চিটাৰা ডেস্ক, 23 নৱেম্বৰ: বলীউডৰ অন্যতম প্ৰতিভাৱান অভিনেত্ৰী আলিয়া ভাট । আলিয়া ভাটে নিজৰ কেৰিয়াৰত এতিয়ালৈকে বহু ছুপাৰ ডুপাৰ হিট ছবি দিছে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ‘গংগুবাই কাথিয়াৱাড়ী’ ছবিখনত কৰা জোৰদাৰ অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে । এই সকলোবোৰৰ মাজতে শেহতীয়াকৈ মুম্বাইৰ ছেইণ্ট ৰেজিছ হোটেলত জিকিউৰ মেন অৱ দ্য ইয়েৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গৈছিল আলিয়া ভাটক । এই সময়চোৱাত পাপাৰাজীয়ে আলিয়াক তেওঁৰ ব্যতিক্ৰমী নামেৰে মাতিবলৈ লয়, ইয়াৰ পিচতে আলিয়াই দিয়ে এনে প্ৰতিক্ৰিয়া ।
উল্লেখ্য যে, জিকিউৰ মেন অৱ দ্য ইয়েৰ অনুষ্ঠানত অতি গ্লেমাৰাছ অৱতাৰত উপস্থিত হয় আলিয়া ভাট । মেৰুণ ৰঙৰ প্লেছুটত মেচিং হিল আৰু ষ্ট্ৰেইট চুলিত অভিনেত্ৰীগৰাকীক অতি ধুনীয়া দেখা গৈছিল । আলিয়াই এই সাজ-পোছাকৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰে । এই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে পাপাৰাজীৰ সন্মুখত পোজ দিয়ে । ইফালে আলিয়াক এই লুকত দেখি পাপাৰাজীয়ে আলিয়াক কিছু ব্যতিক্ৰমী নামেৰে মাতিবলৈ লয় ৷ দৰাচলতে আলিয়াক পাপাৰাজীয়ে আলু জী নামেৰে মাতিবলৈ লয় ৷ কিন্তু পাপাৰাজীৰ এনে কাণ্ডত কিছু বিৰক্তি পায় আলিয়াই ৷ ইয়াৰ পিচত পাপাৰাজীক আলিয়াই কয়, "কি নতুন আৰম্ভ হৈছে আলু জী ?" ইফালে আলিয়াৰ এই লুকৰ প্ৰশংসা কৰে অনুৰাগীয়ে ৷
আলিয়া ভাটৰ ৱৰ্ক ফ্ৰন্ট
আলিয়া ভাটৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে কৰণ জোহৰৰ ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ত ৰণবীৰ সিঙৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা গৈছিল । এই ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন আগবঢ়াইছিল । বৰ্তমান আলিয়াই বসন বালাৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া পৰৱৰ্তী ছবি ‘জিগ্ৰা’ৰ শ্বুটিং কৰি আছে । এই ছবিখনত আলিয়া কেৱল মুখ্য নায়িকা নহয়, কৰণ জোহৰৰ সৈতে এই ছবিখন সহ-প্ৰযোজনাও কৰিছে আলিয়াই ।
লগতে পঢ়ক: হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিল ভূমি পেডনেকাৰৰ, হাস্পতালৰ বিচনাৰ পৰাই অনুৰাগীক জনালে আহ্বান