয়ে নিজেই অৰ্জুনক ফোন কৰি ঘৰৰ পৰা খাদ্য পঠিয়াবলৈ কৈছিল । গতিকে অৰ্জুন, এই খাদ্যৰ বাবে ধন্যবাদ ।
ভিডিঅ’টোত ফাৰাহে সমগ্ৰ অভিনেতা-অভিনেত্ৰীক খাদ্য উপভোগ কৰা দেখুৱাইছে । ভিডিঅ’টোত দেখা গৈছে ৰবীনা টেণ্ডন, ঋতৱিক ধনজনী, সিদ্ধাৰ্থ দে আৰু যুজবেন্দ্ৰ চাহালক । শেহতীয়াকৈ ইয়াত অংশগ্ৰহণ কৰিছিল যুজবেন্দ্ৰৰ পত্নী ধনশ্ৰীয়ে ।
উল্লেখ্য যে, মালাইকা আৰু অৰ্জুনৰ ব্ৰেকআপৰ খবৰ এয়াই প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বেও বহুবাৰ দুয়োৰে ব্ৰেকআপৰ খবৰ আহিছিল ৷ অৱশ্যে এই যুটিটোৱে এই খবৰবোৰত সদায়ে ফুলষ্টপ লগাই আহিছে ৷
ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে মালাইকা অৰোৰাক বৰ্তমান ডান্স ৰিয়েলিটি শ্ব’ ঝলক দিখলা জাৰ বিচাৰক হিচাপে দেখা গৈছে । অৰ্জুন কাপুৰৰ কথা ক’বলৈ গ’লে তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল কুট্টে ছবিখনত ।
লগতে পঢ়ক: বাগদান হ’ব নেকি ৰশ্মিকা-বিজয়ৰ ?