চিটাৰা ডেস্ক, 18 অক্টোবৰ: মঙলবাৰে দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হৈ যায় 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিতৰণী অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকি সকলোকে আচৰিত কৰি তুলে বলীউডৰ ‘গংগুবাই’ আলিয়া ভাটে । এই সন্মানীয় অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা গ্ৰহণ কৰিবলৈ আলিয়াই পৰিধান কৰিছিল নিজৰ বিয়াৰ শাৰী । কিন্তু আলিয়াই কিয় বিবাহৰ শাৰীখন বঁটা প্ৰদান অনুষ্ঠানত পৰিধান কৰিছিল ইয়াকে লৈ ছ’চিয়েল মিডিয়া চৰ্চা আৰম্ভ হয় ৷ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ প্ৰশ্ন কিয় আলিয়াই বিয়াৰ শাৰী পৰিধান কৰিছে ৷ বঁটা প্ৰদান অনুষ্ঠানৰ অন্তত অভিনেত্ৰীগৰাকীয়ে সকলোৰে কৌতুহলৰ অন্ত পেলাই প্ৰকাশ কৰিলে ইয়াৰ আঁৰৰ কাৰণ ৷
বঁটা লাভ কৰাৰ কেইঘণ্টামানৰ পাচত আলিয়াই নিজৰ ইনষ্টাগ্ৰামত এটা ষ্ট’ৰী শ্বেয়াৰ কৰে ৷ য’ত সব্যসাচীয়ে ডিজাইন কৰা আইবৰী শাৰীখন কিয় বঁটা বিতৰণী অনুষ্ঠানত পৰিধান কৰিছিল এই কথা প্ৰকাশ কৰে ৷ শাৰীখনৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে , ‘‘এটা বিশেষ দিনত এটা বিশেষ সাজ-পোছাকৰ প্ৰয়োজন আৰু কেতিয়াবা সেই বিশেষ সাজ-পোছাক ইতিমধ্যে আপোনাৰ ওচৰত থাকে । এসময়ত যিটো বিশেষ আছিল সেয়া আকৌ বিশেষ হ’ব পাৰে । আৰু তাৰ পিচত ।’’
আলিয়াই তেওঁৰ স্বামী ৰণবীৰৰ সৈতেও কিছু ছবি শ্বেয়াৰ কৰে । ৰণবীৰে ক’লা বন্ধগালা ব্লেজাৰ পৰিধান কৰি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । এখন ছবিত আলিয়াই গৌৰৱেৰে নিজৰ পদক দেখুৱাই থকাৰ বিপৰীতে ৰণবীৰে দুয়োৰে চেলফি লয় ৷ ৰণবীৰৰ সৈতে খোজ কাঢ়ি যোৱাৰো এখন ফটো শ্বেয়াৰ কৰে আলিয়াই । ফটোকেইখন শ্বেয়াৰ কৰি আলিয়াই কেপচনত লিখিছিল, ‘‘এখন ফটো, এটা মুহূৰ্ত, জীৱনৰ বাবে এটা স্মৃতি ।’’
মাতৃ ছোনী ৰাজদান আৰু শাহু মাক নীতু কাপুৰে প্ৰশংসা কৰে
আলিয়াৰ মাতৃ ছোনী ৰাজদান আৰু শাহু মাক নীতু কাপুৰে আলিয়াৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গ’ল । নীতুৱে ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘‘গৌৰৱান্বিত, অতি গৌৰৱান্বিত আলিয়া ভাট, ভগৱানে আপোনাক আশীৰ্বাদ কৰক।’’ ইফালে মাতৃ ছোনীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, ‘‘মোৰ প্ৰিয় আলিয়া, ৰাষ্ট্ৰীয় বঁটাৰ বাবে আপোনাক অভিনন্দন । এই সকলোবোৰ আপোনাৰ কলাৰ প্ৰতি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্পণৰ ফল । সঁচাকৈয়ে আমাৰ সকলোৰে বাবে এইটো এটা গৌৰৱৰ মুহূৰ্ত । কৃতজ্ঞতা আৰু মৰম ।’’
‘গংগুবাই কাঠিয়াৱাড়ী’ৰ বাবে আলিয়াই লাভ কৰে এইসমূহ বঁটা
‘গংগুবাই কাঠিয়াৱাড়ী’ত আলিয়াৰ তাৰকাময় অভিনয়ৰ বাবে IIFA 2023 আৰু ফিল্মফেয়াৰ বঁটা 2023 ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে । পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে ‘গংগুবাই কাঠিয়াৱাড়ী’ ছবিৰ বাবে শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে ।